মৰিগাওঁ আৰক্ষীৰ বৃহৎ সফলতাঃ ১ কোটি ৭০ লাখ টকাৰ নিষিদ্ধ দ্ৰব্যসহ দুজনক গ্ৰেপ্তাৰ...

মৰিগাওঁ আৰক্ষীৰ বৃহৎ সফলতাঃ ১ কোটি ৭০ লাখ টকাৰ নিষিদ্ধ দ্ৰব্যসহ দুজনক গ্ৰেপ্তাৰ...
মৰিগাওঁ আৰক্ষীৰ বৃহৎ সফলতাঃ ১ কোটি ৭০ লাখ টকাৰ নিষিদ্ধ দ্ৰব্যসহ দুজনক গ্ৰেপ্তাৰ...
Published on
Updated on

ডিজিটেল ডেস্কঃ ৰাজ্যত অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। অসম আৰক্ষীয়ে ধাৰাবাহিকভাৱে ঠায়ে ঠায়ে ড্ৰাগছ বিৰোধী অভিযান চলাই ড্ৰাগছ সৰবৰাহীক কাৰাগাৰলৈ নিক্ষেপ কৰাৰ পিছতো কিন্তু হ্ৰাস পোৱা নাই ড্ৰাগছৰ সৰবৰাহ।

প্ৰায় প্ৰতিদিনেই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰক্ষীৰ জালত এজনৰ পিছত এজনকৈ ড্ৰাগছ সৰবৰাহকাৰী পৰিছে। অতি শেহতীয়াকৈ মৰিগাওঁ আৰক্ষীৰ জালত পৰিল দুই ড্ৰাগছ সৰবৰাহকাৰী। আৰক্ষীয়ে এই দুই সৰবৰাহকাৰীৰ পৰা ১ কোটি ৭০ লাখ টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে।

ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে আজমত আলী আৰু আব্দুল হাছেন। জানিব পৰা মতে আৰক্ষীয়ে আব্দুল হাছেনৰ ঘৰৰ পৰা নিষিদ্ধ ড্ৰাগছখিনি জব্দ কৰিবলৈ সক্ষম হৈছে।

আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছখিনিৰ পৰিমাণ ৮৫০ গ্ৰাম। এই ড্ৰাগছখিনি তেওঁলোকে ডিমাপুৰৰ পৰা লাহৰীপামলৈ আনিছিল বুলিও জানিব পৰা গৈছে।

মৰিগাওঁ আৰক্ষীৰ বৃহৎ সফলতাঃ ১ কোটি ৭০ লাখ টকাৰ নিষিদ্ধ দ্ৰব্যসহ দুজনক গ্ৰেপ্তাৰ...
জেএচবি অসামৰিক চিকিৎসালয় চৌহদত এবছৰে পৰি আছে 'স্বৰ্গৰথ'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in