ডিজিটেল সংবাদ, কলিয়াবৰঃ আৰক্ষী উপ-পৰিদৰ্শক প্ৰয়াত জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰায় ৫৭ দিনৰ পিচত বুধবাৰে জখলাবন্ধাস্থিত কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত উপস্থিত হয় জোনমণি ৰাভাৰ মাতৃসহ পৰিয়ালৰ ৩সদস্য । জোনমনি ৰাভাৰ মৃত্যুৰ প্ৰমাণ পত্ৰ ল'বৰ বাবে কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ চৰকাৰী নিয়মৰ মাজেৰে গ্ৰহণ কৰে মৃত্যুৰ প্ৰমাণ পত্ৰ ।
প্ৰমাণ পত্ৰ গ্ৰহণ কৰি পৰিয়ালে ন্যায় পোৱাৰ আশা প্ৰকাশ কৰে। চি আই ডিয়ে তদন্ত পক্ৰিয়াত অৱহেলা কৰাৰ বাবেই চি বি আই তদন্ত প্ৰক্ৰিয়া কিছু দেৰি হোৱা বুলি ক্ষোভ ব্যক্ত কৰে সুমিত্ৰা ৰাভাই । চি বি আইৰ দলে তেওঁলোকৰ ঘৰলৈ এবাৰ আৰু নগাঁৱস্থিত জোনমনি ৰাভাৰ চৰকাৰী আবাসলৈ দুবাৰকৈ গৈ তদন্ত কৰাৰ কথা তেওঁ উল্লেখ কৰে।