সাংবাদিক, লেখক মুকুল পাটৰ আৰু নাই...

সাংবাদিক, লেখক মুকুল পাটৰ আৰু নাই...

author-image
Asomiya Pratidin
New Update
সাংবাদিক, লেখক মুকুল পাটৰ আৰু নাই...

ডিজিটেল সংবাদ, লংকাঃ অসমীয়া প্ৰতিদিন কাকতৰ কাকীৰ প্ৰাক্তন সাংবাদিক,তথা লেখক কবি, অভিনেতা, নাট্যকাৰ,সুদক্ষ পৰিচালক তথা কাকীৰ সকলো বোৰ অনুষ্ঠানৰ সৈতে ওতঃপ্ৰোত ভাবে জড়িত থকা মুকুল পাটৰৰ আজি পুৱতি নিশা নগাঁও এখন ব্যক্তিগত চিকিৎসালয়ত ৫৮বছৰ বয়সত মৃত্যু হয়।

দিৰ্ঘদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত প্ৰয়াত পাটৰৰ মৃত্যুত কাকী সাংবাদিক সন্থা,কাকী শাখা সাহিত্য সভা,কাকী ক্ৰিয়া সন্থা, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ,কাকী সদৰ শাখা,কাকী কিশলয় সংঘ,গামখাৰু ৰঙালী বিহু উৎসৱ‌ উদযাপন সমিতি,কাকী প্ৰগতি শিল যুৱ মঞ্চকে ধৰি কাকী কেইবাটাও দল সংগঠনে দুখ প্ৰকাশ কৰে।

মৃত্যুৰ সময়ত প্ৰয়াত পাটৰে মাতৃ সহ একমাত্ৰ পুত্ৰ আৰু আত্মীয়ই কুতুম্বক ইহ সংসাৰত এৰি থৈ যায়।। ইফালে পাটৰৰ মৃত্যু খবৰ লাভ কৰাৰ পাছতেই অগনন লোকে প্ৰয়াত পাটৰৰ এক নং কাকী গান্ধী পুখুৰীৰ নিজ বাসভৱনত গৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।।

Also Read: পথ দুৰ্ঘটনাত ঢকুৱাখনাৰ টেট শিক্ষকৰ কৰুণ মৃত্যু...

মুকুল পাটৰ