মৰিগাওঁ জিলা দিৱস উপলক্ষে জাগীৰোড কলেজত মনোজ্ঞ আলোচনা সম্পন্ন

''অৰ্থনৈতিক পৰিৱৰ্তনৰ বাবে মৰিগাওঁ জিলাৰ অলেখ সম্ভাৱনা" শীৰ্ষক আলোচনা সম্পন্ন
মৰিগাওঁ জিলা দিৱস উপলক্ষে জাগীৰোড কলেজত মনোজ্ঞ আলোচনা সম্পন্ন
মৰিগাওঁ জিলা দিৱস উপলক্ষে জাগীৰোড কলেজত মনোজ্ঞ আলোচনা সম্পন্ন
Published on
Updated on

ডিজিটেল সংবাদ জাগীৰোডঃ "অসমীয়া জাতিটোৱে বহু দেৰীকৈহে অৰ্থনৈতিক কথা-বতৰা পাতিবলৈ আৰম্ভ কৰিছে। অথচ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক সেই শিক্ষা পাঁচশ বছৰ আগতেই দিছিল। ভৱিষ্য-দৰ্শনলৈ আমি উৎপাদন, বাণিজ্য, বিপণনত আগবাঢ়ি গ'লে মৰিগাওঁ জিলাই অৰ্থনৈতিক দিশত স্বাৱলম্বী হ'ব পাৰিব। তাৰ বাবে লাগিব ভৱিষ্যদৰ্শন। বিশ্ব তথা দেশৰ সামূহিক পৰিৱেশৰ সমতা ৰক্ষাৰ ক্ষেত্ৰত ভৱিষ্যতে বিশেষ বাণিজ্যিক গুৰুত্ব লাভ কৰা ইথানলৰ উৎপাদনৰ কেচামাল হৈছে কুহিয়াৰৰ পেলনীয়া অংশ। ইয়াৰ উৎপাদনৰ বাবে প্ৰয়োজন নৈৰ অৱবাহিকা অঞ্চল। এই বিষয়ত মৰিগাওঁ জিলাত ভালদৰে পৰিকল্পনা কৰি আগবাঢ়িলে জিলাখন চহকী হ'ব ভৱিষ্যৎৰ দিনত।" এই বক্তব্য বিশিষ্ট লিখক, বিশ্লেষক তথা অসম আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ ৰসায়ন বিভাগৰ সহকাৰী অধ্যাপক ড° প্ৰদ্যুম্ন গোস্বামীৰ।

মৰিগাওঁ জিলা দিৱস উপলক্ষে আজি জাগীৰোড মহাবিদ্যালয়ত অনুষ্ঠিত "মৰিগাওঁ জিলাৰ অৰ্থনৈতিক সম্ভাৱনা" বিষয়ত বক্তব্য প্ৰদান কৰি ড° গোস্বামীয়ে কয় যে, অনাগত দিনত অট'-মোবাইল খণ্ডত ব্যৱহাৰ হ'বলগীয়া মৰাপাটক লৈ মৰিগাওঁ জিলাই এতিয়াৰ পৰাই চিন্তা কৰি ব্যাপক হাৰত কৃষি কৰিলে অৰ্থনৈতিক সম্ভাৱনাৰ দুৱাৰ মুকলি হ'ব। কিয়নো মৰিগাওঁ জিলাৰ নৈ, বিল, জলাশয়ৰ কাষৰীয়া ভূমি এই কৃষিৰ বাবে অতি উপযোগী।

তেওঁ কয় যে, ভৱিষ্য-দৰ্শনলৈ সুপৰিকল্পিতভাৱে ভাৱে আগবাঢ়িলে আগন্তুক দহ, পোন্ধৰ বছৰৰ পিছত এনেবোৰ বিষয়ত মৰিগাওঁ জিলাবাসীয়ে অৰ্থনৈতিক দিশত স্বাৱলম্বী হ'ব পাৰিব। কাৰণ পৃথিৱীখনৰ দ্ৰুত পৰিৱৰ্তনৰ সৈতে খোজ মিলাব পাৰিব লাগিব।

জাগীৰোডত সাতাইছ হাজাৰ কোটি টকাৰ টাটাৰ বৃহৎ বিনিয়োগ হ'ব বুলি কোনেও ভবা নাছিল। কিন্ত স্বাধীনতাৰ পিছত অসমত এয়া সৰ্ববৃহৎ বিনিয়োগ হ'ল। আগন্তুক দিনত দেশত কাৰ্বন নিৰ্গমন ৰোধৰ বাবে পেট্ৰলত ইথানলৰ ব্যৱহাৰ আৰু অটোমবাইল ক্ষেত্ৰত মৰাপাটৰ ব্যৱহাৰৰ চাহিদা সুযোগতে স্বাৱলম্বী হোৱাৰ সুযোগ মৰিগাওঁ জিলাৰ কৃষকে কুঁহিয়াৰ আৰু মৰাপাটৰ খেতিৰ জৰিয়তে ল'ব পাৰে।

আলোচনা চক্ৰত মনোজ্ঞ আলোচনা আগবঢ়াই ড° গোস্বামীয়ে কয় যে, বিজ্ঞান সন্মত পদ্ধতিৰে মীন পালন কৰি মৰিগাওঁ জিলাৰ বিল জলাশয় সমূহত মীন উৎপাদন আৰু থলুৱা মাছৰ সংৰক্ষণ আৰু বিপণনৰ জৰিয়তে জিলাখনৰ অৰ্থনৈতিক ভাৱে চহকী হ'ব পাৰে।

তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয় যে, মীণ ক্ষেত্ৰত অত্যধিক ৰাসায়নিক সাৰ প্ৰয়োগৰ ফলত কেন্সাৰৰ প্ৰকোপ বাঢ়িছে। সেয়েহে এনে সময়ত এই দিশৰ প্ৰতিও প্ৰশাসন সজাগ হ'ব লাগে। তদুপৰি থলুৱা প্ৰজাতিৰ মাছৰ সংৰক্ষণৰ ওপৰতো চৰকাৰে গুৰুত্ব দি, বিলসমূহ তিনি, চাৰি বছৰৰ মূৰে মূৰে খন্দাৰ লগতে চাফা কৰাৰ ব্যৱস্থা কৰিব লাগে। বৰ্তমান মানুহ যথেষ্ট স্বাস্থ্য সচেতন হৈছে, এনে সময়ত থলুৱা মাছৰ সংৰক্ষণ আৰু বিপণনৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত মৰিগাওঁ জিলাৰ বহু সম্ভাৱনা আছে।

একেদৰেই অসমত চলি থকা গাহৰিৰ বৃহৎ বজাৰখনৰ চাহিদা বহিঃৰাজ্যই পূৰণ কৰে। জনজাতীয় বসতি প্ৰধান জিলা হিচাবে মৰিগাওঁ জিলাই গাহৰিৰ পালনত সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব পাৰে।

জিলাখনত থকা পৰ্যটন থলীসমূহৰ লগতে অলেখ সম্ভাৱনাক সজাই পৰাই মৰিগাওঁ জিলাত পৰ্যটনত চহকী হ'ব পৰাৰ প্ৰচুৰ সমল থকাৰ কথা আলোচনা চক্ৰখনত উল্লেখ কৰি ড° গোস্বামীয়ে এক সুন্দৰ বক্তৃতা আগবঢ়ায়। তেওঁ কয় যে, শেহতীয়া ভাৱে বনৌষধি উদ্ভিদৰ কৃষি এক লাভজনক ব্যৱসায় হৈছে। এই বিষয়তো মৰিগাওঁ জিলাত এক সম্ভাৱনাময় ক্ষেত্ৰ আছে।

উল্লেখ্য যে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আজি জিলা দিৱস উপলক্ষে জাগীৰোড মহাবিদ্যালয়ত "অৰ্থনৈতিক পৰিৱৰ্তনৰ বাবে মৰিগাঁও জিলাৰ সম্ভাৱনা" বিষয়ক আলোচনা চক্ৰ অনুষ্ঠিত হয়। আলোচনা চক্ৰৰ আৰম্ভণিতে জাগীৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ভবেন চন্দ্ৰ নেওগে আদৰণি ভাষণ আগবঢ়ায়।

মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশিস শৰ্মাই শুভেচ্ছামূলক বক্তব্য আগবঢ়াই ৩৬ সংখ্যক জিলা দিৱসৰ বিষয়বস্তু জিলিকাব লুইতৰে পাৰৰ বিষয়ে উল্লেখ কৰে। স্বাৱলম্বী নহ'লে জাতি জীয়াই নাথাকে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰতিটো চিন্তা আৰু কৰ্মই বিজ্ঞান সন্মত আৰু জাতিৰ অৰ্থনৈতিক দৃষ্টিভংগী সংপৃক্ত হৈ আছে। কিন্তু,আমি বহু পলমকৈ অৰ্থনৈতিক সম্ভাৱনাৰ বিষয়ে চিন্তা কৰিছোঁ। তদুপৰি তেওঁ মৰিগাঁও জিলাৰ অৰ্থনৈতিক সম্ভাৱনাৰ বিষয়ে বিস্তৃতভাৱে উল্লেখ কৰি ছাত্ৰ-ছাত্ৰীসকলক সপোন দেখিবলৈ আহ্বান জনাই সফলতাৰ আকাশ স্পৰ্শ কৰিবলৈ অনুপ্ৰাণিত কৰে।

আলোচনা চক্ৰত জাগীৰোড সমজিলাৰ আয়ুক্ত বিমান দাস, মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া, জাগীৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দিব্যজিৎ নেওগ, জিলা দিৱসৰ স্মৃতিগ্ৰন্থৰ সম্পাদক ড° অচ্যুত কুমাৰ দাস, বিশিষ্ট সমাজকৰ্মী প্ৰবীণ কুমাৰ ডেকা, মুনীন্দ্ৰ ডেকা, সীতা জখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ অধ্যক্ষ ৰঞ্জীৱ শৰ্মা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আলোচনা চক্ৰৰ পুৰ্বে পতাকা উত্তোলন কৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। তাৰ পিছতে পাঁচশৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে সমবেত সংগীত পৰিৱেশন কৰে।

মৰিগাওঁ জিলা দিৱস উপলক্ষে জাগীৰোড কলেজত মনোজ্ঞ আলোচনা সম্পন্ন
জোনাইত জন্ম হ'ল অসমৰ নতুন আঞ্চলিক ৰাজনৈতিক দল 'জন জাগৰণ অসম'...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in