ক্ৰমাৎ বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত । হাতী, মানুহৰ সংঘাতে প্ৰায় প্ৰতিদিনেই প্ৰাণ কাঢ়িছে মানুহৰ। নষ্ট হৈছে মানুহৰ খেতি-পথাৰ, ঘৰ-দুৱাৰ। ইয়াৰ অন্তৰালৰ কাৰণ কিন্তু মানুহেই। হাতী-মানুহৰ এনে সংঘাতক লৈয়ে চবিত বিষ্টৰ এই লেখা এইবাৰ মোৰ মত শিতানত আগবঢ়োৱা হ'ল।
ৰাজ্যৰ বিভিন্ন জ্বলন্ত সমস্যাৰ ভিতৰত হাতী-মানুহৰ সংঘাতেও এক ভয়াবহ সমস্যা ৰূপে সাম্প্ৰতিক সময়ত দেখা দিছে। দৈনিক হাতীয়ে বাসগৃহ ধ্বংস কৰা, খেতি পথাৰ বিনষ্ট কৰা, মানুহ মৰা আদিৰ খবৰে সংবাদ শিৰোনাম দখল কৰি আহিছে।
মূলতঃ ক'বলৈ হ'লে ক্ৰমান্বয়ে বনৰীয়া হাতী হিংস্ৰ জন্তুলৈ ৰূপান্তৰিত হৈছে। চাৰিত্ৰগতভাৱে হাতী স্বাভাৱিকতে শান্ত প্ৰকৃতিৰ বুলি আমি জানো। ইয়াৰ বাবেই হয়তো বনৰীয়া হাতীক মানুহে প্ৰশিক্ষণ দি ঘৰচীয়া কৰি ল'লে আৰু এটা এনেকুৱা পৰ্যায় পালেগৈ যে মানৱ সমাজৰ এক অবিচ্ছেদ্য অংগস্বৰূপ হৈ পৰিল 'হাতী'।
আমি হাজাৰ হাজাৰ বছৰ পুৰণি 'ৰামায়ণ', 'মহাভাৰত'ৰ দৰে মহাকাব্যৰ পৰা আৰম্ভ কৰি ইতিহাসে ঢুকি পোৱা কালছোৱাতো গজৰাজৰ পূৰ্ণ ব্যৱহাৰৰ কথা উল্লেখ পাওঁ। যুদ্ধ, যাতায়তকে আদি কৰি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিকাশ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ প্ৰাকক্ষণৰ সৌ- সিদিনালৈকে বিভিন্ন গধুৰ কাম-কাজ হাতীৰেহে কৰা হৈছিল।
এতিয়াও মাজে মাজে পোহনীয়া হাতী পথেৰে গৈ থকা দেখিবলৈ পোৱা যায়। গাড়ী-মটৰ নোযোৱা ঠাইত আজিও মানুহে কৰিব নোৱৰা কাম হাতীৰ জৰিয়তে কৰি থকা হৈছে। তদুপৰি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে আদি কৰি পৰ্যটন ক্ষেত্ৰ সমূহতো পোহনীয়া হাতীৰে 'এলিফেণ্ট চাফাৰী' কৰা হয়।
আনকি, প্ৰদৰ্শনীতো হাতী দেখা যায়। মূলতঃ হাতী মানৱ জীৱনৰ এটা এৰাব নোৱৰা অধ্যায় স্বৰূপ আৰু অৰ্থনৈতিক বুনিয়াদ গঢ় দিয়াৰ ক্ষেত্ৰত হাতীৰ এক উল্লেখযোগ্য ভূমিকাও আছে।
এটা প্ৰকাণ্ড শৰীৰ, বৃহৎ মূৰ আৰু ইয়াৰ দুয়োকাষে থকা দুখন ডাঙৰ ডলা সদৃশ কাণ তথা শুঁৰডালৰে স'তে আকৰ্ষণীয় আৰু বৰ মৰম লগা জন্তু হাতী। ইয়াক লৈ মানুহৰ মাজত ধৰ্মীয় বিশ্বাসো থকা দেখা যায়। গণেশ ভগৱানৰ আজিৰ যুগত থকা পাৰ্থিৱ স্বৰূপ বুলিও বহু লোকে জ্ঞান কৰে হাতীক।
