/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/72bc8e9e-6909-47b1-a050-39f72cb3148e/MORIGAON_28.jpg)
মৰিগাঁৱত ঠিকাদাৰ বুলি পৰিচয় দিয়া এজনৰ পৰা ৰাইফল, সজীৱ গুলী উদ্ধাৰ...
নিশা মৰিগাওঁ আৰক্ষীৰ অভিযান।
অভিযানত ৰাইফল, সক্ৰিয় গুলী উদ্ধাৰ।
আৰক্ষীয়ে এই অবৈধ অস্ত্ৰ লগত ৰখাৰ বাবে আটক কৰে এজনক।
আটকাধীন লোকজনৰ নাম ছবোৰ উদ্দীন।
ছবোৰ উদ্দীনৰ ঘৰ মৰিগাওঁ জিলাৰ হুগলতলীত।
ছবোৰৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰা হৈছে ৰাইফলসহ ৯ জাই সজীৱ গুলী।
আৰক্ষীয়ে সন্দেহ কৰা মতে ডকাইতি আৰু চোৰাং চিকাৰৰ লগত জড়িত ছবোৰ।
অৱশ্যে দীৰ্ঘদিনে ছবোৰে নিজকে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঠিকাদাৰ বুলিহে পৰিচয় দি আহিছিল।
Also Read: পথৰ কাষত ৰৈ থকা APDCL ৰ দুই কৰ্মচাৰীক মহতিয়াই নিলে বাহনেঃ এজনৰ মৃত্যু...