মৰিগাঁও জিলা আয়ুক্ত নিৰ্দেশ : মহিলা কৰ্মচাৰীক অশালীন ইংগিত দিয়া বিষয়াক গ্ৰেপ্তাৰ

মৰিগাঁও জিলা আয়ুক্ত নিৰ্দেশ : মহিলা কৰ্মচাৰীক অশালীন ইংগিত দিয়া বিষয়াক গ্ৰেপ্তাৰ

Published on

ডিজিটেল সংবাদ,মৰিগাঁও : মৰিগাঁও জিলা আয়ুক্ত নিৰ্দেশত মহিলা কৰ্মচাৰীক অভৱ্য আচৰণ তথা অশালীন ইংগিত দিয়া বিষয়াক গ্ৰেপ্তাৰ শুকুৰবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ জানিব পৰা মতে বিষয়াগৰাকী মৰিগাঁও হস্ততাঁত ও বস্ত্ৰশিল্প বিভাগৰ অধীক্ষক ৰাবুল শইকীয়া ৷

উল্লেখ্য যে নিজ কাৰ্যালয়ৰ মহিলা কৰ্মচাৰীক অশালীন ইংগিত দিয়াৰ লগত দীৰ্ঘদিনৰ পৰা কৰি আহিছিল মানসিক হাৰাশাস্তি ৷ অভিযোগ অনুসৰি নিকৃষ্ট মনোবৃত্তিৰ বিষয়া ৰাবুল শইকীয়াই মহিলা সহকৰ্মী গৰাকীক সুবিধা বুজি সহায় কৰা চলেৰে বিভিন্ন সময়ত কৰি আহিছিল অভৱ্য আচৰণ ৷

ভুক্তভোগী মহিলাগৰাকীয়ে সমগ্ৰ ঘটনাৰ বিষয়ে জনাইছিল মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক ৷ জিলা আয়ুক্ত শৰ্মাই মৰিগাঁও আৰক্ষী চমজি দিয়ে লম্পট ৰাবুল শইকীয়াক ৷ সম্প্ৰতি মৰিগাঁও সদৰ থানাৰ আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

মৰিগাঁও জিলা আয়ুক্ত নিৰ্দেশ : মহিলা কৰ্মচাৰীক অশালীন ইংগিত দিয়া বিষয়াক গ্ৰেপ্তাৰ
ক্ৰিকেটৰ নিতীশ কুমাৰ...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in