মৰিগাঁৱত নৌকা চিকিৎসা শিবিৰতেই সুকলমে জন্ম হ'ল সন্তান

মৰিগাঁৱত নৌকা চিকিৎসা শিবিৰতেই সুকলমে জন্ম হ'ল সন্তান
Published on
Updated on

ডিজিটেল সংবাদ,মৰিগাঁও : মৰিগাঁও জিলাত নৌকা চিকিৎসা শিবিৰতেই সন্তান জন্ম দিলে এগৰাকী মহিলাই। চিকিৎসক/স্বাস্থ্যকৰ্মীৰ তৎপৰতাত মহিলাগৰাকীয়ে অতি সুকলমে ব্ৰহ্মপুত্ৰৰ বুকুত জন্ম দিলে এটি স্বাস্থ্যৱান কন্যা শিশু।

উল্লেখ্য যে মৰিগাঁও জিলাৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত সৰ্বসাধাৰণক স্বাস্থ্যসেৱা প্ৰদানৰ বাবে স্বাস্থ্য বিভাগ তৎপৰ হৈ পৰিছে। স্বাস্থ্য বিভাগৰ উদ্যোগত ঠায়ে ঠায়ে স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হৈছে।

বুধবাৰে জিলাখনৰ ঝাৰগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ খান্দখাইটি নৈপৰীয়া প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ উদ্যোগত কেবাটাও চৰত স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয়। খান্দখাইটি চৰ, ফলিয়ামাৰি চৰ আৰু কৰৈগুৰি চৰত অনুষ্ঠিত হোৱা স্বাস্থ্য শিবিৰত অৰ্ধশতাধিক শিশুৰ স্বাস্থ্য পৰীক্ষা কৰা হয়।

তদুপৰি খান্দখাইটি চৰৰ এগৰাকী গৰ্ভৱতী মহিলাক উদ্ধাৰ কৰি নাৱেৰে ঝাৰগাঁও চিকিৎসালয়লৈ আনি থকা অৱস্থাত তেঁও নাৱতেই এটি সন্তান জন্ম দিয়ে। পিছত তেঁওক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয়।

জিলাখনৰ প্ৰতিখন চিকিৎসালয়তে চিকিৎসক আৰু স্বাস্থ্য কৰ্মীসকল সষ্টম হৈ আছে আৰু বানাক্ৰান্ত এলেকাসমূহত স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰিবলৈ যাৱতীয় ব্যৱস্থাপনা মজুত কৰি ৰাখিছে।

মৰিগাঁৱত নৌকা চিকিৎসা শিবিৰতেই সুকলমে জন্ম হ'ল সন্তান
দিলীপ বৰাৰ উপন্যাস 'যাত্ৰা'ৰ আধাৰত নিৰ্মাণ হ'ব 'প্ৰস্তাৱনা- The Preamble’ শীৰ্ষক কথাছবি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in