কিন্তু, এনে হাতীয়ে এতিয়া হিংস্ৰ ৰূপ ধাৰণ কৰি মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ ক্ষেত্ৰত এক ভয়াৱহ বিপদ নমাই আনিছে। ইয়াৰ অন্তৰালৰ কাৰণনো কি? কিয় হাতীয়ে মানুহক দেখিব নোৱাৰা হৈছে? এই বিষয়টো অতি চিন্তনীয় আৰু গুৰুতৰ বিষয় হৈ পৰা দেখা গৈছে।
সম্প্ৰতি বৈদ্যুতিন মাধ্যম আৰু সামাজিক মাধ্যমত দিন-দুপৰতে কেমেৰাৰ সন্মুখত হাতীয়ে মানুহ মৰাৰ ভয়াবহ দৃশ্য সহজলভ্য হৈ পৰিছে। যোৱা কিছুদিন পূৰ্বে তেনে এক ভিডিঅ' ভাইৰেল হৈছিল।
গোলাঘাটৰ মৰঙী চাহ বাগিচাৰ ৩৯ নম্বৰ ৰাষ্ট্ৰীয় পথত জাকৰীয়া বনৰীয়া হাতীয়ে ৰাস্তা পাৰ হ'বলৈ লওঁতেই জাকৰে এটা হাতীয়ে এজন যুৱকক গছকি নিধন কৰে। এই ভিডিঅ'টো ভাইৰেল হৈ পৰিল।
ভিডিঅ' চালে দেখা যায় যে নিজৰ পথেৰে যোৱা হাতীৰ জাকটোক জোকাই লৈ জীৱ শ্রেষ্ঠ মানুহে নিজেই নিজৰ মৃত্যুক নিমন্ত্ৰণ দিয়া যেনেই লাগে। কোনোবা হাবি বা চাহ বাগিচাত দিনৰ সময়ছোৱাত আশ্ৰয় লোৱা হাতীক দিনৰ দিনটো চৌদিশৰ পৰা মানুহে আগুৰি ধৰি শিলগুটি, ফটকা-বোমা নিক্ষেপ কৰি অতিষ্ঠ কৰি তোলাৰ দৃশ্য তেনেই সহজলভ্য।
নিশাৰ ভাগতো হাতী ওলালে চাৰিওদিশৰ পৰা হাতীক আগুৰি ধৰি কেটেপা, ধনু-কাঁড়, ফটকা আদিৰে ভয় খুৱাই হাতী খেদাৰ নামত হাতীক আক্রমণাত্মক হ'বলৈ বাধ্য কৰা যেনেই লাগে। কিয়নো, আমাৰ বাসস্থান গোলাঘাট জিলাৰ ৰংবঙত পূৰ্বতে বনৰীয়া হাতীয়ে মাজে মাজে অহা-যোৱা কৰিছিল বুলি জনা যায়।
কিন্তু, কোনো লোকৰ ক্ষয় ,ক্ষতি নকৰাকৈয়ে নিজা পথেৰেই গৈছিল। কুঁহিয়াৰ খেতি প্ৰধান অঞ্চল হোৱা হেতুকে সেই সময়ত কুঁহিয়াৰ খাইছিল যদিও সামান্য জুমুঠি দেখুৱালেই হাতীয়ে সেই স্থান ত্যাগ কৰিছিল বুলি গাঁৱৰ বয়সস্থ একাংশ লোকৰ পৰা জানিব পাৰিছো।
ইয়াৰ পাছত মাজতে প্ৰায় ২০-২৫ বছৰ সময় উক্ত অঞ্চলত বন্যহস্তীৰ কোনো ধৰণৰ গতিবিধি গম পোৱা হোৱা নাছিল। কিন্তু, অত্যাধিক স্মৃতি শক্তিৰে পুষ্ট হাতীয়ে বহু বছৰ পাছতো নিজৰ বিচৰণ ভূমি পাহৰি নোযোৱা বিষয়টোক প্ৰমাণিত কৰি পুনৰ ২০০৫ চনত উক্ত অঞ্চলত বনৰীয়া হাতীৰ প্ৰথম আগমন ঘটে।
