শোণিতপুৰ-দৰং জিলাৰ উচ্ছেদিতৰ প্ৰতি সকাহ : মুখ্যমন্ত্ৰীৰ সভাপতিত্বত বিশেষ বৈঠক

শোণিতপুৰ-দৰং জিলাৰ উচ্ছেদিতৰ প্ৰতি সকাহ : মুখ্যমন্ত্ৰীৰ সভাপতিত্বত বিশেষ বৈঠক
Published on
Updated on

ডিজিটেল সংবাদ,মায়ং : শোণিতপুৰ আৰু দৰং জিলাৰ কেতবোৰ অঞ্চলত বেদখল হৈ থকা মাটিত প্ৰশাসনৰ দ্বাৰা চলোৱা উচ্ছেদ অভিযানৰ ফলত হোৱা বিভিন্ন কৃষি সমস্যা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত এখনি বৈঠক অনুষ্ঠিত হয়। মংলবাৰে জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত অংশ লয় নগাঁও আৰু মৰিগাঁও জিলাৰ কেইবাটাও সমষ্টিৰ বিধায়ক, নগাঁও, মৰিগাঁও আৰু হোজাইৰ জিলা আয়ুক্ত, আমছুৰ নেতৃত্বই।

উচ্ছেদৰ ফলত উক্ত অঞ্চলসমূহত সেই সময়ত বাস কৰি থকা লোকসকলে নিজৰ উৎপাদিত ফচল যাতে হেৰুৱাবলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই বৃহৎ পৰিসৰৰ খেতিৰ ফচল কটাৰ বাবে ৰাজ্য চৰকাৰৰ নিৰ্দেশমৰ্মে সংশ্লিষ্ট জিলা প্ৰশাসনসমূহে ব্যৱস্থা গ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এই সম্পৰ্কীয় এখন বৈঠকত সংশ্লিষ্টসকলৰ উপস্থিতিত বিষয়টো বিতংভাৱে আলোচনা কৰা হয়।

সেই অনুসৰি মুখ্যমন্ত্ৰীগৰাকীয়ে উচ্ছেদিত তথা ইতিমধ্যে নগাঁও, মৰিগাঁও আদি জিলাৰ বিভিন্ন ঠাইত পুনৰসংস্থাপিত লোকসকলে পূৰ্বে বেদখলকৃত মাটিত কৰা মৰাপাটৰ খেতি কটাৰ বাবে অনুমতি প্ৰদানৰ নিৰ্দেশ দিয়ে। অৱশ্যে এইক্ষেত্ৰত যাতে পুনৰ কোনোধৰণৰ আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি নহয় সেয়া সুনিশ্চিত কৰিবলৈও মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে।

মৰিগাঁৱৰ জিলা আয়ুক্তগৰাকীয়ে এই সন্দৰ্ভত কয় যে, ৰাজ্য চৰকাৰে মানৱীয় দৃষ্টিভংগীৰে বিষয়টো বিবেচনা কৰিছে। কোনোধৰণৰ বেমেজালি নোহোৱাকৈ যাতে প্ৰত্যেকেই নিজৰ উৎপাদিত শস্য কাটি নিব পাৰে তাৰ বাবে বন বিভাগৰ সৈতে আলোচনা কৰি কেইদিনমানৰ ভিতৰতে পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

অত্যন্ত সংযতভাৱে কোনো বিশৃংখলতাৰ সৃষ্টি নকৰাকৈ প্ৰশাসনে নিৰ্ধাৰন কৰা নিৰ্দিষ্ট তাৰিখত নিজৰ খেতিৰ ফচল কাটি নিবলৈ তেওঁ আহ্বান জনায়। তেওঁ কয় যে যিহেতু এটা বৃহৎ পৰিসৰত খেতি কৰা আছে এনে পৰিস্থিতিত কোনেও যাতে বেলেগৰ খেতিত প্ৰৱেশ নকৰে আৰু তাক লৈ যাতে পৰস্পৰৰ মাজতে বিবাদৰ সৃষ্টি নহয় তাৰ প্ৰতি সকলো পক্ষই সতৰ্ক হ'ব লাগিব।

লগতে ফচল কাটি উঠি তেওঁলোকক অতি শান্তিপূৰ্ণভাৱে পুনৰসংস্থাপন হোৱা ঠাইলৈ গুচি যাবলৈও জিলা আয়ুক্তগৰাকীয়ে আহ্বান জনায়। তেওঁ সকলোকে আইনৰ গণ্ডীত থাকি নিয়ম উলংঘা নকৰাকৈ প্ৰশাসনক সহযোগ কৰিবলৈ আহ্বান জনায়।

শোণিতপুৰ-দৰং জিলাৰ উচ্ছেদিতৰ প্ৰতি সকাহ : মুখ্যমন্ত্ৰীৰ সভাপতিত্বত বিশেষ বৈঠক
মায়ঙৰ বুৰাবুৰীত ড্ৰাগছসহ দুই যুৱকক আটক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in