ডিজিটেল ডেস্ক:
১)আজি কোভিডত আক্ৰান্ত লোকৰ সংখ্য ২৯ জন। আজিৰ দিনটোত মুঠ ৫,১৪৪ গৰাকীৰ দেহত কোৰোনাৰ পৰীক্ষা কৰা হৈছিল।ইয়াৰ ফলত পজিটিভিটিৰ হাৰ ০.৫৬ শতাংশ।
২)আজি সৰ্বাধিক কামৰূপ(মেট্ৰ)ত আ্ক্ৰান্ত হয় কোৰোনাত। কামৰূপত (মেট্ৰ)ত মুঠ ৯ জনৰ দেহত ধৰা পৰে কোৰোনা। লগতে অসমত কোৰোনাৰ ফলত মৃত্যু হয় ৩ জনৰ।
৩)শনিবাৰৰ পৰা আৰম্ভ হ'ল গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত নৈশ ফেৰী সেৱা। জল পৰিবহন বিভাগৰ অভিলাষী আঁচনিৰ ফলস্বৰূপে এতিয়াৰে নিশাও ফেৰীৰে যাত্ৰা কৰিব পৰা যাব গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ।
৪)শনিবাৰে ৰঙিয়াৰ ৩১ নং(গ) ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এক ভয়াৱহ দূৰ্ঘটনাৰ ফলত কোকৰাঝাৰৰ চিম্বৰগাঁওৰ বাতাবাৰী নিৱাসী তথা কৃষি উন্নয়ন বিষয়া বিজিতগ্ৰা নাৰ্জাৰী(৪৯)য়ে কৰুণ মৃত্যুক সাৱটি লয়।
৫) সুদূৰ মহাৰাষ্ট্ৰত নিৰ্মাণ হ'ব নামঘৰ। কেৱল নামঘৰেই নহয় নামঘৰৰ উপিৰিও নিৰ্মাণ কৰা হ'ব কামাখ্যা দেৱীৰে মন্দিৰ। মহাৰাষ্ট্ৰৰ ৰাইগড় জিলাৰ কাৰজাত অঞ্চলত মুম্বাইস্থিত অসমীয়া সমাজে নিৰ্মাণ কৰিব এই নামঘৰ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শিলান্যাস কৰা এই নামঘৰটোৰ নামাকৰণ কৰা হৈছে 'শ্ৰীমন্ত শংকৰদেৱ নামঘৰ আৰু সাংস্কৃতিক সামাজিক কেন্দ্ৰ' হিচাপে। আনহাতে এই একেটা অঞ্চলতে নিৰ্মাণ কৰা হ'ব আন এটা নামঘৰ।
৬)উচ্চতৰ মাধ্যমিক শিক্ষা সাংসদে বিহুৰ ব্যৱহাৰিক পৰীক্ষাক লৈ জাৰি কৰিলে নতুন নিৰ্দেশনা।এই মৰ্মে পৰীক্ষক গৰাকী স্নাতকোত্তৰ হ'ব লাগিব, বিহু বিষয়ক জ্ঞান থাকিব লাগিব আৰু চৰকাৰী বা প্ৰাদেশীকৰণ উচ্চ,উচ্চতৰ মাধ্যমিক,মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ শিক্ষকতা কৰা হ'ব লাগিব।
৭)ঐশ্বৰ্য ৰজনীকান্তৰ দ্বাৰা নিৰ্দেশিত মুচাফিৰৰ টিজৰ মুকলি। ঐশ্বৰ্য় ৰায়ে প্ৰথম বাৰৰ বাবে ছবিৰ সলনি মিউজিত ভিডিঅ নিৰ্দেশনা কৰিছে।এই ভিডিঅটিত উত্তৰ আৰু দক্ষিণ ভাৰতৰ সংগীতকাৰে কণ্ঠদান কৰিব।
৮)২০ ফেব্ৰুৱাৰী দেওবাৰে অনুষ্ঠিত হ'ব অসম আৰক্ষীৰ কনিষ্টবল পদৰ বাবে লিখিত পৰীক্ষা। এই পৰীক্ষাত যাতে কোনোধৰণৰ বিসংগতি নহয় তাৰ বাবে অসম আৰক্ষীৰ ফালৰ পৰা যথেষ্ট কঠোৰ নীতি নিয়ম জাৰি কৰাৰ লগতে পৰীক্ষা কেন্দ্ৰ সমূহত কঠোৰ নিৰাপত্তা ব্যৱস্থাও গঢ়ি তুলিছে। মুঠ ৯০১৭ টা পদৰ বাবে অনুষ্ঠিত হ'ব পৰীক্ষা।
৯)২৫ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰি বলিউডৰ ছবি গংগুৱাই কাঠিয়াবাৰী। এই ছবিখনত আলিয়া ভাট, অজয় দেৱগনৰ লগতে কেইবাগৰাকী বিশিষ্ট অভিনেতা-অভিনেত্ৰীক দেখিবলৈ পোৱা যাব।
১০)শংকৰ সংঘৰ অধিবেশনলৈ মাজত মাত্ৰ ৪ টা দিন বাকী। এই সময়চোৱাত ভকত বৈষ্ণৱক আপ্যায়নৰ বাবে চলিছে ব্যাপত প্ৰস্তুতি। উখল-মাখল নাহৰকটীয়াৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰ।