মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ কাণ্ড: হত্যাৰ অভিযোগত আটক পত্নী-কন্যা...

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ কাণ্ড: হত্যাৰ অভিযোগত আটক পত্নী-কন্যা...
Published on
Updated on

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটাত এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হোৱা অভিযোগ উত্থাপিত হৈছে। মাৰ্ঘেৰিটা নগৰৰ মাজমজিয়াৰ স্থিত চেণ্টেল ফিল্ডৰ নিৱাসী দেৱ চন্দ্ৰ গগৈক তেওঁৰ পত্নী আৰু জীয়ৰীয়ে পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ লগতে স্থানীয় লোকৰ। সোমবাৰে নিশা দেৱ চন্দ্ৰ গগৈক পত্নী অনু গগৈ আৰু প্ৰিয়ংকা গগৈয়ে মাৰধৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। ইয়াৰ পিছতে দেৱ চন্দ্ৰ গগৈক পত্নী অনু গগৈ আৰু প্ৰিয়ংকা গগৈয়ে কোনো অজ্ঞাত স্থানলৈ লৈ যায়।

পৰিয়ালৰ লোকে মাৰ্ঘেৰিটা থানাত দিয়া এজাহৰ অনুসৰি অভিযোগত পত্নী অনু গগৈ আৰু প্ৰিয়ংকা গগৈয়ে ডিব্ৰুগড়ৰ কোনো অজ্ঞাত স্থানত নি দেৱ চন্দ্ৰ গগৈ মৃতদেহ পৰিয়ালৰ কোনো লোকক অৱগত নকৰাকৈয়ে সৎকাৰ কৰে। পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি পত্নী আৰু জীয়াৰীয়ে প্ৰায়ে দেৱ চন্দ্ৰ গগৈক শাৰীৰিক আৰু মানসিক অত্যাচাৰ দীৰ্ঘদিনে চলাই আহিছিল। পৰিয়ালৰ লোকে দেৱ চন্দ্ৰ গগৈ নিৰুদ্দেশ সন্দৰ্ভত মাৰ্ঘেৰিটা আৰক্ষীৰ থানাত অভিযোগ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে অনুসন্ধান চলাই দুই অভিযুক্ত দেৱ চন্দ্ৰ গগৈৰ পত্নী আৰু জীয়াৰীক ডিব্ৰুগড়ৰ লাহোৱালৰ পৰা আটক কৰি আনি মাৰ্ঘেৰিটা থানাত মাৰাথান জেৰা অব্যাহত ৰাখিছে।

অভিযুক্তৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই মাৰ্ঘেৰিটা আৰক্ষী থানাত শতাধিক ৰাইজে ভিৰ কৰা পৰিলক্ষিত হয়। সকলোৱে দেৱ চন্দ্ৰ গগৈৰ হত্যাকাৰীক উপযুক্ত শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে। একসূত্ৰই জানিবলৈ দিয়া অনুসৰি অভিযুক্ত পত্নী আৰু জীয়াৰী গৰাকীয়ে দীৰ্ঘদিনে অনৈতিক কাৰ্য্যকলাপত জড়িত হৈ বিভিন্ন জনৰ পৰা ধন সংগ্ৰহ কৰিছিল যিটো দেৱ গগৈয়ে বিৰোধীতা কৰি আহিছিল বুলি জানিব পৰা গৈছে। বিভিন্নজনৰ পৰা সংগ্ৰহ কৰা ধনেৰে কেইবা লাখটকীয়া এটা গৃহও নিৰ্মাণ কৰি থকাৰ অভিযোগ উত্থাপন হৈছে। এইক্ষেত্ৰত আৰক্ষীৰ তদন্তত প্ৰকৃত তথ্য পোহৰলৈ আহিব। সমগ্ৰ ঘটনাই অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে।

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ কাণ্ড: হত্যাৰ অভিযোগত আটক পত্নী-কন্যা...
নকওঁ বুলিও ক'বলগীয়া কথাবোৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in