মায়ং গ্ৰাম্য সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰৰ ব্যতিক্ৰমী কাৰ্যসূচী...

সমাজ হিতৈষী প্ৰতিভা দাসে আগবঢ়ালে ৮০০খন গ্ৰন্থ, ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া স্বপ্ননীল বৰুৱাইয়ো আগবঢ়াই ২লাখ টকাৰ গ্ৰন্থ
মায়ং গ্ৰাম্য সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰৰ ব্যতিক্ৰমী কাৰ্যসূচী...
Published on
Updated on

ডিজিটেল সংবাদ,মায়ং : যি সময়ত গ্ৰন্থ পঢ়ুৱৈৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিছে বুলি সভাই সমিতিয়ে একাংশ লেখক-বুদ্ধিজীৱিয়ে মনৰ আক্ষেপ প্ৰকাশ কৰি আহিছে তেনে সময়তে মায়ং গ্ৰাম্য সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰই গ্ৰন্থ অধ্যয়নৰ এক পৰিৱেশ পুনৰ আগবঢ়াই নিবলৈ ব্যতিক্ৰমী চেষ্টা অব্যাহত ৰাখিছে। দেওবাৰে তেনে এক ব্যতিক্ৰমী কাৰ্যসূচী ল'লে একাংশ গ্ৰন্থপ্ৰেমীয়ে।

মায়ং গ্ৰাম্য সংগ্ৰাহলয় আৰু গৱেষণা কেন্দ্ৰৰ বিষয়ববীয়াসকলে গ্ৰন্থ সংগ্ৰহৰ দৰে এক অভিনৱ কাৰ্যসূচী হাতত লৈ প্ৰশংসা বুটলিব লৈ সক্ষম হৈছে। সোণাপুৰ হাটখোলাৰ বিশিষ্ট নাগৰিক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত গাননিক প্ৰয়াত দীনকান্ত দাসৰ গৃহত থকা পুথিভঁৰালৰ ৮০০ খন গ্ৰন্থ আনুষ্ঠানিকভাৱে প্ৰদান কৰে তেখেতৰ ভতিজী প্ৰতিভা দাসে ।

অংগনবাদী কেন্দ্ৰৰ কৰ্মী, ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত সমাজ হিতৈষী প্ৰতিভা দাসে মায়ঙৰ সংগ্ৰহালয়ৰ বিষয়ববীয়াৰ হাতত মূল্যবান গ্ৰন্থসমূহ অৰ্পন কৰি নিজকে সৌভাগ্যৱান বুলি মনৰ অনুভৱ ব্যক্ত কৰে। ইয়াৰোপৰি ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া স্বপ্ননীল বৰুৱাই মায়ং গ্ৰাম্য সংগ্ৰহালয় আৰু গবেষণা কেন্দ্ৰলৈ ২ লাখ টকাৰ অমূল্য গ্ৰন্থ আগবঢ়ায়।

আজিৰ গ্ৰন্থ প্ৰদান অনুষ্ঠানত উপস্থিত থাকে ঐতিহাসিক মায়ঙৰ পৰম্পৰাগত ৰজা তৰনিকান্ত সিংহ কোঁৱৰ, মায়ং গ্ৰাম্য সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰৰ সভাপতি লোকেন্দ্ৰ হাজৰিকা আৰু সম্পাদক ড০ উৎপল নাথ।

লগতে বিশিষ্ট শিক্ষাবিদ তথা ত্ৰিপুৰা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ ফণীভূষণ নাথ, মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰফুল্ল দাস, সোনাপুৰ শাখা সাহিত্য সভাৰ উপ সভাপতি ডাক্তৰ চন্দন বৰুৱা উপস্থিত থাকে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোৰ আঁত ধৰে লেখক তথা সাহিত্যিক কুমুদ ডেকাই । শলাগৰ শৰাই আগবঢ়াই গ্ৰন্থ দাতা প্ৰতিভা দাসে।

মায়ং গ্ৰাম্য সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰৰ ব্যতিক্ৰমী কাৰ্যসূচী...
ছিকিমত অব্যাহত থাকিল SKMৰ ৰাজত্বঃ কংগ্ৰেছতকৈ দুগুণ বেছি ভোট পৰিল NOTAত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in