মায়ঙত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী তথা অভিনেতা সুৰেশ গোপী...

মায়ঙত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী তথা অভিনেতা সুৰেশ গোপী...

author-image
Asomiya Pratidin
New Update
মায়ঙত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী তথা অভিনেতা সুৰেশ গোপী...

ডিজিটেল সংবাদ, মায়ং : ভাৰত চৰকাৰৰ পেট্ৰ'লিয়াম প্ৰাকৃতিক গেছ আৰু পৰ্যটন বিভাগৰ ৰাজ্যিক মন্ত্ৰী তথা মালায়ালম ছবিৰ প্ৰখ্যাত অভিনেতা সুৰেশ গোপীয়ে বুধবাৰে মৰিগাঁও জিলা ভ্ৰমণ কৰে। তেঁওৰ এই ভ্ৰমণকালত জিলাখনৰ কেইবাটাও চৰকাৰী আঁচনিৰ কাম পৰিদৰ্শন কৰাৰ উপৰিও মায়ঙৰ পৰ্যটনথলী দৰ্শন কৰে।

গুৱাহাটীৰ পৰা পোনে পোনে পুৱা ১০-০০ বজাত মায়ঙত উপস্থিত হয় মন্ত্ৰীগৰাকী। ইয়াৰ পাছতে তেঁও মায়ঙৰ মুৰবৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনিখন পৰিদৰ্শন কৰে। গাঁৱখনৰ ৰাইজে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া কৰ্মচাৰীৰ সহযোগত মন্ত্ৰীগৰাকীক উষ্ণ আদৰণি জনায়। ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে স্থানীয় ৰাইজৰ সতে কিছুসময় মত-বিনিময় কৰে।

গাঁৱখনৰ মহিলাসকলক একগোট কৰি কাপোৰবোবলৈ নিজৰ ফালৰ পৰা কিছু তাঁতশাল যোগান ধৰাৰ কথাও ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে। যাতে ভৱিষ্যত লৈ বয়ন উদ্যোগ হিচাপে ব্যৱহাৰ কৰি স্বাৱলম্বী হ'ব পাৰে শিপিনীসকল।

এই কাৰ্যসূচীৰ পাছতেই ব্ৰহ্মপুত্ৰৰ কাছশিলা অঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে। কাছশিলাত জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰীসকলে এখন মানচিত্ৰৰ জৰিয়তে মন্ত্ৰীগৰাকীৰ আগত ব্ৰহ্মপুত্ৰৰ বান গৰাখহনীয়াৰ কিছু খতিয়ান দাঙি ধৰে। ইফালে উক্ত স্থানতে মন্ত্ৰীগৰাকীয়ে মেচিন চালিত এখন নৌকাৰে ব্ৰহ্মপুত্ৰৰ বুকুত নৌকা বিহাৰ কৰে।

নৌকা বিহাৰ কৰাৰ সময়ত সংগ দিয়ে জিলা আয়ুক্ত দেৱাশীষ শৰ্মা আৰু আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস তথা আন আন জিলা প্ৰশাসনৰ বিষয়াসকলে। উল্লেখযোগ্য যে নৌকা বিহাৰ কৰি থকাৰ সময়ত হঠাৎ ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ হৈ পৰে মন্ত্ৰীগৰাকীক কঢ়িয়াই নিয়া নৌকাখন। জানিব পৰা মতে বালিত মেচিন চালিত নৌকাখন লাগি ধৰাত কিছু অথন্তৰ লাগে।

অৱশ্যে কিছু সময়ৰ পিছত এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ কৰি পুনৰ মন্ত্ৰীগৰাকীক কাছশিলা ঘাটলৈ লৈ যায়। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে মন্ত্ৰীগৰাকীয়ে ব্ৰহ্মপুত্ৰৰ নদীৰ গৰাখহনীয়া আৰু জিউবেগৰ কাম পৰ্যবেক্ষণ কৰিবলৈ নৌকা বিহাৰ কৰিছিল।

ইয়াৰ পাছতে পোনে পোনে মন্ত্ৰীগৰাকীয়ে পবিতৰাৰ তামুলী ডোভা অঞ্চলত গৈ এশিঙীয়া গঁড়ৰ মুক্ত বিচৰণ উপভোগ কৰে। দুপৰীয়া মায়ঙৰ তাৰকাযুক্ত হোটেল মিষ্টিক মায়ঙত আহাৰ গ্ৰহণ কৰি জাগী ভকতগাঁও গাঁও পঞ্চায়তলৈ ৰাওনা হয়। তাতে অমৃত সৰোবৰ আঁচনিৰ পুখুৰী এটা পৰিদৰ্শন কৰে।

Also Read: টিহু-ডুমনী সংযোগী পথ উন্নীতকৰণৰ কামৰ শুভাৰম্ভ

MAYANG Suressh Gopi