ডিজিটেল সংবাদ, নামৰূপ: গুৱাহাটীৰ পাঞ্জাবাৰীত সেনা বাহিনীয়ে যোৱা তিনি মাহ ধৰি চলাই থকা নিৰ্বিচাৰ পাহাৰ খনন বিৰুদ্ধে অৱশেষত স্থানীয় সচেতন ব্যক্তি এগৰাকীয়ে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে। পাঞ্জাবাৰীৰ অমূল্য নগৰৰ বাসিন্দা প্ৰাক্তন সাংবাদিক বিকাশ শৰ্মাই সাতগাওঁ থানাত দাখিল কৰা কৰা এজাহাৰত কোৱা হৈছে যে, আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ অন্তৰ্গত এই পাহাৰখনৰ দাঁতিতে প্ৰায় নিতৌ বন্যহস্তীয়ে বিচৰণ কৰে।
সেয়ে এনে এখন ওখ বিশাল পাহাৰ খান্দি কাষৰ জলাশয় পুতিবলৈ লোৱা আৰু দেৱাল নিৰ্মাণ কৰিবলৈ লোৱা কাৰ্যই অঞ্চলটোৰ লগতে আমচাং অভয়াৰণ্যৰো ব্যাপক ক্ষতি সাধন কৰাৰ আশঙ্কাই দেখা দিছে। এজাহাৰখনত লগতে কোৱা হৈছে যে এনেদৰে পাহাৰ খহোৱা মাটি ড্ৰজাৰেৰে ঠেলি পাঞ্জাবাৰীৰ অমূল্য নগৰৰ কেবাজনো বহু পুৰণি আৱাসীৰ ঘৰৰ চৌহদ ভৰাই দিয়াৰ ফলত কেবাটাও পৰিয়াল বিস্তৰ ক্ষতিৰ সন্মূখীন হৈছে।
এই কাৰ্যৰ বিৰুদ্ধে সেনাৰ নাৰেঙ্গীস্থিত ৫১ ছাব এৰিয়াৰ অধীনস্থ ষ্টেচন হেডকোৱাটাৰৰ প্ৰশাসনিক কমাণ্ডেন্টৰ ওচৰত লিখিত অভিযোগ দাখিল কৰা হৈছিল যদিও তেওঁ কোনো ব্যৱস্থা গ্ৰহণ নকৰাত কামাণ্ডেন্ট সৌৰভ সিং জামৱালৰ বিৰুদ্ধে সাতগাঁও থানাত এই এজাহাৰ দাখিল কৰা হয়।
যোৱা ছেপ্টেম্বৰতে দাখিল কৰা এজাহাৰ সম্পৰ্কত তদন্ত কৰি সাতগাঁও থানাৰ আৰক্ষীয়ে গোচৰৰ সত্যতা নিশ্চিত কৰিছে যদিও উৰ্দ্ধত সেনা বিষয়াজনৰ বিৰুদ্ধে এই পৰ্যন্ত কোনো ব্যৱস্থা ল'বলৈ সাহস কৰিব পৰা নাই। সেয়েহে গোচৰীয়া বিকাশ শৰ্মাই এই সম্পৰ্কত স্থানীয় বিধায়ক অতুল বৰা আৰু জিলা উপায়ুক্ত পল্লৱ ঝাৰ ওচৰতো লিখিত অভিযোগ দাখিল কৰিছে।
আনকি পূব কামৰূপ বন সংমণ্ডল বিষয়া ৰোহিনী বি শইকীয়াকো এই বিষয়ে তথ্য সহ অৱগত কৰা বুলি শৰ্মাই জনাইছে। বিধায়ক অতুল বৰায়ো সেনা বাহিনীৰ এনে অবিবেচকী কাণ্ডৰ তীব্ৰ সমালোচনা কৰিছে। তেওঁ কয় যে, গাৰ বলত সেনাই যি ইচ্ছা তাকে কৰিলে নহ'ব।
