ডিজিটেল সংবাদ, মুছলপুৰ : সমাগত লোকসভা নিৰ্বাচন। মাজত বাকী মাত্ৰ এটা বছৰ ৷ ৰাজ্যৰ অন্যান্য ৰাজনৈতিক দলসমূহৰ লগতে অসম তৃণমূল কংগ্ৰেছেও মাৰবান্ধি থিয় হৈছে ৷ বিশেষকৈ বিটিআৰৰ অন্তৰ্গত কোকৰাঝাৰ আৰু ওদালগুৰি লোকসভা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব তৃণমূল কংগ্ৰেছে ৷
দেওবাৰে এক সংবাদমেলৰ জৰিয়তে মুছলপুৰত এই কথা ঘোষণা কৰে তৃণমূল কংগ্ৰেছৰ বিটিআৰ সমন্বয়ৰক্ষী সমিতিয়ে ৷ সংবাদমেলত বিটিআৰ সমন্বয়ৰক্ষী সমিতিৰ মুখ্য আহ্বায়ক লাইফুংগাৰ নাৰ্জাৰীৰ উপস্থিতিত সমন্বয়ক অণিৰ্বান সেনে কয় যে, ইতিমধ্যে বিটিআৰত ৰিপুণ বৰাৰ নেতৃত্বত তৃণমূল কংগ্ৰেছৰ সাংগঠনিক স্থিতি মজবুত হৈ পৰিছে ৷
সেয়ে সমাগত লোকসভা নিৰ্বাচনত দলটোৱে বিটিআৰৰ অন্তৰ্গত দুয়োটা লোকসভা সমষ্টিতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব ৷ তেওঁ লগতে কয় যে, অসমত এতিয়া বিজেপি দলক প্ৰত্যাহ্বান জনাব পৰা একমাত্ৰ দলটোৱে হৈছে তৃণমূল কংগ্ৰেছ ৷ আনহাতে দলটোৱে বিটিচি পৰিষদীয় নিৰ্বাচনতো প্ৰতিদ্বন্দিতা কৰিব বুলি জানিবলৈ দিয়ে ৷
সংবাদমেলত বাক্সা জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি গৌৰী শংকৰ শৰণীয়াই জোণমণি ৰাভাৰ মৃত্যুৰ তদন্তক লৈও সন্দেহ ব্যক্ত কৰে ৷ তেওঁ কয় যে, মৃত্যুৰ তদন্ত কৰিবলৈ চিআইডিক দিছে নে চি বি আইক দিছে সেয়া আজিও চৰকাৰে স্পষ্ট কৰা নাই৷ সেয়া স্পষ্ট হ'ব লাগে ৷ লগতে নগাঁও আৰু লক্ষীমপুৰ জিলাৰ শীৰ্ষ আৰক্ষী বিষয়াসকলো তদন্তৰ আওতালৈ আনিবলৈ দাবী উত্থাপন কৰে ৷
Also Read: ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয় সংযোজনত উচ্ছেদ অভিযান...