মৰিগাঁও জিলা আবৃত্তি পৰিষদৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা সম্পন্ন...

মৰিগাঁও জিলা আবৃত্তি পৰিষদৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা সম্পন্ন...

author-image
Asomiya Pratidin
New Update
মৰিগাঁও জিলা আবৃত্তি পৰিষদৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা সম্পন্ন...

মৰিগাঁও জিলা আবৃত্তি পৰিষদৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা সম্পন্ন...

ডিজিটেল সংবাদ মায়ংঃ অসম আবৃত্তি পৰিষদৰ অন্তৰ্ভুক্ত মৰিগাঁও জিলা আবৃত্তি পৰিষদৰ প্ৰথমখন কাৰ্যনিৰ্ৱাহক সভা বৃহস্পতিবাৰে নিশা ৮ বজাত প্ৰযুক্তিৰ সহায়ত অনুষ্ঠিত হয়। মৰিগাঁও জিলা আবৃত্তি পৰিষদৰ সভাপতি তথা লেখক ড° উৎপল নাথৰ সঞ্চালনাত অনুষ্ঠিত সভাখনৰ আঁত ধৰাৰ লগতে উদ্দেশ্য ব্যাখ্যা কৰে জিলা সমিতিৰ সম্পাদক নজৰুল ইছলামে।

সভাত অংশগ্ৰহণ কৰি অসম আবৃত্তি পৰিষদৰ মুখ্য আহ্বায়ক হীতেশ গোস্বামীয়ে আবৃত্তি পৰিষদ গঠন কৰাৰ লক্ষ্য -উদ্দেশ্য সন্দৰ্ভত বক্তব্য আগবঢ়ায়। আনহাতে অসম আবৃত্তি পৰিষদৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ড° দেৱাশীষ শইকীয়াই সভাত নৱগঠিত মৰিগাঁও জিলা আবৃত্তি পৰিষদক অনুমোদন জনাই সাংগঠনিক দিশত বিশদভাৱে বক্তব্য আগবঢ়ায়।

উল্লেখযোগ্য যে, মৰিগাঁও জিলা আবৃত্তি পৰিষদৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰি মৰিগাঁও জিলা আবৃত্তি পৰিষদৰ উদ্যোগত জুলাই মাহতেই আবৃত্তি বিষয়ক কৰ্মশালা অনুষ্ঠিত কৰিব লাগে বুলিও মত- পোষণ কৰে। সভাৰ আৰম্ভণিতে আবৃত্তিকাৰ জাহ্নৱী ডেকা আৰু ভূপেন নাথে দুটি কালজয়ী কবিতা আবৃত্তি কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

মৰিগাঁও জিলা আবৃত্তি পৰিষদৰ মুখপাত্ৰ ৰাজীৱ চহৰীয়াই শলাগৰ শৰাই আগবঢ়োৱা সভাখনত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। জিলাখনত ইতিমধ্য এখন শক্তিশালী সমিতি গঠন কৰি শাখা সমিতিসমূহ গঠন কৰাৰ কুচকাৱাজ আৰম্ভ কৰে।মৰিগাঁও জিলাৰ ১৪ টা অঞ্চলক সাঙুৰি লৈ ১৪ খন শাখা সমিতি গঠনৰ পৰিকল্পনা হাতত লোৱা হয়।

Also Read: গোৱালপাৰাত পুৱাই দুৰ্ঘটনাঃ থিতাতে নিহত ২ জন...

আবৃত্তি পৰিষদ