তেওঁ এই সম্পৰ্কত ব্যৱস্থা ল'বলৈ জিলা উপায়ুক্তক লিখিতভাবে আহ্বান জনাইছে। উল্লেখযোগ্য যে, নাৰেঙ্গী সেনা ছাউনীৰ কতৃপক্ষই নিৰাপত্তাৰ ন ন নীতি-নিয়মৰ দোহাই দি দীৰ্ঘদিন ধৰি ইয়াৰ দাঁতি কাষৰীয়া খিলঞ্জীয়া বাসিন্দা সকলৰ ওপৰত অযথা জোৰ-জুলুম চলাই আহিছে। যাৰ ফলশ্ৰুতিত কেবাজনো বাসিন্দাই সেনাৰ অতপালিৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰো দ্বাৰস্থ হৈছে।
এই সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ত ২৮৬১/২০২১ নং ৰীট আবেদন (চিভিল) আৰু ৬৬/২০২২ নং আদালত অবমাননাৰ অভিযোগ (চিভিল) আদি গোচৰ বিচাৰাধীন হৈ আছে। পাঞ্জাবাৰীৰ বতাহঘুলীৰ য়ুচুফ নগৰৰ ৩২ জন বাসিন্দাই অন্যায় ভাবে সেনাই তেওঁলোকৰ যাতায়তৰ পথ বন্ধ কৰি দিয়া কাৰ্যৰ বিৰুদ্ধে গোচৰ দাখিল কৰাৰ উপৰি আমচিং যোৰাবাটৰ অনিল গুপ্তা নামৰ এজনে সেনাই তেওঁৰ ম্যাদী পট্টাৰ মাটিত বৈধভাবে গৃহ নিৰ্মাণ কৰিবলৈ লোৱা কাৰ্যত বাধাৰ সৃষ্টি কৰাৰ সম্পৰ্কত এটি গোচৰ ৰুজু কৰিছে।
লক্ষণীয়ভাৱে সেনা শিবিৰৰ সীমাৰ দেৱালৰ একেবাৰে কাষতে বহু নবীন বাসিন্দাই সুউচ্চ অট্টালিকা নিৰ্মাণ কৰিছে যদিও আন কিছুমান পুৰণি বাসিন্দাক আকৌ নিৰাপত্তাৰ দোহাই দি সাধাৰণ কোঠা এটাও নিৰ্মাণ কৰাত বাধা আৰোপ কৰি ত্ৰাসৰ সৃষ্টি কৰিছে। এই ক্ষেত্ৰত ব্যাপক ধনৰ লেনদেন হোৱাৰ অভিযোগ উঠিছে। সেনাৰ এনে মইমতালীৰ বিৰুদ্ধে স্থানীয় প্ৰশাসনে নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰাত ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে।
ইফালে আদালতৰ উক্ত গোচৰ সম্পৰ্কত যোৱা ২৮ আগষ্টত অনুষ্ঠিত স্থানীয় প্ৰশাসন আৰু সেনাৰ নাৰেঙ্গী ষ্টেচন হেড কোৱাৰ্টাৰৰ বিষয়াৰ এখন যুটীয়া বৈঠকৰ কাৰ্যবিৱৰণীত এই কথা লিপিবদ্ধ হৈ আছে যে, উচ্চ ন্যায়ালয়ে ৰাজহুৱা স্বাৰ্থজৰিত ২৭/২০১৩ নং গোচৰত দিয়া নিৰ্দেশ অনুসৰি ভাৰতীয় জৰীপ বিভাগে কৰা জৰীপত প্ৰকাশ পাইছে যে, নাৰেঙ্গী সেনা শিবিৰৰ কিছু অংশ আমচাং অভয়াৰণ্যৰ সীমাৰ ভিতৰতে আছে।
এই অংশটোতে সেনা বাহিনীয়ে আমচাং অভয়াৰণ্যৰ অন্তৰ্গত পাহাৰতে খনন চলাই ওখ ওখ পাহাৰ সমান কৰি পেলাইছে। দুৰ্ভাগ্যজনকভাবে এই সকলো দেখিও তথাকথিত প্ৰকৃতিপ্ৰেমী সংগঠন সমূহে সম্পূৰ্ণ নিৰৱতা অৱলম্বন কৰিছে। নিৰৱ চৰকাৰ তথা প্ৰশাসনো।