পুষ্টিকৰ খাদ্য-পুতলাৰ মেলা সমৃদ্ধ প্ৰদৰ্শনীৰে ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপন

পুষ্টিকৰ খাদ্য-পুতলাৰ মেলা সমৃদ্ধ প্ৰদৰ্শনীৰে ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপন

author-image
Asomiya Pratidin
New Update
পুষ্টিকৰ খাদ্য-পুতলাৰ মেলা সমৃদ্ধ প্ৰদৰ্শনীৰে ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপন

ডিজিটেল সংবাদ, মুকালমুৱাঃ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাবে মুকালমুৱাতো উদযাপন কৰা হয় ৰাষ্ট্ৰীয় পোষণ মাহ। বৰক্ষেত্ৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত উদযাপন কৰা হয় এই অনুষ্ঠান।

অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন থলুৱা শাক-পাচলি, ফলমূল তথা পুষ্টিকৰ খাদ্য সমৃদ্ধ এক প্ৰদৰ্শনী মেলা আৰু পুতলাৰ মেলাৰ আয়োজন কৰে উদযাপন সমিতিয়ে। তদুপৰি সামূহিক পঞ্চামৃত আৰু সামূহিক অন্নপ্ৰসন্ন কাৰ্যসূচীৰো আয়োজন কৰে।

সমাজক পুষ্টিহীনতাৰ পৰা মুক্ত কৰা, শিশু-প্ৰসূতিসকলৰ খাদ্যভ্যাস, পৰিস্কাৰ পৰিচন্নতা আদি বিভিন্ন উদ্দেশ্য আগত ৰাখি পোষণ মাহ উপলক্ষে এই কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। কাৰ্যসূচীত উপস্থিত থাকে বৰক্ষেত্ৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া শিৱানী বৰা, বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়া কৌস্তভ ৰয়, মুকালমুৱা মহকুমা স্বাস্থ্য বিষয়া ডাঃ প্ৰদীপ চন্দ্ৰ দাস, অংগনবাড়ী কেন্দ্ৰসমূহৰ ছুপাৰভাইজৰ, কৰ্মী আৰু সহায়ীকাসকল।

Also Read: কৰম পূজাত মজুৰি কৰ্তনকলৈ আটছাৰ প্ৰতিবাদ

GOVT OF ASSAM