ডিজিটেল সংবাদ, মৰিগাঁওঃ বৃহস্পতিবাৰে মৰিগাঁৱত চলিল খাদ্য সুৰক্ষা বিভাগৰ অভিযান। মিঠাই আৰু অন্যান্য খাদ্যৰ নামত বৰবিহ খোৱাই থকা দুখনকৈ প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ শাস্তি লোৱাৰ হুংকাৰে নটিচ জাৰি কৰিছে খাদ্য সুৰক্ষা বিভাগে।
এই অভিযানকালত মৰিগাঁও চহৰৰ মাজমজিয়াত থকা মন চুইটচসহ কেবাখনো মিঠাই দোকানত তালাচী চলাই দলটোৱে৷ অভিযান কালত মন চুইটচ মিঠাই আৰু কোৱালীটি হোটেল নামৰ দোকানত ওলাল বহু দিনৰ পৰা থৈ দিয়া অনুপযোগী মিঠাই আৰু মাংসসহ গ্ৰাহকৰ বাবে থোৱা গেলাপচা খাদ্যবস্তু৷
খাদ্য সুৰক্ষা বিভাগৰ এই অভিযানত বাকী মিঠাই দোকানতো পাই বহু পৰিমাণৰ অখাদ্যকৰ সামগ্ৰী৷ ইতিমধ্যে দণ্ডাধীশৰ উপস্থিতিত মন চুইটচ্ সহ দুখনকৈ মিঠাই দোকানলৈ নটিচ জাৰি কৰিছে৷
কিন্তু প্ৰশ্ন হয়, গ্ৰাহকক খাদ্যৰ নামত দীৰ্ঘদিনৰ পৰা অস্বাস্থ্যকৰ ভাৱে মিঠাইকে ধৰি অনন্য খাদ্যবস্তু বিক্ৰী কৰি অহা মন চুইটচ্ সহ বাকী ব্যৱসায় সকলৰ ওপৰা মৰিগাঁও জিলা প্ৰশাসনে কি ব্যৱস্থা ল’ব নে কেৱল এখন নটিছ জাৰি কৰিয়েই দায়িত্ব সামৰিব বিভাগীয় কৰ্তৃপক্ষই৷
Also Read: ‘সংগীহীন’ বৰা বাপ, সংবাদ মেলেই হ’ল অভিশাপ!