ডিজিটেল সংবাদ, মুছলপুৰঃ বাক্সা জিলাৰ বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত আল্লিয়াত ১১টা পৰিয়াললৈ বাক্সা প্ৰশাসনে উচ্ছেদৰ জাননী প্ৰদান কৰিছিল চলিত বৰ্ষৰ ৫ আগষ্ট তাৰিখে। উক্ত জাননীত স্পষ্টভাৱে উল্লেখ আছিল যে, ৫ আগষ্টৰ পৰা ১৫ দিনৰ ভিতৰত জাননী লাভ কৰা পৰিয়াল কেইটিয়ে ঘৰ-বস্তি, খেতি মাটি ত্যাগ কৰিব লাগিব। অন্যথা পৰৱৰ্তী সময়ত জাননী নিদিয়াকৈয়ে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব।
এই জাননীৰ পিচতে এক চেপা উত্তেজনাই বিৰাজ কৰে সমগ্ৰ অঞ্চলটোত। তাৰেই পৰিপ্ৰেক্ষিতত ১৩ আগষ্ট তাৰিখে আবেলি ২ বজাত এক বিশাল প্ৰতিবাদী সভা অনুষ্ঠিত কৰি উচ্ছেদৰ বিৰুদ্ধে মাৰবান্ধি থিয় হয় সমগ্ৰ অঞ্চলটোৰ ৰাইজে ৷ উক্ত সভাত এবিএমছু, আছু, অবড়ো সুৰক্ষা সমিতিকে ধৰি কেবাটাও দল-সংগঠনৰ নেতা-কৰ্মী উপস্থিত থাকে।
উচ্ছেদ জাননী লাভ কৰা লোকসকলৰ লগত থাকি উচ্ছেদৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ পণ লয় উপস্থিতসকলে। সভাত একত্ৰিত হোৱা সহস্ৰাধিক লোকে "আমাক ভূমিৰ অধিকাৰ লাগিবই, এই সংগ্ৰাম চলিছে চলিবই, এই মাটি আমাৰ মাটি" আদি বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।
এই প্ৰতিবাদী সভাত উপস্থিত থাকি এবিএমছুৰ সম্পাদক টাইছন হুচেইন আৰু অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সম্পাদক জোন দাসে কয় যে- যিখিনি মানুহক উচ্ছেদ কৰিবলৈ ওলাইছে সেই মানুহখিনি স্বাধীনতাৰ আগৰেপৰাই ইয়াত বসবাস কৰি আছে। এই মানুহখিনিক ভূমিৰ পট্টা দিয়াৰ প্ৰতিশ্ৰুতি দি যোৱাটো পৰিষদীয় নিৰ্বাচনত প্ৰমোদ বড়ো বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হৈছিল। কিন্তু আজি তেওঁ তাৰ বিপৰীতে এই মানুহখিনিক উচ্ছেদৰ জাননীহে দিলে। প্ৰমোদ বড়োৰ মতে- এই মানুহখিনি জেনুইন নহয়। এতিয়া প্ৰমোদ বড়োৱে এবিএমছু আৰু অবড়ো সুৰক্ষা সমিতিক ২৪ ঘণ্টাৰ ভিতৰত উত্তৰ দিব লাগে জেনুইন মানেনো কি ?
এবিএমছু আৰু অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক দুগৰাকীয়ে তীক্ষ্ণ ভাষাৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োক সমালোচনা কৰি উচ্ছেদ বন্ধ কৰিবই লাগিব অন্যথা আমি যুঁজি যাম বুলি হুংকাৰ প্ৰদান কৰে। লগতে এবিএমচুৰ সম্পাদকগৰাকীয়ে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াকো তীক্ষ্ণ সমালোচনা কৰি কয় যে- অবড়ো তথা খিলঞ্জীয়া নিষ্পেষিত-শোষিত লোকে দুবাৰকৈ সাংসদ কৰিছিল এইগৰাকী নৱ কুমাৰ শৰণীয়াক। যিগৰাকী সাংসদে আমাৰ অনাবড়ো মানুহখিনিৰ আশাত চেঁচা পানী ঢালিলে। জাতি-মাটি-ভাষাৰ অধিকাৰৰ বাবে মাত মতাতো বাদেই এই বিপদৰ সময়তো তেওঁ নিমাতী কইনাৰ ভাও লৈছে ।
তেওঁক আমি প্ৰশ্ন কৰিব খোজে যে- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ ওচৰত তেওঁ আত্মসমৰ্পন কৰিলে নেকি ? আনকি সম্পাদক টাইছন হুচেইনে আগন্তুক লোকসভা নিৰ্বাচনত এবিএমচুৱে সাংসদ নৱ কুমাৰ শৰণীয়াৰ টৰ্চ বন্ধ কৰি দিম বুলিও এই সভাৰ জৰিয়তে হুংকাৰ প্ৰদান কৰে। ইফালে অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক জোন দাসে কয় যে- যদিহে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত এই উচ্ছেদৰ সিদ্ধান্তৰ বিপৰীতে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে কেতিয়াহ'লে অহা ১৮-১৯ তাৰিখে মুছলপুৰ চহৰৰ মাজমজিয়াত ১ লাখ মানুহেৰে বিটিচি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব অবড়ো সুৰক্ষা সমিতিয়ে ।
Also Read: কঠিয়াতলীত ব'ল বমৰ ভিৰত এঘণ্টা ধৰি ৰোগীসহ ৰাজপথতেই আৱদ্ধ এম্বুলেঞ্চ