শাসকীয় দলৰ একাংশ নেতাৰ ছত্ৰছায়াত নেলীত গৰু ছিণ্ডিকেটঃ ৩৩ টা চোৰাং গৰু উদ্ধাৰ

শাসকীয় দলৰ একাংশ নেতাৰ ছত্ৰছায়াত নেলীত গৰু ছিণ্ডিকেটঃ ৩৩ টা চোৰাং গৰু উদ্ধাৰ
Published on
Updated on

ডিজিটেল সংবাদ,মৰিগাঁওঃ মৰিগাঁও জিলাৰ নেলীক অভিকেন্দ্ৰ হিচাপে লৈ আন্তঃৰাষ্ট্ৰীয় আৰু আন্তঃৰাজ্যিক পৰ্যায়ৰ চক্ৰ গৰু চিণ্ডিকেট গঢ়ি তোলিছে। মৰিগাঁও আৰক্ষীৰ তদন্ত লগতে গৰু চোৰৰ কবলত পৰি সৰ্বশ্ৰান্ত হোৱা গোধনৰ গৰাকীয়ে প্ৰকাশ কৰা মন্তব্যত শাসকীয় দলৰ একাংশ নেতাৰ ছত্ৰছায়াত গৰু ছিণ্ডিকেট গঢ়ি উঠাৰ তথ্য উন্মোচিত হৈছে। উল্লেখযোগ্যে যে মৰিগাঁও জিলা আৰক্ষীয়ে মঙলবাৰেও নেলীত ৩৩ টা চোৰাং গৰু উদ্ধাৰ কৰে। লগতে ঘটনাৰ লগত জড়িত AS-02CC-2289 আৰু AS-01HC-9583 নম্বৰৰ দুখন ট্ৰাক জব্দ কৰে আৰক্ষীয়ে।

নেলী হৈ মেঘালয় হৈ বাংলাদেশলৈ সৰবৰাহ কৰাৰ সময়তে গৰু কেইটা উদ্ধাৰ কৰা হয়। ইফালে আৰক্ষীক দেখি কিলিং নৈত জাপ দি পলায়ন কৰে চালক আৰু হেণ্ডিমেনে।উল্লেখ্য যে, আৰক্ষীয়ে ৫ দিনৰ ভিতৰত জব্দ কৰিছে ৬০ টাকৈ চুৰি গৰু। মেঘালয়, বাংলাদেশলৈ গোপনে সৰবৰাহ কৰিবলৈ নেলীৰ শালবাগান নামৰ ঠাইখনৰ ঘন জংঘলত লুকুৱাই থকা অৱস্থাত ৩৭ টা চুৰি গৰু উদ্ধাৰ কৰে। লগতে এ এছ ০১-পি চি-০১১৪ নম্বৰৰ ট্রাকখনৰে উক্ত স্থানলৈ সৰবৰাহ কৰা অৱস্থাত ২৩ গৰু জব্দ কৰিবলৈ সক্ষম হয় মৰিগাঁও আৰক্ষীৰ বিশেষ অভিযানকাৰী দলে।

ইয়াৰ পিছতেই আৰক্ষীৰ তদন্তৰ লগতে গৰু চোৰৰ কবলত পৰা ভুক্তভোগীৰ মন্তব্যই সৰ্বত্ৰে খলকনিৰ সৃষ্টি কৰিছে। কিয়নো গো মাতা বুলি গৰু মান্যতা প্ৰদান কৰা হিন্দুত্ববাদী দল হিচাপে জাহিৰ কৰা একাংশ নেতা পালিনেতাৰ পৃষ্ঠপোষকতাতেই নেলীত গঢ়ি উঠিছে এই বৃহৎ চিণ্ডিকেট। নেলীৰ পৰা মেঘালয়, বাংলাদেশলৈ নিশাৰ ভাগত কোটি কোটি টকাৰ গো-ধন সৰবৰাহ হয়।

