ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁও জিলাৰ ৰাইডঙীয়া অঞ্চলৰ অগ্ৰণী সামাজিক, সাংস্কৃতিক অনুষ্ঠান "প্ৰজন্ম"ৰ উদ্যোগত নাট্যশিল্পী ৰাজ মেধিৰ সোৱঁৰণত অনুষ্ঠিত নৱম বাৰ্ষিক প্ৰযোজনা ভিত্তিক নাট কৰ্মশালাৰ সোমবাৰে নিশা সামৰণি পৰে। সামৰণি অনুষ্ঠানত উপস্থিত থাকে নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা।
তেওঁ কয়- 'অসমীয়া সাহিত্য, সংস্কৃতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ সমীপৱৰ্তী ৰাইডঙীয়া অঞ্চলৰ একাংশ সংস্কৃতিৱান লোকৰ প্ৰচেষ্টাত তথা প্ৰজন্মৰ উদ্যোগত কনকন প্ৰশিক্ষাৰ্থী সকলে গ্ৰীষ্মকালীন বন্ধ সময়ছোৱাত যি নাট্য চৰ্চা চলিল ই সঁচাকৈ প্ৰশংসনীয়।' লগতে তেওঁ নতুন প্ৰজন্মৰ শিল্পীসকলক উৎসাহিত কৰা উদ্দেশ্যে প্ৰজন্মই বিগত সময়ত যি পদক্ষেপ গ্ৰহণ কৰি আহিছে তাৰ বাবে প্ৰজন্মৰ সৈতে জড়িত প্ৰতিগৰাকী সদস্য-সদস্যাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।
ৰাইডঙীয়া পাঁচ-আলিস্থিত ৰাজহুৱা মঞ্চত অনুষ্ঠিত হোৱা নাট কৰ্মশালাৰ সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলৰ অভিনয় সমৃদ্ধ ৩খনকৈ ভিন্নৰসৰ নাট প্ৰদৰ্শন কৰা হয়। প্ৰচণ্ড গৰমকো নেওচি পৰিবেেশ কৰা "গোহালি ঘৰত দুৰদৰ্শন"," শৈশৱ","ঘন উশাহৰ চুটি বাট" শীৰ্ষক নাটকেইখনৰ সুন্দৰ কাহিনী আৰু পৰিচালনাৰ লগতে শিল্পীসকলৰ অনবদ্য অভিনয়ে উপস্থিত শতাধিক লোকক আপ্লুত কৰি তোলে।
অনুুুষ্ঠানৰ আৰম্ভণিতে নটৰাজৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজকৰ্মী লাচিত বৰদলৈয়ে। ৰাজ মেধিৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে আইভেটি গাওঁ পঞ্চায়তৰ সভাপতি দেহিৰাম বৰাই।
আনহাতে শান্তনু বৰা আৰু ঋতু মেধিয়ে আঁত ধৰা অনুষ্ঠানটিত সমাজকৰ্মী ৰোহিনী বৰা, প্ৰজন্মৰ মুুখ্য তত্বাৱধায়ক শংকৰজ্যোতি শৰ্মা, নাট পৰিচালক অম্লান দীপ শইকীয়া, প্ৰাচুৰ্য্য প্ৰাণ নাথ, বিকাশ প্ৰিয়ম, পৰাগ জ্যোতি, অংশুমান শইকীয়া, চায়ামনি বৰা, অভিনেতা গিতাৰ্থ শৰ্ম্মা, হেমন্ত কলিতাকে আদি কৰি শতাধিক লোক উপস্থিত থাকে।
Also Read: নুমলীগড় শোধনাগাৰৰ মুখ্য প্ৰৱেশদ্বাৰত শ্ৰমিক ইউনিয়নৰ তীব্ৰ প্ৰতিবাদ