ডিজিটেল সংবাদ,মায়ংঃ মনহা কছাৰীগাঁৱত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা।বাইকৰ খুন্দাত নিহত এজন কলেজীয়া ছাত্ৰ। নিহত ছাত্ৰ জন ঝাৰগাঁও মোহনবাসী দাস কনিষ্ঠ মহাবিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ নয়ন জ্যোতি মেধি।
জানিব পৰা মতে, সন্ধিয়া সতীৰ্থৰ জন্ম দিনৰ বাবে ৩ বন্ধু খোজ কাঢ়ি গৈ থকা সময়তে ঘটনাটো সংঘটিত হয়। গাঁৱৰ এজন নিচাসক্ত যুৱকে পিছফালৰ পৰা তীব্ৰ বেগেৰে গৈ খুন্দিয়াই দিয়াৰ ফলত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।
ছাত্ৰজনক ততাতৈয়াকৈ মনহা ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও অৱস্থা সংকটজনক হোৱা দেখি GMCH লৈ নিয়া হয়। কিন্তু ঝাৰগাঁৱতে মৃত্যু হয় মেধাসম্পন্ন ছাত্ৰ জনৰ।
ইফালে ঘটনাৰ খবৰ পাই জাগীৰোড থানাৰ আৰক্ষীৰ লোক মনহা কছাৰীগাঁৱত উপস্থিত হয়। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।উল্লেখ্য যে, সন্তানৰ মৃত্যুত শোকস্বব্ধ হৈ পৰিছে পৰিয়ালবৰ্গ। কান্দোনত ভাগি পৰিছে দুৰ্ভগীয়া পিতৃ-মাতৃৰ লগতে গাঁও বাসী।
Also Read: ১৮-২০অক্টোবৰত গুৱাহাটীত অনুষ্ঠিত হব আন্তঃজিলা মল্লযুঁজ প্ৰতিযোগিতা