ডিজিটেল সংবাদ, মায়ং: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষনা কৰা বুলি যিমানেই দম্ভালি মাৰিছে সিমানেই দুৰ্নীতিয়ে ছানি ধৰিছে ৰাজ্য খনৰ কেইবাটাও বিয়াগোম বিভাগত। অসমত চৰকাৰী ঘৰ লাভ কৰা এজন হিতাধিকাৰীয়ে চৰকাৰী ঘৰ পোৱাৰ পিছতো প্ৰাণৰ ভাবুকিত নিজৰ ঘৰ এৰি দিব লগা হৈছে।
মৰিগাঁও জিলাৰ মায়ঙৰ বুৰগাও পঞ্চায়তৰ২ নং বুৰগাৱ নিতাই ৰয় নামৰ ব্যক্তিজনৰ লগত সংঘটিত হৈছে এই ঘটনা। ৯ মাহ পূৰ্বে এটা PMAY ঘৰ আবন্টন পাইছিল নিতাই ৰয়ে। কিন্তু এটা কিস্তিৰ ধন ৩২ হাজাৰ পোৱাৰ পিছত আৰু ধন মোকলাই নাপালে ব্যক্তিজনে। এই সন্দৰ্ভত গাঁও পঞ্চায়তৰ সভাপতি, সচিব, জিপিচিক জনোৱাৰ পিছতো একো সুফল নাপালে দৰিদ্ৰ সীমাৰেখাৰ তলৰ নিতাই ৰয়ে।
উল্লেখ্য যে, চৰকাৰী ঘৰটো আৱন্টন দিয়াৰ নামত ৫ হাজাৰ টকা বিছাৰিছিল ৱাৰ্ড সদস্য হাৰান মণ্ডলে। আৰু সেই টকা দিব নোৱাৰাৰ বাবেই পাব লগীয়া বাকী ২টা কিস্তি সদস্যজনে বন্ধ কৰি থোৱা বুলি অভিযোগ উত্থাপন কৰিছে নিতাই ৰয়ে।
অৱশেষত ঘৰৰ টকা নাপাই ঘৰ আধৰুৱা হৈ থকাত মায়ং উন্নয়ন খণ্ডৰ বিষয়া গৰাকীক লিখিত অভিযোগ দিয়ো কোনো ফল নাপালে ৰয়ে। উপায়ন্তৰ হৈ নিতাই ৰয়ে ৭ অক্টোবৰত আৰক্ষীৰ কাষ চাপে।
থানাত এজাহাৰ দাখিল কৰাৰ পিছতো আৰক্ষীৰ লোকৱ উপস্থিত নহল। আনহাতে গোচৰ দিয়াৰ খবৰ লাভ কৰাৰ পিছতেই উগ্ৰ হৈ পৰে ৱাৰ্ড সদস্য হাৰান মণ্ডল আৰু এটা গুণ্ডাবাহিনীৰ সহযোগত যোৱা ৮ অক্টোবৰৰ দিনা নিতাই ৰয়ৰ ঘৰত অনধিকাৰ প্ৰবেশ কৰি প্ৰচণ্ড মাৰপিট কৰে নিতাইৰ পৰিয়ালটোক। নিতাইৰ কলেজীয়া ছাত্ৰী গৰাকীয়ে পিতৃক আক্ৰমণ কৰা দেখি বাধা আৰোপ কৰিবলৈ চেষ্টা কৰোতে নিতাইৰ ছোৱালী জনীকো আক্ৰমণ কৰে দলটোৱে। সমগ্ৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত এতিয়া নিতাইৰ দুৰ্ভগীয়া পৰিয়ালটো প্ৰচণ্ড নিৰাপত্তাহীনতাত ভুগিছে।
Also Read: মৰিকলঙৰ ডকাইতিত জড়িত ২জনক গ্ৰেপ্তাৰ : উদ্ধাৰ বৃহৎ পৰিমাণৰ আ- অলংকাৰ