ডিজিটেল সংবাদ মৰিয়নিঃ যোৰহাটত সৈনিবাহিনীৰ চাকৰি দিয়াৰ নামত প্ৰৱঞ্চনাৰ জাল। প্ৰৱঞ্চকৰ দলৰ টাৰ্গেট সেনাবাহিনী নিযুক্তি পৰীক্ষা দিবলৈ অহা প্ৰাৰ্থী।৫ জনীয়া প্ৰৱঞ্চকৰ দলটোৱে বাহৰ পাতিছিল মৰিয়নি নগৰৰ ষ্টেচন ৰ'ডত অৱস্থিত লোকনাথ বিবাহ ভৱন নামৰ এখন হোটেলত।
মৰিয়নি আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত সেনাবাহিনীৰ সাক্ষাৎকাৰ স্থলীৰ পৰা ৰঞ্জন ভূঞা নামৰ এটা প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰা পাছতে প্ৰৱঞ্চকৰ দলটোৰ বিষয়ে পোহৰলৈ আহে। উল্লেখ্য যে, মৰিয়নী নগৰৰ সমীপবৰ্তী পুখুৰীয়াত যোৱা ৭ ছেপ্তম্বৰ তাৰিখৰ পৰা ভাৰতীয় সেনাবাহিনীৰ অগ্নিপথৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়াৰ প্ৰথম পৰ্যায়ৰ শাৰীৰিক পৰীক্ষা চলি আছে।
এই সাক্ষাৎকাৰৰ বাবে উজনি অসমৰ আটাইকেইখন জিলাৰ পৰা অহা প্ৰাৰ্থীয়ে ভিৰ কৰিছিহে মৰিয়নিৰ পুখুৰীয়াৰ সেনা বাহিনীৰ সাক্ষাৎকাৰস্থলীত। আনহাতে এই প্ৰাৰ্থীসকলক লক্ষ্য কৰি প্ৰবঞ্চনাৰ জাল পেলাইছিল তেজপুৰৰ পৰা অহা এটা ৫ জনীয়া প্ৰবঞ্চকৰ দলে।
প্ৰৱঞ্চকৰ দলটোৱে কৌশলৰে প্ৰাৰ্থী সকলৰ পৰা ম'বাইল নম্বৰ সমূহ সংগ্ৰহ কৰিছিল। যোৱা ৬ ছেপ্তেম্বৰ তাৰিখৰ পৰা প্ৰবঞ্চকৰ দলটোৱে মৰিয়নিৰ লোকনাথ বিবাহ ভৱনৰ ১১১নম্বৰ কোঠাত বাহৰ পাতি প্ৰৱঞ্চনাৰ জাল মেলিছিল।
প্ৰবঞ্চকৰ দলটোৱে নিজৰ মোবাইলত টকা নাই বুলি কৈ প্ৰাৰ্থীসকলৰ পৰা ফোন কৰিবলৈ মবাইলটো লয় আৰু এটা নিৰ্দিষ্ট নম্বৰত ফোন কৰে নতুবা মিছ কল দিয়ে। এনে দৰে প্ৰাৰ্থীসকলৰ ফোন নম্বৰ সংগ্ৰহ কৰি আছিল প্ৰৱঞ্চকৰ দলটোৱে।
ইতিমধ্যে প্ৰবঞ্চকৰ দলটোৱে কেইবাশতাধিক প্ৰাৰ্থীৰ ফোন নম্বৰ সংগ্ৰহ কৰা বুলি স্বীকাৰ কৰিছে।আৰক্ষীৰ আগত ৰঞ্জন ভূঞা নামৰ প্ৰৱঞ্চকটোৱে এই বিষয়ে স্বীকাৰ কৰা লগতে তেজপুৰৰে অসীম শৰ্মা আৰু অমৃত শৰ্মা নামৰ ভাতৃদ্বয় জড়িত বুলি প্ৰকাশ কৰিছে।
ইফালে লোকনাথ বিবাহভৱনৰ কোঠাৰপৰা প্ৰবঞ্চককেইটাই পলায়ন কৰা দৃশ্য হোটেলখনৰ চিচি টিভিত আবদ্ধ হৈ ৰয়। প্ৰবঞ্চক কেইটাই পলায়ন কৰা সময়তে হোটেলখনত আহাৰ গ্ৰহণ কৰি আছিল মৰিয়নি থানাৰ অ' চি ত্ৰিলোচন নাথে।
কিন্ত সেইসময়ত ঘটনাৰ ভূকে নেপালে অ' চি গৰাকীয়ে। ইফালে আজি তেজপুৰৰ পৰা প্ৰৱঞ্চক দলটোৰ মূল অভিযুক্ত অমৃত শৰ্মাক আটক কৰে মৰিয়নি আৰক্ষীয়ে। এতিয়াও পলাতক শৰৎ দাস,ৰিতু হুচেইন,অসীম শৰ্মা নামৰ তিনি প্ৰবঞ্চক।
শীঘ্ৰে আটাইকেইটা প্ৰবঞ্চককে কৰায়ত্ব কৰিবলৈ সক্ষম হ'ব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে মৰিয়নি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ত্ৰিলোচন নাথে।