বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ অন্ত্যেষ্টিক্ৰিয়ালৈ চন্দন কাঠ দান ফাৰহাদ আলীৰ

author-image
Asomiya Pratidin
New Update
বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ অন্ত্যেষ্টিক্ৰিয়ালৈ চন্দন কাঠ দান ফাৰহাদ আলীৰ

ডিজিটেল ডেস্ক : মহাপ্ৰস্থানৰ পাছতো যেন সমাজ সংস্কাৰকৰ ভূমিকা পালন বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া গৰাকীৰ । জীৱিত কালতো ব্যক্তি উৰ্ধ্বক উদাৰ নীতিৰে লখিমপুৰৰ চাঙনী সত্ৰত এগৰাকী মিছিং সম্প্ৰদায়ৰ লোকক সত্ৰাধিকাৰ পাতিছিল বুঢ়াসত্ৰীয়া গৰাকীয়ে । মহাপুৰুষ দুজনাৰ বাণীৰে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোকে সমান দৃষ্টিৰে চোৱা বুঢ়াসত্ৰীয়া গৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াটো দেখা গ'ল একেই ঐক্যতা । বৰপেটাৰে এগৰাকী মুছলমান সম্প্ৰদায়ৰ ব্যক্তি ফৰহাদ আলীয়ে বুঢ়াসত্ৰীয়া গৰাকীৰ শেষকৃত্যৰ বাবে আগবঢ়াইছে এডাল বগা চন্দন গছ ।

বৰপেটাৰ কাজিৰ মিলৰ বাসিন্দা ফৰহাদ আলীয়ে নিজৰ বাসগৃহত ৰোপণ কৰা বগা চন্দন গছ ডাল আগবঢ়াই দাঙি ধৰিলে এক অনন্য সম্প্ৰীতিৰ নিদৰ্শন । আৰু কেৱল ফৰহাদ আলীয়েই নহয় বৰং বুঢ়াসত্ৰীয়া গৰাকীৰ অন্তিম শোকযাত্ৰাত দেখা গ'ল বহু সংখ্যক ইছলাম ধৰ্মাৱলম্বী লোকক । ইয়াৰ পৰাই প্ৰমাণ পাই ৰাজ্যখনৰ লোকসকলক একতাৰ ডোলেৰে বান্ধি ৰখাত বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাদেৱৰ অৱদান কিমান আছিল । পৰৱৰ্তী কালতো যেন এই আদৰ্শৰেই সমগ্ৰ ৰাজ্যবাসী অনুপ্ৰাণিত হৈ ৰোৱাই হ'ব অসমীয়া সংস্কৃতিৰ মহীৰূহ গৰাকীৰ প্ৰতি উচিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন ।

assam bashishtha dev sarma