বিষ্ণু ৰাভাৰ আদৰ্শ গ্ৰহণ অবিহনে খাটিখোৱা জনতাৰ মুক্তি অসম্ভৱ...

বিষ্ণু ৰাভাৰ আদৰ্শ গ্ৰহণ অবিহনে খাটিখোৱা জনতাৰ মুক্তি অসম্ভৱ...
বিষ্ণু ৰাভাৰ আদৰ্শ গ্ৰহণ অবিহনে খাটিখোৱা জনতাৰ মুক্তি অসম্ভৱ...
Published on
Updated on
আজি বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু তিথি। ৰাজ্যজুৰি চৰকাৰী, বেচৰকাৰীভাৱে উদযাপিত হৈছে বিষ্ণু প্ৰসাদ ৰাভা দিৱসৰ কাৰ্যসূচী। এই সকলো কাৰ্যসূচীতে বিষ্ণুপ্ৰসাদ ৰাভাক পূৰ্বৰ দৰেই তুলি ধৰা হ'ব গীত, নৃত্য, ছবি অঁকা এজন শিল্পী হিচাপে। তেওঁৰ সংগ্ৰামী সত্তাক, সাংস্কৃতিক-বৈপ্লৱিক আদৰ্শক আঁতৰাই ৰখা হ'ব জনচক্ষুৰ পৰা। এনে কিছু বিষয় সামৰিয়েই ধ্ৰুৱজ্যোতি সাহাৰ এই লেখা আজিৰ 'মোৰ মত' শিতানত আগবঢ়োৱা হ'ল।

বৃটিছৰ হাতৰ পৰা শাসনৰ বাঘজৰী লোৱা ভাৰত ৰাষ্ট্ৰৰ শাসকসকলেও পুঁজিবাদী অৰ্থনীতিকে সমৰ্থন কৰি আহিছে। বিদেশী পুঁজিক স্বাগতম জনাই জাতি-মাটি-ভেটি অসুৰক্ষিত কৰাই হওক অথবা ৰাজহুৱা শিল্পোদ্যোগৰ বিৰাষ্ট্ৰীয়কৰণ, ব্যক্তিগত কৰণ, বৃহৎ নদীবান্ধ নিৰ্মাণৰ বিষয়সমূহতে হওক সংসদীয় ৰাজনীতিত চৰকাৰ গঠন কৰা কোনো এটা দলৰ মাজত আদৰ্শগত কোনো অমিল নাই।

কোম্পানীক লুণ্ঠনৰ বাট মুকলি কৰি জনগণক অস্থিৰ কৰাটোৱেই যেন চৰকাৰ গঠনৰ প্ৰথম চৰ্ত। কাৰণ, অতিৰিক্ত মূল্য বৃদ্ধি, নিবনুৱা সমস্যা, বানপানী, গৰাখহনীয়া আদি বিভিন্ন সমস্যাত জৰ্জৰিত হৈ থকা সাধাৰণ জনতাক অস্থিৰ কৰি ৰাখিব পাৰিলেই জনতাই মৌলিক সমস্যাবোৰ সমাধানৰ বাবে চৰকাৰৰ সন্মুখত মাত মতাৰ পৰা বিৰত থাকিব। কিবা কাৰণত সাধাৰণ ৰাইজে প্ৰতিবাদ কৰিবলৈ ল'লেও জনতাৰ পুঞ্জীভূত ক্ষোভ ৰোধিবলৈ চৰকাৰীপক্ষই হয় কঠোৰ পন্থা অৱলম্বন কৰিব অন্যথা প্ৰয়োজন সাপেক্ষে চৰকাৰৰ পৃষ্ঠপোষকতাতে চলি থকা এন জি অ' নিয়োগ কৰি সেয়া প্ৰশমিত কৰিব।