সেই সময়ছোৱাত আমি নৱম শ্ৰেণীৰ ছাত্ৰ আছিলো। হাতী খেদাৰ বহু হেঁপাহ জাগিছিল। ঘৰে ঘৰে মানুহ নিশা বহু পৰলৈ শোৱা নাছিল। এক উৎসৱ মুখৰ দিৱালী সদৃশ পৰিৱেশৰ সৃষ্টি হৈছিল গাওঁখনত।
চৌদিশে ইতিমধ্যে চাহ খেতিয়ে গা কৰি উঠা অঞ্চলটোৰ ধাননি পথাৰত সোমাই ধান খোৱাৰ বাদে হাতীৰ অন্য উপায়ো নাছিল। তৎসত্বেও হাতীয়ে মানুহৰ হুলস্থুল অথবা লাইটৰ পোহৰ দেখিলেই সেই স্থান এৰি পলায়ন কৰিছিল।
কিন্তু, বৰ্তমান সময়ত ইয়াৰ সম্পূৰ্ণ ওলোটা প্ৰতিচ্ছবিহে দেখিবলৈ পোৱা যায়। মানুহৰ মাত শুনিলে বা লাইটৰ পোহৰ দেখিলে সেই দিশেই হাতীয়ে চোঁচা লয়। ই অবিশ্বাস্য হ'লেও সত্য।
পূৰ্বতে মানুহ থকা ঘৰত হাতীয়ে মানুহৰ উপস্থিতিত আক্ৰমণ চলোৱা নাছিল; ঘৰ ভঙা নাছিল। কিন্তু, এতিয়া মানুহ শুই থকা সময়তে ঘৰত আক্ৰমণ কৰি বাসগৃহ ধংস কৰাৰ লগতে মানুহ মৰাৰ বহু ঘটনা দৈনিক পোহৰলৈ আহিব ধৰিছে।
আনকি দুবছৰীয়া দেৱশিশুকো হাতীয়ে গছত আছাৰি হত্যা কৰাৰ ঘটনাও ঘটিছে। পূৰ্বতে মানুহে হাতীক জোকাই অতিষ্ঠ কৰিলেও হাতীয়ে মানুহৰ দিশে দুই-তিনি নল মান চোঁচা লৈ ভয় খুৱাইয়ে থমকি ৰৈছিল।
কিন্তু, বৰ্তমান হাতীয়ে চোঁচা ল'লে বহু দূৰলৈ চোঁচা লয় আৰু মানুহ মাৰিহে শান্ত হয়। এনেদৰে বন্যহস্তীয়ে কাল ৰূপ ধৰাৰ বাবে জগৰীয়া কোন? এবাৰ ভাবি চাবৰ হ'ল। হাতী বুলিলেই পগলা হৈ হাতীক বিনা কাৰণতে জোকাই হাতীক ক্ৰমান্বয়ে মানুহেই হিংস্ৰ কৰি তোলা নাইনে?
বিষয়টোৰ গুৰুত্ব বুজি মানুহে হাতী জোকোৱা বন্ধ কৰিব লাগে। তীব্ৰ খাদ্যৰ সংকটত ভুগি অহা বন্যহস্তীৰ খাদ্যৰ যোগান ধৰিব পৰা ধৰণৰ চৰকাৰে আঁচনি প্ৰস্তুত কৰিব লাগে। বনাঞ্চলৰ বেদখল মুক্ত কৰিব লাগে।
হস্তীদণ্ডী সমূহৰ বেদখল মুক্ত কৰিব লাগে। অন্যথা, একেদৰেই দৈনিক হাতীৰ গছকত মানুহ মৰি থাকিব লাগিব আৰু ইয়াৰ চৰম পৰ্যায়ত এফালৰ পৰা হাতী মাৰিব লগা পৰিস্থিতিৰ সৃষ্টি হোৱাটো নিশ্চিত।
গতিকে, সময় থাকোতেই চৰকাৰে বিষয়টোৰ গুৰুত্ব বুজি উঠি হাতী আৰু মানুহ উভয় কুলৰ বাবেই উপযোগী হোৱাকৈ ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে।
Also Read: সূৰ্যোদয়ৰ দেশ অৰুণাচল সংযোজিত হ'ব দেশৰ ৰে'লৱে মানচিত্ৰতঃ ধেমাজিত হ'ব জাহাজ বন্দৰ...