ডিজিটেল সংবাদ, নগাঁও : চৰকাৰী চিকিৎসালয়ত আজব ঘটনা ৷ জীৱিত নৱজাতকক আই চি ইউত ৰাখি আনৰ মৃত সন্তান চমজাই চিকিৎসালয়ৰ পৰা ৰিলিজ দিলে প্ৰসূতিক ৷
নগাঁৱৰ মহ’খুলিত থকা মাতৃ আৰু শিশু স্বাস্থ্য চিকিৎসালয়ৰ পৰা মৃত নৱজাতক কুকুৰে ৰাজপথলৈ অনা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল ৷ এই ঘটনাৰ চাঞ্চল্য মাৰ নাযাওতে সোমবাৰে এগৰাকী প্ৰসূতিয়ে জন্ম দিয়া কন্যা সন্তানৰ মৃত্যু হোৱা বুলি ঘোষণা কৰি মঙ্গলবাৰে অন্যলোকৰ মৃত পুত্ৰ সন্তান এটি গতাই প্ৰসূতি গৰাকীক ৰিলিজ দিয়ে ৷
জানিব পৰা মতে চিকিৎসালয় খনত সোমবাৰে লাওগাঁৱৰ আফিয়া খাতুন নামৰ প্ৰসূতি গৰাকীয়ে এটি কন্যা সন্তান প্ৰসৱ কৰিছিল ৷ সন্তানটি সাতমাহত জন্ম হোৱাত আৰু ওজন কম হোৱাত আই চি ইউত চিকিৎসকে পৰ্যবেক্ষণৰ বাবে ৰখাৰ পৰামৰ্শ প্ৰদান কৰে ৷ সেই মতে চিকিৎসালয় খনৰ আই চি ইউলৈ নৱজাতক কন্যা সন্তানটি নিয়া হয় ৷
সোমবাৰৰ এই ঘটনাৰ পিছত মঙ্গলবাৰে চিকিৎসালয়খনৰ নাৰ্চে আফিয়াৰ পৰিয়ালক অৱগত কৰে যে তেওঁলোকৰ সন্তানটিৰ মৃত্যু হৈছে ৷ সেই মৰ্মে আফিয়াৰ পৰিয়ালৰ হাতত এটি মৃত সন্তান কাপোৰেৰে মেৰিয়াই চমজায় দিয়ে চিকিৎসালয়ৰ নাৰ্চে ৷ মৃত সন্তানলৈ পৰিয়ালৰ লোক চিকিৎসালয়ৰ পৰা ঘৰলৈ আহে ৷
সামাজিক নীতি মতে মৃত সন্তানটি জানাজা কৰিবলৈ সাজু কৰোতে চিকিৎসালয়ৰ পৰা পৰিয়ালটোক খবৰ দিয়া হয় যে তেওঁলোকৰ সন্তানটি জীৱিত হৈ আছে ৷ তেতিয়া পৰিয়ালৰ লোকে সন্তানটো প্ৰত্যক্ষ কৰি দেখে যে চিকিৎসালয়ে চমজি দিয়া সন্তানটো কন্যা সন্তান নহয় ৷ এটি মৃত পুত্ৰ সন্তানহে ৷
আফিয়াৰ স্বামী জিয়াবুৰ ৰহমানে মৃত সন্তানটি লৈ ম’হখুলিৰ চিকিৎসালয়ত উপস্থিত হয় আৰু আই চি ইউ লৈ গৈ নিজ সন্তানটো সুস্থ অৱস্থাত প্ৰত্যক্ষ কৰে ৷ আৱশ্যে পিছত চিকিৎসালয় কৰ্তৃপক্ষই এই ঘটনা ভুলতে হোৱা বুলি স্বীকাৰ কৰে ৷