হাজোৰ দিহিনাত দেৱী দুৰ্গাৰ মূৰ্তি দান কৰিলে মুছলমান যুৱকে...

পুনৰ এবাৰ প্ৰমাণ হ'ল হাজোৰ ধৰ্মীয় সম্প্ৰীতিৰ নিদৰ্শন

author-image
Asomiya Pratidin
New Update
হাজোৰ দিহিনাত দেৱী দুৰ্গাৰ মূৰ্তি দান কৰিলে মুছলমান যুৱকে...

হাজোৰ দিহিনাত দেৱী দুৰ্গাৰ মূৰ্তি দান কৰিলে মুছলমান যুৱকে...

ডিজিটেল সংবাদ হাজোঃ পুনৰ এক সম্প্ৰীতিৰ নিদৰ্শন দেখা পোৱা গ'ল হাজোৰ দিহিনা গাওঁত। গাওঁখনৰ মুছলমান যুৱক জয়দুল হুছেইন, মজনুৰ আলী, পিৰমহম্মদ আলীৰ এক যোগাত্মক কাৰ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

এই তিনি মুছলমান যুৱকে কেইবাজনো হিন্দু যুৱকৰ সৈতে মিলি দান কৰিলে দুৰ্গা দেৱীৰ প্ৰতিমূৰ্তি। উল্লেখযোগ্য যিটো সময়ত ধৰ্মীয় অসহিষ্ণুতাই দেশখনৰ লগতে অসমকো গ্ৰাস কৰিছে সেই সময়তে হাজোৰ দিহিনা দুৰ্গা পূজাত দেখা পোৱা এই সম্প্ৰীতিৰ নিদৰ্শনে সকলোৰে দৃষ্টি কাঢ়িছে।

গাঁওখনৰ হিন্দু যুৱক ক্ৰমে, তপন, ৰাজু, পংকজ, দীপাংকৰ, অপু, ৰূপজ্যোতিৰ সৈতে লগ হৈ এই তিনি মুছলমান যুৱকে বুজাই দিলে অসমীয়া সমাজখনত এতিয়াও ধৰ্মীয় মেৰু বিভাজনৰ অপচেষ্টাতকৈ সমন্বয়ৰ সেতু কিমান মজবুত।

তিনিও মুছলমান যুৱকে পুনৰ এবাৰ হাজোৰ সাতামপুৰুষীয়া হিন্দু, মুছলমানৰ সম্প্ৰীতিক তুলি ধৰিলে। তেওঁলোকে বুজাই দিলে হাজোক কিয় হিন্দু-মুছলমানৰ একতাৰ মিলন ভূমি বুলি কোৱা হয়। এই যুৱক কেইজনৰ এই পদক্ষেপক স্থানীয় সকলো লোকে প্ৰশংসা কৰাৰ লগতে আদৰণি জনাইছে।

Also Read: ৰঙিয়া মহাবিদ্যালয়ত ইছৰোৰ অন্তৰীক্ষ যান প্ৰদৰ্শনী আৰু কুইজ প্ৰতিযোগিতা সম্পন্ন...

দুৰ্গা পূজা হাজো