ইউনিফৰ্ম চিভিল কোড আৰু তাৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ লগতে ইয়াৰ পৰা অসমীয়া জাতিসত্তাত প্ৰভাৱ পেলাব পৰা বিভিন্ন বিষয়ক লৈ নিবন্ধকাৰ তথা বিশ্লেষক 'ড০ অজয় লাল দত্ত'ৰ এটি লেখা আজি 'মোৰ মত'ত প্ৰকাশ কৰা হ'ল..
ভাৰতবৰ্ষৰ ৰাজনীতিত ধর্মীয় সংখ্যালঘুৰ তুষ্টিকৰণ এটা বহুদিনীয়া বিতর্কিত বিষয়। ধর্মীয় সংখ্যাগুৰুৰ মন 'ৰাম মন্দিৰ' মুকলি কৰি জিনাৰ পাছতে এতিয়া UCC (ইউনিফর্ম চিভিল কোড) আইনৰ যোগেদি বিভিন্ন ধর্ম তথা ভাষা-ভাষীৰ বাবে একে 'ব্যক্তিগত বিষয়ক আইন' প্ৰৱৰ্তন কৰাৰ এক সম্পৰীক্ষা আৰম্ভ হোৱা দেখা গৈছে। উত্তৰাখণ্ডৰ চৰকাৰে বিধান সভাত The Uniform Civil Code of Uttarakhand, 2024 পাছ কৰি, 'একক ন্যায়িক সংহিতা' প্ৰৱৰ্তন কৰা দেশৰ প্ৰথমখন ৰাজ্যত পৰিণত হৈছে। এই প্ৰেক্ষাপটত বাকী ৰাজ্যত কেতিয়ালৈ বুলি প্রশ্ন সামাজিক মাধ্যমত দেখা গৈছে।
এই প্রসংগতে দুটা কথা উল্লেখ কৰিবলৈ মন গৈছে। সিদিনা আহোম সম্প্রদায়ৰ মে-ডাম-মে-ফিত এগৰাকী প্রসিদ্ধ আইনজ্ঞৰ ভাষণত এই বিষয়টি আলোচিত হৈছিল। তেখেতে আহোম সকলক এই UCCৰ আগ্রাসনৰ প্ৰেক্ষাপটত নিজৰ 'পাৰম্পৰিক আইন (Customary Law)ৰ বিষয়ে অধ্যয়ন আৰু গৱেষণা কৰি তাক পুণৰোদ্ধাৰ কৰা সংৰক্ষণ কৰাৰ বাবে আহ্বান জনালে।
একেদৰেই দুদিনমান আগতে নগালেণ্ডৰ চুমি সম্প্রদায়ৰ এখন গাঁৱলৈ গৈ 'নগা ভিলেজ কাউন্সিল'ৰ সৈতে আলোচনাত ভাগ লোৱাৰ সৌভাগ্য হৈছিল। তাতো তেওঁলোকে নগা সমাজখন বিশেষকৈ 'পাৰম্পৰিক আইন' (Customary Law ৰ যোগেদিয়েই পৰিচালিত হয় বুলি জনাইছিল। বিশেষকৈ সম্পত্তি, বিবাহ আদি ব্যক্তিগত বিষয় সমূহ। এতিয়া প্রশ্ন হয়, ইউনিফর্ম চিভিল কোড ক্ষুদ্র জাতিসত্বাৰ 'পাৰস্পৰিক আইন'ৰ প্ৰতি ভাবুকি নেকি?