মৰিগাঁও,নগাঁও জিলাৰ লগতে উজনি অসমৰ বিভিন্ন স্থানৰ পৰা চুৰি কৰা গৰু আৰু গোপালকে কিনি অনা গৰুসমূহ নেলীৰ ঘন জংঘলত লুকুৱাই ৰাখে। ইয়াৰ পিছত নেলীৰ উক্ত স্থানৰ পৰা কাৰ্বি আংলং জিলাৰ সীমান্ত স্পৰ্শ কৰি থকা মেঘালয়ৰ গাঁওসমূহলৈ নেলী আৰক্ষী চকীৰ সন্মুখতে থকা খেলপথাৰ হৈ গনেশভেলী শালবাগান পথ, নেলী-কাৰ্বিআংলং পথ, গোপালকৃষ্ণ চাহ বাগিছা পথ ,পলাহগুৰি- ডাৱৰঘাট পথ, গোভা এলেকাৰে কিলিং নৈ পাৰ কৰি মেঘালয়ৰ আমজং নামৰ গাঁওখনলৈ আৰু জাগীৰোডৰ পশ্চিমৰ টোপাতলিৰ কাষেদি থকা পথৰে উমচিয়াং নদী পাৰ কৰি  মেঘালয়লৈ সৰৱৰাহ হয় ।

ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰা আনি নেলীৰ বিভিন্ন অঞ্চলত জমা কৰা চুৰি গৰু সমূহ উক্ত পাহাৰীয়া পথ সমূহেৰে মেঘালয়ৰ নিৰ্দিষ্ট স্থানলৈ সৰবৰাহ কৰাৰ ক্ষেত্ৰত উক্ত চিণ্ডিকেট চক্ৰই নিয়োগ কৰে স্থানীয় যুৱকক। নিশা ভাগত প্ৰতিটো চুৰি গৰু নেলীৰ পৰা মেঘালয়লৈ খেদি নিয়াৰ বাবদ উক্ত স্থানীয় সৰবৰাহকাৰী যুৱকে দুই হাজাৰ টকাৰ পৰা তিনি হাজাৰ টকা পৰ্যন্ত লাভ কৰে।

স্থানীয় লোকে প্ৰকাশ কৰা মতে প্রতি নিশাই ৫০ পৰা ১০০ গৰু উক্ত পাহাৰীয়া পথসমূহৰে সৰবৰাহ কৰা হয়। আনহাতে নিশাৰ ভাগত হাতত চোকা অস্ত্র লৈ গো-ধন সৰবৰাহত ব্যস্ত হয় স্থানীয় যুৱক। উক্ত বৃহৎ চুৰি গৰু চিণ্ডিকেট চক্ৰটো সন্দৰ্ভত মৰিগাঁও জিলাৰ নেলী আৰক্ষী জ্ঞাত যদিও এই চোৰাং গো-ধন সৰবৰাহ ৰোধ কৰিবলৈ সক্ষম নোহোৱা বিষয়টোৱে ৰহস্যৰ সৃষ্টি কৰি আহিছিল।

যদিও শেহতীয়াকৈ মৰিগাঁও জিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসৰ অতি কঠোৰ স্থিতি আৰু অতিষ্ঠ স্থানীয় গোপালৰ মুকলি মন্তব্যই ৰহস্য ভেদ কৰিবলৈ সক্ষম হৈছে। শাসকীয় দলৰ নেতাৰ নিয়ন্ত্ৰিত নেলীৰ চুৰি গৰু সৰবৰাহকাৰী চিণ্ডিকেট চক্ৰই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে পাহাৰীয়া পথ আৰু স্থানীয় যুৱকক সৰবৰাহকাৰী ৰূপত ব্যৱহাৰ কৰি মুনাফা লুটি আহিছে।

শাসকীয় দলৰ একাংশ নেতাৰ ছত্ৰছায়াত নেলীত গৰু ছিণ্ডিকেটঃ ৩৩ টা চোৰাং গৰু উদ্ধাৰ
বাজেটত স্থান পালে অসমৰ বানে! বিশেষ সাহায্য প্ৰদানৰ কথা ঘোষণা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in