মৰিকলং সাৰ্বজনীন উৎসৱ সমিতিৰ উল্লেখনীয় প্ৰদক্ষেপ...

মৰিকলং সাৰ্বজনীন উৎসৱ সমিতিৰ উল্লেখনীয় প্ৰদক্ষেপ...
Published on
Updated on

ডিজিটেল সংবাদ, নগাঁওঃ দুৰ্গাপূজাৰ ৰং ৰহইচ.স্ফুৰ্তি আনন্দ,ঢাক ঢোলৰ চেৱৰ মাজতে মৰিকলং চাৰিআলীৰ সাৰ্বজনীন উৎসৱ সমিতিৰ এইবাৰৰ ৩৯তম দুৰ্গোৎসৱৰ সময়ত এটি মন ভৰোৱা পদক্ষেপে সকলোকে আকৰ্ষন কৰিছে। একালৰ সক্ৰিয় দেৱীভক্ত সকলক মনত পেলালে সমিতিখনে।

বাৰ্ধক্য বা ৰোগজনীত কাৰণত আগতে পূজা কেইদিন গোসাঁনী নাম, ভোগৰ শাক আদি কটা বচা কামত সততে সক্ৰিয় এই জেষ্ঠা আই সকলৰ পৰাখিনিক পূজাথলীতে নোৱাৰাখিনিক তেওঁলোকৰ বাসগৃহলৈ গৈ এখনি ফুলাম গামোচা এটোপোলা মিঠাই প্ৰদানেৰে সমিতিৰ সদস্য সকলে যেন জনাই দিলে আপোনালোক অকলশৰীয়া নহয়,পূজাৰ আনন্দ আপোনালোককো ভগাই দিবলৈ আমি আহিছো।

সদস্য সকলে ভৰি চুই সেৱা কৰা সময়ত আনন্দত মাত থোকাথোকি হৈ পৰা,মুখ পোহৰ হৈ পৰা দৃশ্য দৰ্শনীয় হৈ পৰিছিল।নাৰীশক্তি পূজা কৰাৰ সময়ত নাৰীকে সন্মানীত কৰা এই অনুপম কাৰ্যসূচীত কিৰণবালা ভাগৱতী,নিৰলা ডেকা,নমাই শইকীয়া, বীণা শইকীয়া, বিমলপ্ৰভা শইকীয়া,দুৰ্গা দেৱী শৰ্মা,পুণিমাই ডেকা, মনোমাই বৰা, লাহৰী শইকীয়া, ৰাণী শৰ্মা, কুসুমপ্ৰভা শইকীয়া,উষা বৰদলৈ শইকীয়া,চিকুণী শইকীয়া, কিৰণ শৰ্মা , প্ৰমীলা বৰকটকী আৰু পদুমী শইকীয়াকে ধৰি ষোল্ল গৰাকী অশীতিপৰক এই সন্মান যাচে।

এই মহান কায্যসূচীত আন সকলৰ লগতে উৎসৱ সমিতিৰ সভাপতি নৰেন্দ্ৰ নাথ শইকীয়া,কাৰ্যকৰী সভাপতি গোলাপ শইকীয়া, প্ৰধান সম্পাদক ভূবন চন্দ্ৰ শৰ্মা সম্পাদক ব্ৰজেন কলিতা প্ৰতিমা দাতা অঞ্জন কুমাৰ শৰ্মা আৰু সদস্য দিগন্ত শৰ্মা উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in