ডিজিটেল সংবাদ,মৰিগাঁওঃ আহতগুৰি আঞ্চলিক খেলপথাৰত প্ৰতিবছৰৰ দৰে এইবাৰো প্ৰয়াত শিশুৰাম হাজৰিকা সোঁৱৰণী ফুটবল টুৰ্ণামেণ্ট অনুষ্ঠিত হয়। ব্যাপক আয়োজনেৰে বিগত ২৭ অক্টোবৰৰ পৰা অনুষ্ঠিত হোৱা ফুটবল টুৰ্ণামেণ্টৰ আজি চূড়ান্ত খেলখনত ৰূপাইবৰী হান্তাৰ ক্লাব আৰু নৱজ্যোতি ক্লাবৰ মাজত অনুষ্ঠিত হয়।
ৰূপাইবৰী হান্তাৰ ক্লাবে ৪-৩ গল ৰ ব্যৱধ্যানত নৱজ্যোতি ক্লাবক পৰাস্ত কৰি চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে। দলটোক নগদ ৫০ হাজাৰ টকাৰ ধন ৰাশিপ্ৰদান কৰা হয়। উল্লেখ্যযোগ্য যে, মৰিগাঁও জিলাৰ আহতগুৰিৰ সুসন্তান তথা অসম চৰকাৰৰ সুদক্ষ মন্ত্ৰী পীযুষ হাজৰিকাৰ পিতৃ প্ৰয়াত শিশুৰাম হাজৰিকাৰ সোঁৱৰণত এই ফুটবল প্ৰতিযোগিতাখন অনুষ্ঠিত হৈ আহিছে।
আজি সুন্দৰ পৰিবেশত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনত বিজয়ী আৰু বিজিত দলক ট্ৰফী আৰু পুৰষ্কাৰ প্ৰদান কৰে মাতৃ প্ৰমীলা হাজৰিকাই। অনুষ্ঠানটিত উপস্থিত থাকে সমাজকৰ্মী তথা মন্ত্ৰী গৰাকীৰ ভাতৃ নৃসিংহ হাজৰিকা। লগতে উপস্থিত থাকে আহতগুৰি ক্ৰীড়া সন্থাৰ বিষয়ববীয়াৰ লগতে বিশিষ্ট লোকসকল।
Also Read: মহিলাক সুৰক্ষা প্ৰদানত ব্যৰ্থ চৰকাৰঃ আপ