সি যিয়েই নহওক, চৰকাৰী পক্ষই পুঁজিপতিক সহযোগ কৰিবলৈ প্ৰতি মুহূৰ্ততে সষ্টম হৈ থাকে। কাৰণ, পুঁজিপতিৰ নেগুৰত ধৰি চৰকাৰ গঠন কৰা দলৰ আদৰ্শ বুলি কোনো কথা নাথাকে। গঠন হোৱা চৰকাৰখনৰ মূল বিষয়টোৱেই হৈছে পুঁজিপতিক সুৰক্ষা প্ৰদান কৰা তথা নিৰ্বাচনৰ পূৰ্বে পুঁজিপতিক প্ৰদান কৰা প্ৰতিশ্ৰুতি ৰক্ষা কৰা।

ফলত, চহকী আৰু দুখীয়াৰ মাজৰ ব্যৱধান অধিক গভীৰলৈ শিপাই যায় আৰু পৃথিৱীৰ সম্পদৰ ওপৰত নিয়ন্ত্ৰণৰ যুদ্ধ ব্যাপক হৈ পৰে। যিয়ে কোনো এটা সমাজত অস্থিৰতা আনি দিয়াটো নুই কৰিব নোৱাৰি। ইয়াৰ উপৰিও দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ পৰা আৰম্ভ কৰি ভাতৃঘাতী সংঘৰ্ষ, সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই, বিভাজনৰ ৰাজনীতিৰে সাধাৰণ জনতাক অস্থিৰ কৰি ৰখা হয়।

ফলত, জনগণৰ প্ৰকৃত মুক্তি কাহানিও নহয়। দুৰ্বলৰ ওপৰত সবলৰ প্ৰভূত্ব নাইকিয়া কৰি সকলোৰে সমবিকাশৰ বাবে চৰকাৰৰ আশিসধন্য পুঁজিপতি গোষ্ঠী কেতিয়াও ওলাই নাহে। এই অসমতাৰে ভৰি থকা সামাজিক ছবিখনৰ বিপৰীতে বিষ্ণু ৰাভাই নিজৰ সাম্যবাদী চিন্তাৰ যোগেদি সাধাৰণ জনতাৰ মুক্তিৰ সপোন দেখিছিল। সেয়ে মাৰ্ক্সবাদ-লেলিনবাদৰ আদৰ্শৰ দ্বাৰা প্ৰভাৱিত বিষ্ণু ৰাভাই দেশৰ উত্তৰণৰ বাবে জনতাৰ মুক্তি অনিবাৰ্য বুলি স্পষ্ট কৰিছিল।

গণতান্ত্ৰিক চেতনাসম্পন্ন মানুহৰ বিপৰীতে বাকীসকলে জানি শুনিয়েই হওক অথবা অজানিতেই হওক বিষ্ণু ৰাভাৰ আদৰ্শ, ৰাজনৈতিক দৰ্শন, সাংস্কৃতিক চেতনাক বছৰ বছৰ ধৰি ভুলকৈ উপস্থাপন কৰি আহিছে। চৰকাৰী পক্ষৰ পৰাও ২০ জুনত আড়ম্বৰপূৰ্ণভাৱে বিষ্ণু ৰাভা দিৱস উদযাপন কৰি সাম্যবাদী বিষ্ণুপ্ৰসাদ ৰাভাক কৌশলগতভাৱে জনতাৰ মাজৰ পৰা আঁতৰাই ৰখাৰ চেষ্টা কৰি আহিছে।

আনকি, বিষ্ণু ৰাভা দিৱসৰ সময়তে বিদ্যালয়সমূহত বিভিন্ন পৰীক্ষা অনুষ্ঠিত কৰি উঠি অহা প্ৰজন্মৰ প্ৰতিনিধি শিক্ষাৰ্থীসকলক বিষ্ণুুুুৰাভাৰ আদৰ্শৰ পৰা বাধ্যতামূলক ভাৱে আঁতৰাই ৰখাৰ অভিসন্ধিও খোদ চৰকাৰী পক্ষৰ৷ বিষ্ণু ৰাভাক এজন ছবি অঁকা মানুহ অথবা গীত গোৱা, লিখা, সুৰ কৰা লোক নাইবা নচা লোক হিচাপে তুলি ধৰাৰ বিপৰীতে তেখেতৰ আদৰ্শ, চিন্তা, চেতনা আদিবোৰ কৌশলগত ভাৱে নিলগাই ৰখা হয়।

