মৰিগাঁও জিলা দিৱসৰ আজি সামৰণি...

যুৱ-প্ৰেৰণাদায়ক অনুষ্ঠানত মৰিগাঁও জিলাৰ অৰ্থনৈতিক বিকাশৰ সম্ভাৱনাৰ ওপৰত আলোকপাত
মৰিগাঁও জিলা দিৱসৰ আজি সামৰণি...
Published on
Updated on

ডিজিটেল সংবাদ,মায়ংঃ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা মৰিগাঁও জিলা দিৱসৰ আজি সফল সামৰণি পৰে। ১৪ অক্টোবৰ দিনা মৰিগাঁও সদৰ,চাৰণ বিলৰ পাৰ,জাগীৰোড মহাবিদ্যালয় আৰু লাহৰীঘাটত অনুষ্ঠিত কৰা জিলা দিৱসৰ প্ৰতিটো কাৰ্যসূচী সফল ভাবে অনুষ্ঠিত হৈ যোৱাৰ পিছত আজি দ্বিতীয় দিনাও জিলা খনৰ কেইবাঠাইতো অনুষ্ঠিত হয় ভিন্ন কাৰ্যসূচী। মৰিগাঁও জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ তত্বাৱধানত আজি জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় "মৰিগাঁও জিলাৰ অৰ্থনৈতিক বিকাশৰ সম্ভাৱনাক" লৈ যুৱ সমাৰোহ।

জিলাখনৰ অৰ্থনৈতিক বিকাশ আৰু উন্নয়নৰ দিশত শিক্ষাৰ্থী তথা নৱ প্ৰজন্মক অনুপ্ৰাণিত আৰু নিয়োজিত কৰাৰ লক্ষ্যৰে এই অনুষ্ঠানৰ আয়োজন কৰা হয়।জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত আয়ুক্তগৰাকীয়ে প্ৰেৰণাদায়ক ভাষণ প্ৰদান কৰি শিক্ষাৰ্থীসকলক অঞ্চলটোৰ অগ্ৰগতিৰ ক্ষেত্ৰত সক্ৰিয় অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।প্ৰতিজন বক্তাই জিলাখনৰ অৰ্থনৈতিক বিকাশৰ দিশসমূহৰ ওপৰত নিজৰ অন্তৰ্দৃষ্টি ভাগ-বতৰা কৰাৰ লগতে কৃষি, পৰ্যটন, আৰু ক্ষুদ্ৰ উদ্যোগৰ দৰে ক্ষেত্ৰসমূহৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে।

সভাত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে ছাত্ৰ - ছাত্ৰীসকলক উদ্ভাৱন, শিক্ষা, আৰু উদ্যোগীকৰণক আঞ্চলিক অৰ্থনৈতিক উন্নয়নৰ আহিলা হিচাপে আকোৱালি লোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত নিজৰ নিজৰ জীৱনৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি জ্ঞানগৰ্ভ বক্তব্য প্ৰদান কৰে। জিলাখনৰ অৰ্থনীতি উন্নীতকৰণত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পৰা পৰিৱেশ পৰ্যটন আৰু স্থানীয় কাৰুকাৰ্য্যকে ধৰি জিলাখনৰ ভিতৰতে থকা অনাদৃত সুযোগসমূহৰ বিষয়েও বিশিষ্ট ব্যক্তিসকলে আলোচনা কৰে।

জিলা আয়ুক্তগৰাকীয়ে তেওঁৰ ভাষণত অৰ্থনৈতিক পৰিৱৰ্তনক আগুৱাই নিয়াত শিক্ষা আৰু দক্ষতা বিকাশৰ ভূমিকাৰ ওপৰত গুৰুত্ব দি প্ৰদান কৰা বক্তব্যত ছাত্ৰ- ছাত্ৰীসকলক নিজ নিজ সম্ভাৱনাক সৎ ব্যৱহাৰ কৰি জিলাখনৰ শ্ৰীবৃদ্ধিত অৰিহণা যোগাবলৈ আহ্বান জনায়।তদুপৰি জিলা আয়ুক্তগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক কেৱল চৰকাৰী চাকৰিয়ে যে সকলো নহয় তাৰ ওপৰতো নিজৰ মনোভাৱ প্ৰকাশ কৰে। তেওঁ কয় যে সফল ব্যৱসায় গঢ়ি তোলা আৰু উদীয়মান খণ্ডসমূহত প্ৰৱেশ কৰিলে কেৱল ব্যক্তিগত শ্ৰীবৃদ্ধিয়েই নহয়, অৰ্থনীতি শক্তিশালী হয় আৰু আনৰ বাবে সুযোগৰো সৃষ্টি হয়।

তেওঁ ছাত্ৰ - ছাত্ৰীসকলক চাকৰি বিচৰাতকৈ উদ্ভাৱক , চাকৰি সৃষ্টিকৰ্তা হ’বলৈ আৰু অধিক সমৃদ্ধিশালী তথা আত্মনিৰ্ভৰশীল হৈ জাতি এটাক আগবঢ়াই নিয়াত অৰিহণা যোগাবলৈ অনুপ্ৰাণিত কৰে।উল্লেখযোগ্য যে জিলাখনৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সন্মুখত বিশিষ্ট বক্তি সকলে প্ৰেৰণাদায়ক বক্তব্য আগবঢ়ায়।

আজিৰ অনুষ্ঠানত আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, অতিৰিক্ত জিলা আয়ুক্ত সংগীতা বৰঠাকুৰ, ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ সহকাৰী অধ্যাপক ড° দেবাংগ ৰাজ নেওগ, মায়ং মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° উৎপল নাথ, বিখ্যাত সমাজকৰ্মী মিলেশ্বৰ পাটৰ, বিদ্যালয় পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াকে ধৰি বহুগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । আনহাতে বিয়লিৰ ভাগত বৰঙাবাৰী স্থিত মতিৰাম বৰা আদৰ্শ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত জিলা দিৱস উপলক্ষে ছোৱালীৰ প্ৰীতি ফুটবল খেল এখনিও অনুষ্ঠিত হয়।

নিশাৰ ভাগত "জিলিকাব লুইতৰে পাৰ" বিষয়বস্তু হিচাপে লৈ ৩৬ সংখ্যক জিলা দিৱসৰ আৰম্ভ হয়। আজি সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠানৰ মুখ্য আকৰ্ষণ জনপ্ৰিয় কণ্ঠ শিল্পী অসমবাসীৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গৰ সংগীতানুষ্ঠান। ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াৰ মঞ্চতে মৰিগাঁও জিলা দিৱসৰ স্মৃতিগ্ৰন্থ জিলিকাব লুইতৰে পাৰ ৰ ই- সংস্কৰণ মুকলি কৰে মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশিস শৰ্মাই।

মৰিগাঁও জিলা দিৱসৰ আজি সামৰণি...
বাছ,ৰে'ল,উৰা জাহাজ সকলো বন্ধঃ বানত অচল চেন্নাইৰ পৰিবহন ব্যৱস্থা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in