ডিজিটেল সংবাদ, মৈৰাবাৰীঃ মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ খাইৰ প্ৰকাশনে প্ৰতি বছৰে পৱিত্ৰ ৰমজান মাহ উপলক্ষে ৰমজান মাহত প্ৰকাশ কৰা ‘ৰমজানৰ কবিতা’ নামৰ অসমীয়া কাব্য সংকলনখনৰ দশম বাৰ্ষিক সংখ্যাটি বৃহস্পতিবাৰে আবেলি ৩ বজাত মৈৰাবাৰী প্ৰেছ ক্লাৱত বিশিষ্ট কবি, লেখক বাহাৰুল উলুম চৌধুৰীৰ পৌৰোহিত্যত শুভ উন্মোচন হৈ যায় ৷
কবি খাইৰুল ইছলাম আৰু মুহাম্মাদ আফজাল সম্পাদিত কাব্য সংকলনখন উন্মোচন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক, জ্যেষ্ঠ কবি হানিফ উদ্দিন আহমেদ, বিশিষ্ট কবি, শিল্পী আশুতোষ বিশ্বাস আৰু বিশিষ্ট কবি, শিক্ষক ৰেকিবুল আজাদে ।
স্কুলীয়া ছাত্ৰ মুহাম্মাদ ফাহিমৰ ক্বুৰআন পাঠেৰে শুভাৰম্ভ হোৱা 'ৰমজানৰ কবিতা' শীৰ্ষক বাৰ্ষিক কাব্যনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে খাইৰ প্ৰকাশনৰ স্বত্বাধিকাৰী খাইৰুল ইছলামে ৷
সভাত আশুতোষ বিশ্বাস, হানিফ উদ্দিন আহমেদ, উম্মীদ হাচান, এহিয়া আহমেদ, মুহাম্মাদ আফজাল আৰু খাইৰুল ইছলামে স্বৰচিত ৰমজানৰ কবিতা পাঠ কৰে ৷
সভাত উপস্থিত থাকি অসম জ্ঞানৰত্ন সমন্বয় গোষ্ঠীৰ কাৰ্যকৰী সভাপতি তথা বিশিষ্ট কবি, লেখক ৰেকিবুল আজাদ, বিশিষ্ট লেখক, শিক্ষক মোস্তাফা কামাল পাছা আৰু বিশিষ্ট সমাজ কৰ্মী তথা শিক্ষক জহিৰুল ইছলাম ।
জহিৰুল ইছলামে অনুষ্ঠানটিত উপস্থিত থাকি অসমীয়া কাব্য জগতলৈ খাইৰ প্ৰকাশনৰ দীৰ্ঘদিনীয়া বৰ্ণাঢ্য অৰিহণাৰ ভূয়সী প্ৰশংসা কৰে, লগতে 'ৰমজানৰ কবিতা'ৰ দৰে ৰমজানৰ প্ৰবন্ধ সংকলন প্ৰকাশৰ বাবে পৰামৰ্শ আগবঢ়ায় ।
বিশিষ্ট কবি, শিল্পী আশুতোষ বিশ্বাসে মানৱতা আৰু বিশ্ব শান্তিৰ বাবে কবিয়ে সমন্বয়ৰ ভাবধাৰাৰে কাব্য চৰ্চা কৰিবলৈ সুন্দৰ মত আগবঢ়ায় ।
ইপিনে বিশিষ্ট কবি, লেখক বাহাৰুল উলুম চৌধুৰীয়ে সভাপতিৰ ভাষণত কবিয়ে কবিতাৰ জৰিয়তে সমাজ তথা দেশৰ প্ৰগতিৰ চিন্তা আগত ৰাখি বাস্তৱমুখী কবিতাৰ চৰ্চা কৰিবলৈ আহ্বান জনায় ।
সভাৰ অন্তত 'ৰমজানৰ কবিতা’ৰ সম্পাদক মুহাম্মাদ আফজালে বিগত ২০১৩ চনৰ পৰা বছৰে বছৰে ৰমজান মাহত অসমৰ বিভিন্ন প্ৰান্তৰ কবিসকলে কবিতাৰে আগবঢ়াই অহা সক্ৰিয় সহযোগিতাৰ আন্তৰিক শলাগ লয় ৷