বিষ্ণু ৰাভাৰ মূৰ্তিত ধূপ-দীপেৰে আৰাধনা কৰি ভগৱান সজাই সৰ্ব সাধাৰণ লোকৰ পৰা নিলগত ৰখাৰ বাবে সুপৰিকল্পিত ভাৱে পৰিকল্পনা কৰা হয়। বিষ্ণু ৰাভাক জীয়াই ৰখাৰ বাবে অৱগত কৰি বিভিন্ন বঁটা, বিভিন্ন ঘোষণা কৰি আদৰ্শৰ কথাৰ পৰা আঁতৰাই ৰাখে। কাৰণ, চৰকাৰী যন্ত্ৰটোৱে ভালদৰে জানে যে সৰ্বহাৰাৰ মুক্তিৰ চিন্তাত নিমগ্ন থকা সাম্যবাদী বিপ্লৱী বিষ্ণু প্ৰসাদ ৰাভাই বৃটিছ সাম্ৰাজ্যবাদ আৰু দেশীয় পুঁজিবাদৰ ঘোৰ বিৰোধিতা কৰিছিল। কিন্তু, আজিৰ তাৰিখত পুঁজিবাদৰ নেগুৰত ধৰিয়েই আৰম্ভ হয় তথাকথিত ৰাইজে নিৰ্বাচন কৰা সংসদীয় চৰকাৰ।

সেইখন চৰকাৰে বাৰু কি যুক্তিত বিষ্ণু ৰাভাৰ সমাজ পৰিৱৰ্তনকামী শৈল্পিক চেতনা প্ৰকাশ কৰিব। তাৰ বিপৰীতে বিষ্ণু ৰাভাক গায়ক অথবা ছবি অঁকা মানুহ হিচাপে প্ৰতিষ্ঠা কৰিবৰ বাবেই যত্ন কৰাটো স্বাভাৱিক। কিন্তু, বিষ্ণু ৰাভাক ভুল ৰূপে প্ৰতিষ্ঠা নকৰি উপেক্ষা কৰাৰ কৰাৰো সাহস নাই চৰকাৰী যন্ত্ৰৰ। কিয়নো, বিষ্ণু ৰাভাক উপেক্ষা কৰিলেই পোনপটীয়া ভাৱে চৰকাৰে হেৰুৱাব লাগিব ভৰিৰ তলৰ মাটি।

সেয়ে, সাধাৰণ জনতাৰ কষতি শিলত ঘঁহি শিল্পী হোৱা বিষ্ণু ৰাভাৰ জনপ্ৰিয়তাৰ কথা জানিয়েই জনগণৰ মন জয় কৰিবৰ উদ্দেশ্যে অতি পৰিকল্পিত ভাৱে বিষ্ণু ৰাভাক পূজা কৰি সাধাৰণ জনতাৰ পৰা নিলগত ৰাখিবলৈ অহৰহ কচৰৎ কৰি আহিছে চৰকাৰী পক্ষই। কাৰণ, বিষ্ণু ৰাভাৰ জীৱনৰ বিশ্লেষণ বাদ দি ৰাভা পূজাৰ সৃষ্টি কৰিব পাৰিলে চৰকাৰী আশীষধন্য সুবিধাবাদী পক্ষটোৰো সংকীৰ্ণ মুনাফা অৰ্জন কৰিবলৈ সহজ হয়।

কিছুমানে আকৌ নিজৰ অস্তিত্ব জাহিৰ কৰা অথবা দান-বৰঙণিৰে নিজৰ পকেট গৰম কৰাৰ বাবেও ২০ জুনৰ দিনটো উদযাপন নকৰা নহয়। এই সামগ্ৰিক কু-অভিসন্ধিয়ে সমাজৰ সুস্থ পৰিৱৰ্তনৰ বাবে অহৰহ চিন্তা কৰা সংগ্ৰামী সত্তাৰ গৰাকী বিষ্ণু ৰাভাৰ সাংস্কৃতিক-বৈপ্লৱিক আদৰ্শক জনচক্ষুৰ পৰা আঁতৰাই ৰাখে।

অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় এই যে বুৰ্জোৱা ৰাষ্ট্ৰ ব্যৱস্থাৰ সীমাবদ্ধতা তথা সম্পদৰ ওপৰত কেৱল নিজৰ অধিকাৰ আছে বুলি ভবা মধ্যবিত্ত শ্ৰেণীৰ আগ্ৰাসনে দৰিদ্ৰ জনগণৰ সমস্যা বৃদ্ধিহে কৰিছে৷ দেশত থকা দুটা শ্ৰেণী ধনী আৰু দুখীয়াৰ মাজৰ ব্যৱধান নাইকিয়া কৰিব নোৱাৰিলে প্ৰকৃতপক্ষেই যে সামগ্ৰিক উন্নতি নহয় সেয়াা স্পষ্ট কৰিছিল বিষ্ণু ৰাভাই৷ জনতাৰ হাতলৈ সম্পদৰ অধিকাৰ আনিবৰ বাবে বিভিন্ন নৃ-গোষ্ঠীয় জনগোষ্ঠীৰ সমন্বয়ত বৃহত্তৰ অসমীয়া জাতি গঢ়াৰো পৰিকল্পনা কৰিছিল বিষ্ণু ৰাভাই৷ কিন্তু, দুই-এক নৃ-গোষ্ঠীয় সংগঠিত ৰূপে ৰাজনৈতিক অধিকাৰ লাভ কৰিছে যদিও বিষ্ণু ৰাভাই দেখা সপোনৰ দৰে সাধাৰণ জনতা উপকৃত হোৱা নাই৷

স্বাধীনতাৰ সাত দশকৰ পাছতো বিভিন্ন সমস্যাৰ মাজেৰে দিন পাৰ কৰিছে সাধাৰণ জনতা৷ এনে প্ৰেক্ষাপটত বিদেশী সাম্ৰাজ্যবাদ আৰু দেশীয় পুঁজিবাদৰ কাণ্ডাৰীসকলক মুনাফা লুটিবৰ বাবে বাট প্ৰশস্ত কৰা চৰকাৰী অভিসন্ধিৰ বিৰুদ্ধে মুকলিভাৱে ওলাই আহিব লাগিব সকলো পক্ষ। এখন বিকল্প পৃথিৱীৰ বাবে ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠন সকলো মিলিত হৈ ঐক্যবদ্ধভাৱে যুঁজ দিব লাগিব।

জনগণে কৰা সংগ্ৰাম ৰোধিবৰ বাবে পুঁজিপতিৰ শ্ৰুতিলিপি শুনা চৰকাৰী পক্ষই বিভিন্ন কৌশল অৱলম্বন কৰিব পাৰে। কিন্তু, সেইবোৰ একাষৰীয়া কৰি থৈ প্ৰবল গণ সংগ্ৰাম গঢ়ি তুলিব লাগিব। তেতিয়াহে বিষ্ণু ৰাভাক পূজা কৰাৰ সলনি তেখেতৰ আদৰ্শ প্ৰতিষ্ঠা হ'ব। আনহাতে, বিষ্ণু ৰাভাৰ আদৰ্শ অবিহনে চৰকাৰী শোষণৰ পৰা খাটিখোৱা জনতাৰ মুক্তি কাহানিবা যে সম্ভৱ হ'ব সেয়া আশা কৰিব নোৱাৰি।

বিষ্ণু ৰাভাৰ আদৰ্শ গ্ৰহণ অবিহনে খাটিখোৱা জনতাৰ মুক্তি অসম্ভৱ...
'দিয়া অগ্নিবাণী বিপ্লৱৰ, ভাঙা বন্দীশাল কৌটিকালৰ'- ৰাজ্যৰ চৌদিশে বিষ্ণুপ্ৰসাদ ৰাভাৰ বন্দনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in