ৰাজনীতি কৰা সকলে এই 'ইউনিফর্ম চিভিল কোড' অনাৰ প্ৰচেষ্টাৰ জনমত বৃদ্ধিৰ প্ৰচাৰ চলোৱাৰ আঁৰত কিন্তু দুটা ধাৰাল দিশ চকুত পৰিছে। লিখিত ভাৱে প্ৰচাৰ চলোৱা হৈছে যে, ই ধর্মীয় সংখ্যালঘু বিশেষকৈ ইছলামিক ধৰ্মৰ মহিলাসকলক ন্যায় প্ৰদান কৰিবলৈ কৰিব বিচৰা হৈছে। বিবাহ আৰু সম্পত্তিৰ ক্ষেত্ৰত তেখেত সকলক যুগ যুগ ধৰি 'মুছলিম পার্চনেল ল'ৰ জৰিয়তে বঞ্চনা কৰি অহা বুলি, তাৰ পৰা মুক্তি দিব বিচৰাৰ কথা কোৱা হৈছে। ইয়াৰ জৰিয়তে ধর্মীয় সংখ্যালঘুৰ কিছু শতাংশ ভোটাৰক আকর্ষিত কৰিব পাৰিব বুলি ভবা গৈছে। তাৰ বিপৰীতে ধর্মীয় সংখ্যাগুৰু বিশেষকৈ হিন্দু ধৰ্মৰ লোক সকলৰ মাজত ইছলামধর্মী পুৰুষক বহুবিবাহৰ 'তথাকথিত' সুবিধাৰ পৰা বঞ্চিত কৰাৰ পথ হিচাবে এক 'লোমহর্ষক' আকর্ষণীয় বিষয় হিচাবে প্ৰচাৰ চলোৱা দেখা গৈছে।
সমাজ আৰু জীৱনত পৰিবৰ্তনৰ বাদে বিকল্প নাই, পৰিবৰ্তন আৱশ্যসন্তী। কিন্তু প্ৰতিটো পৰিবৰ্তন তথা কথাৰে কেইবাটাও ভাল আৰু বেয়া দিশ থাকে। ইউনিফর্ম চিভিল কোডক লৈ বহুদিনৰ পৰা চলি থকা ৰাজনীতি আৰু শেহতীয়াকৈ সৃষ্টিত ঢৌৰ প্ৰেক্ষাপটত সেয়ে বিভিন্ন দিশবোৰ আলোচিত হোৱাটো প্রয়োজনীয় বুলি ভাবো।
এতিয়া কথা হৈছে যে, দেশত যি 'এক দেশ, এক আইন' স্লোগানৰ জোৱাৰ উঠিছে, সি বহুৰঙী ভাৰতীয় সমাজ, সভ্যতা, যাৰ বৈচিত্ৰ্যতাৰ মাজত ঐক্যৰ ধাৰণাৰ বিপৰীত্য নহয়নে? দেশক একে ৰঙেৰে ঢাকি দিয়াৰ এই প্রয়াসো এক প্ৰকাৰৰ আধিপত্যবাদৰ প্ৰচেষ্টাই নহয়নে? আধিপত্যবাদৰ এই প্রচেষ্টাবোৰ বিভিন্ন ভেশ-ভূষাত আহে। ধর্মীয় আধিপত্যবাদৰ বোকোচাত লৈ অহা সনাতনী 'ৰাম মন্দিৰ'ৰ জোৱাৰৰ ধাৰণাৰ মাজত সৰু সৰু জাতি-জনজাতি সমূহৰ পাৰস্পৰিক ধর্মীয় উপাসনাবোৰ চেপা খাবলৈ ধৰাৰ উপক্ৰম হৈছে। হিন্দী আৰু ইংৰাজীৰ ভাষিক আধিপত্যবাদৰ হেচাত ক্ষুদ্র জাতিসত্তাবোৰৰ নিজা ভাষা/দোৱান আজি দিনে দিনে হেৰাই গৈছে, আনকি প্রতিদিনে একোটাকৈ ভাষা লোপ পোৱাৰ তথ্য ওলাইছে।
সাংস্কৃতিক আগ্রাসনৰ ফলত উত্তৰ ভাৰতীয় সংস্কৃতি আৰু পশ্চিমীয়া সংস্কৃতিয়ে অসমীয়া তথা আন জাতিসত্তাৰ জাতীয় জীৱন চেপা মাৰি আনিছে। এই কথাবোৰ যে ক্ষতিকাৰক সেই কথা সমাজে, জাতিসত্বাবোৰে অনুভৱ কৰিছে আৰু ভিন্ন ৰূপত তাক প্ৰতিৰোধ কৰাৰ বাবে প্ৰান্তীয় মানুহবোৰে প্ৰতিৰোধ গঢ়িবলৈ চেষ্টা কৰিছে। বহুতে নিজ নিজ সাংস্কৃতিক, পাৰম্পৰকি সমলক পদ্ধতিগত ভাৱে আৰু বিজ্ঞানসন্মত ভাৱে লিখিত ৰূপলৈ আনিছে, পুণৰোদ্ধাৰ কৰিছে, হৃত-গৌৰৱ সমূহক সামুহিক প্ৰচেষ্টাৰ উদ্ধাৰ কৰি সগৌৰৱে নিজস্ব জাতিসত্তাক 'এক ও অনন্য' ৰূপত তুলি ধৰিবলৈ চেষ্টা কৰিছে। এয়াও সমাজ পৰিবৰ্তনৰ অবিৰত ৰূপান্তৰৰ এক এৰাব নোৱাৰা প্ৰক্ৰিয়াৰ অংশই।
