মায়ং গ্ৰাম্য সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰত সাংসদ ৰামেশ্বৰ তেলী

মায়ং গ্ৰাম্য সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰত  সাংসদ ৰামেশ্বৰ তেলী
Published on
Updated on

ডিজিটেল সংবাদ,মায়ং : দেশী-বিদেশী পৰ্যটক, গৱেষকক ইতিমধ্য মুহিবলৈ সক্ষম হোৱা মৰিগাঁও জিলাৰ মায়ং গ্ৰাম্য সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰত বৃহস্পতিবাৰে হঠাতে উপস্থিত হয় প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী। আজি গুৱাহাটীৰ পৰা পোনে পোনে আহি বিয়লিৰ ভাগত পবিতৰাৰ গাতে লাগি থকা মিউজিয়ামটো দৰ্শন কৰিবলৈ উপস্থিত হয় সাংসদ ৰামেশ্বৰ তেলী।

সাংসদগৰাকীক মিউজিয়ামৰ সম্পাদক ড০ উৎপল নাথে এখন ফুলাম গামোছাৰে আদৰনি জনায়। ইয়াৰ পিছতেই মিউজিয়ামটোৰ প্ৰতি বিধ সামগ্ৰী এফালৰ পৰা দৰ্শন কৰে।

সম্পাদক ড০ উৎপল নাথে মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ একাংশ ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত সাংসদ ৰামেশ্বৰ তেলীক মিউজিয়ামত সংৰক্ষিত হৈ থকা প্ৰাচীন মায়ঙৰ বহু ঐতিহাসিক সমল, তন্ত্ৰ-মন্ত্ৰ পুথি, বেজ কবিৰাজৰ আলোকচিত্ৰ, মন্ত্ৰৰ বলেৰে মায়ঙৰ বেজে বনৰ বাঘ বধ কৰা দৃশ্যপট ,যুদ্ধ বিগ্ৰহৰ সামগ্ৰী আৰু পুৰাতাত্বিক আৰু প্ৰত্নতাত্ত্বিক সমল সমুহ এপদ এপদকৈ বৰ্ননা কৰি দেখুৱাই দিয়ে।

মিউজিয়ামটো দৰ্শন কৰাৰ পিছতেই সাংসদগৰাকীয়ে আগন্তুক দিনত ইয়াৰ সামগ্ৰিক উন্নয়নৰ বাবে সহায় সহযোগ আগবঢ়াব বুলিও সম্পাদকগৰাকীৰ আগত প্ৰকাশ কৰে।উল্লেখযোগ্য যে যোৱা ১৮ আগষ্টত মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাৰ নেতৃত্বত জিলা প্ৰশাসন আৰু মায়ঙৰ ৰাইজৰ সহযোগত মায়ঙৰ ভূমিত প্ৰথমবাৰৰ বাবে উদযাপন কৰা ইন্দ্ৰজাল মহোৎসৱে ইতিমধ্য দেশে বিদেশে চৰ্চা লাভ কৰিছে।

মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ৰমাকান্ত দেউৰী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ ননীগোপাল মহন্তই অংশগ্ৰহণ কৰা ইন্দ্ৰজাল যাদু মহোৎসৱক লৈ অসমৰ মুখ্যমন্ত্ৰীয়েও মনৰ অনুভৱ প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ইন্দ্ৰজাল মহোৎসৱৰ ভিডিঅ নিজৰ টুইটাৰ একাউন্টত আপলোড কৰি মায়ঙৰ যাদুকৰী ঐতিহ্য আৰু সংস্কৃতিৰ ওপৰত নিজৰ অনুভৱ ব্যক্ত কৰিছে।

তাৰ পিছতেই আজি বিয়লিৰ ভাগত সাংসদ ৰামেশ্বৰ তেলীয়ে হঠাতে আহি এইদৰে পৰিদৰ্শন কৰাত মিউজিয়াম কৰ্তৃপক্ষ আনন্দিত হৈ পৰিছে। মুখ্যমন্ত্ৰীয়ে যাদুৰ দেশ হিচাপে জনাজাত মায়ঙৰ যাদুকৰী সভ্যতা আৰু ঐতিহ্যক সাংস্কৃতিক পৰ্যটনৰ এক অনন্য কেন্দ্ৰ হিচাপে গঢ়িবলৈ পৰিকল্পনা হাতত লোৱা বুলিও নিজৰ টুইটাযোগে প্ৰকাশ কৰে। লগতে ইন্দ্ৰজাল মহোৎসৱত জড়িত প্ৰতিগৰাকী লোকক অভিনন্দন জ্ঞাপন কৰে।

মায়ং গ্ৰাম্য সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰত  সাংসদ ৰামেশ্বৰ তেলী
বি টি আৰত শিক্ষক নিযুক্তিত বিসংগতি !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in