ডিজিটেল সংবাদ, মায়ংঃ মৰিগাঁও জিলাৰ মায়ঙৰ কুৰাণীবৰী পঞ্চায়তৰ অন্তৰ্গত মৰিসুঁতিপাম গাঁৱৰ বিলাল উদ্দিন মীৰৰ ১৬ বছৰীয়া কন্যা আছমিনা বেগম যোৱা ২২ মে'ৰ পৰা নিৰুদ্দেশ হৈ আছে । পৰিয়ালৰ লোকে জানিব দিয়া অনুসৰি মেট্ৰিক পৰীক্ষাৰ ফলাফল লাভ কৰাৰ পিছৰে পৰাই ছাত্ৰীগৰাকী সন্ধানহীন হৈ আছে ।
আত্মীয় স্বজন আৰু বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰে যদিও কোনো শুংসূত্ৰ উলিয়াব পৰা নাই । নিৰুদ্দেশ সন্দৰ্ভত মায়ং থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে । আৰক্ষীয়ে বৰ্তমানেও কোনো সন্ধান লাভ কৰা নাই।
আনফালে মায়ং থানাৰ অন্তৰ্গত পাতেকীবৰী গাঁৱৰ পৰা আন এগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰী যোৱা ৬ জুনৰ পৰা সন্ধানহীন হৈ আছে । ৰফিকুল ইছলামৰ কন্যা ৰুছকিয়া খাতুন আন আন সহপাঠীৰ সতে ঝাৰগাঁও মোহনবাশী দাস কণিষ্ঠ মহাবিদ্যালয় লৈ ক্লাছ কৰিবলৈ যায় যদিও মহাবিদ্যালয়ৰ পৰা ঘৰলৈ আৰু উভতি নগল।
একাদশ শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ নিৰুদ্দেশৰ খবৰে পৰিয়ালৰ লোকক চিন্তাত পেলাইছে। ঘটনা সন্দৰ্ভত পৰিয়ালৰ ফালৰ পৰা মায়ং থানাত এজাহাৰ দিয়াৰ পিছত গাঁৱৰে এজন যুৱকক সন্দেহ কৰি সোধ-পোছ কৰি আছে যদিও যুৱকজনে ছাত্ৰী গৰাকীৰ নিৰুদ্দেশ সন্দৰ্ভত একো নাজানে বুলি আৰক্ষীৰ জেৰাত প্ৰকাশ কৰিছে । কোনো সদাশয় লোকে ছাত্ৰী দুগৰাকীৰ সন্ধান পালে মায়ং থানাত খবৰ জনাবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে । দুগৰাকীকৈ ছাত্ৰী নিৰুদ্দেশ হৈ থকাৰ খবৰে বাৰুকৈয়ে চিন্তাত পেলাইছে সকলোকে।
Also Read: গুজৰাটৰ উপকূলীয় অঞ্চলত ঘূৰ্ণীবতাহ 'বিপৰ্যয়'ৰ ফলত ধাৰষাৰ বৰষুণ...