একক নাগৰিক সংহিতা (ইউনিফর্ম চিভিল কড) ৰ প্ৰস্তাৱিত ৰূপত ইয়াক এক ধর্ম-নিৰপেক্ষ আইন বুলি উদ্ধৃতি দিয়াৰ লগতে ই সকলো ধর্ম, সকলো লিংগ আৰু লৈংগিক দিকবলনৰ লোকৰ বাবে একে ধৰণেৰে প্ৰযোজ্য হব বুলি কোৱা হৈছে। বহু বিবাহৰ নিয়ম বাতিল, বিবাহ আৰু বিবাহ- বিচ্ছেদ একেধৰণৰ ধৰ্ম-নিৰপেক্ষ আইনৰ জৰিয়তে কৰাৰ লগতে বিবাহ-বিচ্ছেদিতৰ ভৰণ-পোষণৰ নীতি, তথা সম্পত্তিৰ উত্তৰাধিকাৰীত্বৰ অধিকাৰো একেধৰণৰ হব লাগে বুলি লক্ষ্য লোৱা হৈছে।
মন কৰিবলগীয়া কথাটি হৈছে যে, হিন্দু সকলৰ বেছি ভাগেই নাজানে যে, হিন্দু সকলৰ মাজতে দুখনকৈ হিন্দু ব্যক্তিগত আইন (Civil Law) ব্যৱস্থা আছে, সেয়া হৈছে মিতাক্সৰা (Mitakshara) উচ্চ- জাতৰ লোক সকলৰ বাবে আৰু দয়াভাগা (Dayabhaga) নিম্নজাতৰ হিন্দু সকলৰ বাবে। মিতাক্সৰা নিয়মৰ মতে পুতেকে দেউতাক জীয়াই থাকোতেই সম্পত্তিৰ অধিকাৰ বিচাৰিব পাৰে, কিন্তু দয়াভাগা নিয়মৰ মতে, দেউতাকৰ মৃত্যুৰ পাছতহে পুত্ৰই সম্পত্তিৰ অধিকাৰ উত্তৰাধিকাৰী সূত্রে দাবী কৰিব পাৰে। Hindu Succession (Amendment) Act 2005 ৰ জৰিয়তে মিতাক্সৰা নিয়মৰ অধীনত চলা 'হিন্দু যুটীয়া পৰিয়াল'ত জীয়াৰীকো উত্তৰাধিকাৰীসূত্রে সম্পত্তিৰ পুত্ৰৰ সমান অধিকাৰ প্ৰদান কৰাৰ ব্যৱস্থা হয়। মন কৰিবলগীয়া যে, আমাৰ পিছপৰা জাতি-জনগোষ্ঠী সমূহে আজিলৈকে মিতাক্সৰা হিন্দু ব্যৱস্থাৰ সুফল সমূহকে পাবলৈ সক্ষম হোৱা নাই। বিশেষকৈ অসম আৰু পশ্চিমবংগতে দয়াভাগা নিয়ম প্ৰৱৰ্তিত হৈ আছে।
এই প্ৰস্তাৱিত একক নাগৰিক সংহিতা (ইউনিফর্ম চিভিল কড) ই হিন্দু আইনত থকা উত্তৰাধিকাৰীসূত্ৰে পোৱা সম্পত্তি আৰু নিজে-কিনা সম্পত্তিৰ মাজৰ পাৰ্থক্য নাইকীয়া কৰিব খোজা হৈছে। ইয়াত কিন্তু 'উত্তৰাধিকাৰীত্বৰ সম্পত্তিৰ অধিকাৰ' বিষয়ত থকা হিন্দু উত্তৰাধিকত্ব আইনক চুব খোজা হোৱা নাই।
ইয়াত দেশৰ ভিন্ন প্ৰান্তৰ সৰু সৰু জাতি-জনজাতি তথা জাতিসত্তা সমূহৰ সম্পত্তিৰ অধিকাৰ, বিবাহ পদ্ধতি আদিৰ 'পাৰম্পৰিক বিধি' (Customary Laws) সমূহৰ ওপৰত কি প্ৰভাৱ পৰিব, সেয়া বিশদ ভাৱে আলোচিত হোৱা উচিত। এই পৰিবৰ্তনৰ ৰাজনৈতিক ঢৌত যাতে, ক্ষুদ্র জাতিবোৰৰ 'গণ- ভোট' (Referendum) নোলোৱাকৈ, সম্মতি অবিহনে, এই 'আইনী আগ্রাসন' নহয় তাক নিশ্চিত কৰাটো এই সময়ৰ এক গুৰুত্বপূৰ্ণ কথা। এই নব্য 'আইনী আগ্রাসন'ক লৈ সমাজ সচেতন হোৱাৰ সময় আহিল। আৰু এনে প্ৰস্তাৱিত পৰিবৰ্তনে কাৰ ৰাজনৈতিক, ব্যক্তিগত আৰু সামাজিক উদ্দেশ্যপূৰণ কৰিব সেয়াও সমাজে চিনাক্ত কৰাৰ সময় আহিল, সেই কথাও কিন্তু নিশ্চিত।
Also Read: বৰপেটাৰোডত সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনা