বিহপুৰীয়াত নিষিদ্ধ নগাঁৱৰ মাছ : দল- সংগঠনৰ ৰাজহুৱা সিদ্ধান্ত

বিহপুৰীয়াত নিষিদ্ধ নগাঁৱৰ মাছ : দল- সংগঠনৰ ৰাজহুৱা সিদ্ধান্ত

author-image
Asomiya Pratidin
New Update
বিহপুৰীয়াত নিষিদ্ধ নগাঁৱৰ মাছ :  দল- সংগঠনৰ ৰাজহুৱা সিদ্ধান্ত

ডিজিটেল সংবাদ, বিহপুৰীয়া : বিহপুৰীয়াত সৰ্বকালৰ বাবে নগাঁৱৰ মাছ নিষিদ্ধ কৰিলে বিহপুৰীয়াৰ একাধিক দল সংগঠনে। মঙলবাৰে বিহপুৰীয়া প্ৰেৰণা চিনেমা হলত বিহপুৰীয়াৰ কেইবাটাও জাতীয় জনগোষ্ঠীয় ছাত্ৰ সংগঠনে একত্ৰিতভাৱে অনুষ্ঠিত কৰা এখন ৰাজহুৱা সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

সদৌ টাই আহোম ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি নোমল চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত হয় এখনি সভা। এই সভাখনত বিহপুৰীয়াৰ বিভিন্ন প্ৰান্তৰ মাছৰ বজাৰ সমূহলৈ দৈনিক নগাঁৱৰ পৰা অহা মাছৰ যোগান বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে মাছ ব্যৱসায় সকলক এই ক্ষেত্ৰত নগাঁৱৰ মাছ বিক্ৰী বন্ধ কৰিবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে, নগাঁৱৰ মৎস্য ব্যৱসায়ীয়ে নগাঁৱৰ মাছ উজনি অসমত যোগান নধৰাৰ হুংকাৰ দিয়াৰ পিছতে বিহপুৰীয়াৰ জাতীয় সংগঠন সমূহে ক্ষুব্ধ হৈ পৰিছে নগাঁৱৰ মৎস্য বৱসায়ী সন্থাৰ বিৰুদ্ধে। সংগঠন কেইটাই বিহপুৰীয়াৰ মাছৰ বজাৰসমূহৰ ব্যৱসায়ীসকলক এই ক্ষেত্ৰত সংগঠনসমূহে লোৱা সিদ্ধান্তক সন্মান জনাবলৈ আহ্বান জনায়।

Also Read: উই ৱাণ্ট জাষ্টিছ শীৰ্ষক বাটৰ নাট মঞ্চস্থৰে সজাগতাৰ আহ্বান

BIHPURIYA