ডিজিটেল সংবাদ,চতিয়া : চতিয়া বিধানসভা সমষ্টিটোক “নদুৱাৰ সমষ্টি” হিচাপে পুনৰ গঠনৰ পাছত সকলো মৌজাৰ নাগৰিকৰ প্ৰতিনিধিমূলক উপস্থিতিত দেওবাৰে বিয়লি জামুগুৰিহাটৰ বাঁপুজী ভৱনত অনুষ্ঠিত হয় এখন বৃহৎ ৰাজহুৱা সভা। অৱসৰপ্ৰাপ্ত অধ্যক্ষ গণেশ পাঠকৰ সভাপতিত্বত সভাখন অনুষ্ঠিত কৰা হয়।
সভাৰ মুখ্য অতিথিৰ ভাষণত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই পূৰ্বৰ চতিয়া বিধানসভা সমষ্টিটোক “ নদুৱাৰ বিধান সভা সমষ্টি” নামেৰে গঠন কৰাৰ বাবে নিৰ্বাচনী আয়োগলৈ ধন্যবাদ জ্ঞাপন কৰে ৷ লগতে ৭০ দশকৰ পৰাই উত্থাপন হৈ আহা নদুৱাৰ মহকুমা গঠনৰ দাবীৰ প্ৰতি সন্মান জনাই অসম চৰকাৰে বৃহত্তৰ নদুৱাৰ বিধানসভা সমষ্টিটোক “নদুৱাৰ উপ-জিলা” হিচাবে ঘোষণা কৰাত সন্তুষ্টি প্ৰকাশ কৰে।
এইক্ষেত্ৰত বিধায়কগৰাকীয়ে সমষ্টিবাসীৰ হৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ৷ বৃহৎ ৰাজহুৱা সভাই সৰ্বসন্মত সিদ্ধান্ত অনুযায়ী নৱ গঠিত নদুৱাৰ উপ- জিলাৰ মুখ্য কাৰ্যালয় জামুগুৰিহাটৰ কুসুমটোলাত স্থাপনৰ বাবে গ্ৰহণ কৰা প্ৰস্তাৱ অসম চৰকাৰলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে ৷
সভাই নৱ গঠিত নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক মুখ্য উপদেষ্টা,১৭ গৰাকী বিশিষ্ট নাগৰিকক উপদেষ্টা, সমাজকৰ্মী জগত শইকীয়াক সভাপতি, মিন্টু নাথক সাধাৰণ সম্পাদক হিচাবে লৈ সমষ্টি ভিত্তিত “নদুৱাৰ নাগৰিক মঞ্চ” নামৰ এখন ১০১ জনীয়া শক্তিশালী কমিতি গঠন কৰে ৷