মৰিগাওঁ সদৰ থানাত আত্মসমৰ্পণ দুই কুখ্যাত চাইবাৰ অপৰাধীৰ...

আৰক্ষীৰ চকুত ধুলি দি দীৰ্ঘদিন ধৰি পলাই আছিল দুই অপৰাধী
মৰিগাওঁ সদৰ থানাত আত্মসমৰ্পণ দুই কুখ্যাত চাইবাৰ অপৰাধীৰ...
মৰিগাওঁ সদৰ থানাত আত্মসমৰ্পণ দুই কুখ্যাত চাইবাৰ অপৰাধীৰ...
Published on
Updated on

ডিজিটেল সংবাদ মৰিগাওঁঃ আজি মৰিগাওঁ সদৰ থানাত আত্মসমৰ্পণ কৰিলে দুই কুখ্যাত চাইবাৰ অপৰাধীয়ে। আত্মসমৰ্পণ কৰা এই দুই কুখ্যাত চাইবাৰ অপৰাধী ক্ৰমে ফাৰুক আহমেদ চৌধুৰী আৰু ৰিয়াজুদ্দিন।

ইয়াৰে ৪৪ বছৰীয়া ফাৰুক আহমেদ চৌধুৰীৰ ঘৰ মৈৰাবাৰীত আৰু ৰিয়াজুদ্দিনৰ বয়স ৩৬। এই দুয়ো অপৰাধীৰ বিৰুদ্ধে ২৪১/২২ নম্বৰৰ এটা গোচৰ ৰুজু হৈ আছে মৈৰাবাৰী থানাত।

উল্লেখ্য যে, বিগত দুটা বছৰ আৰক্ষীৰ পৰা পলাই আছিল দুই চাইবাৰ অপৰাধীয়ে। দুয়োৰে বিৰুদ্ধে বহিঃৰাজ্যৰ কেইবাটাও বিত্তীয় প্ৰতিষ্ঠানৰ পৰা কেইবা লাখ টকা জালিয়াটিৰে হৰলুকী কৰাৰ অভিযোগ আছে।

আজি অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ তৎপৰতাত আত্ম সমৰ্পন কৰে দুই অপৰাধীয়ে।

মৰিগাওঁ সদৰ থানাত আত্মসমৰ্পণ দুই কুখ্যাত চাইবাৰ অপৰাধীৰ...
লখিমপুৰ জিলাৰ বিদ্যালয়ৰ সময়সূচী সলনি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in