অসম চৰকাৰৰ বান প্ৰস্তুতিৰ মূল্যাংক সূচীত মৰিগাঁৱৰ শীৰ্ষ স্থান দখল...

অসম চৰকাৰৰ বান প্ৰস্তুতিৰ মূল্যাংক সূচীত মৰিগাঁৱৰ শীৰ্ষ স্থান দখল...
Published on
Updated on

ডিজিটেল সংবাদ,জাগীৰোড: অসম চৰকাৰৰ বান প্ৰস্তুতিৰ মূল্যাংক সূচী ২০২৪ত মৰিগাঁও আৰু নলবাৰী জিলাই যুটীয়াভাৱে শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে।এই বিস্তৃত মূল্যায়নত জিলা সমূহে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত তৎপৰতাৰে সন্মুখীন হোৱা আৰু সাজু হোৱাৰ সকলো দিশৰ প্ৰস্তুতিৰ মূল্যায়নৰ দিশ বোৰ সামৰি লয়।

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত মিছন বসুন্ধৰা ৩.০ ৰাজ্যিক পৰ্যায়ৰ প্ৰস্তুতিমূলক সভাৰ দ্বিতীয় দিনা দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক এই বঁটা প্ৰদান কৰে।

উক্ত অনুষ্ঠানত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনকে ধৰি মূখ্য সচিব শ্ৰী ৰবি কোটা,জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠী, ৰাজহ আৰু ডি এম বিভাগৰ প্ৰধান সচিব; অৰুণা ৰাজোৰিয়া, সচিব, জিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত, চক্ৰ বিষয়া, আৰু অন্যান্য বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।

অসম চৰকাৰৰ বান প্ৰস্তুতিৰ মূল্যাংক সূচীত মৰিগাঁৱৰ শীৰ্ষ স্থান দখল...
যোৰহাটৰ আন্তঃবিদ্যালয় সাঁতোৰ প্ৰতিযোগিতাৰ সামৰণি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in