ডিজিটেল সংবাদ , নগাঁও : নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত উত্তেজনা ৷ চিকিৎসালয়ত এগৰাকী মহিলা ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তেজনাময় পৰিবেশৰ ৷ পাছত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লগা হয় ৷
জানিব পৰা মতে মঙলবাৰে নিশা মালতী শইকীয়া নামৰ মহিলা গৰাকীক পৰিয়ালৰ লোকে চিকিৎসালয় ভৰ্তি কৰিছিল ৷ কিন্তু বুধবাৰে বিয়লি দুই বজাত মহিলাগৰাকীৰ মৃত্যু হয় ৷
অভিয়োগ মতে মঙলবাৰে নিশা আঠ বজাত চাপানলাৰ মালতী শইকীয়াক উচ্চ ৰক্ত চাপ জনিত ৰোগত আক্ৰান্ত হোৱাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল ৷ পৰবৰ্তী সময়ত চিকিৎসালয়ৰ মজিয়াত বিচনা পাৰি শুৱলৈ দিয়া হৈছিল মহিলা ৰোগী গৰাকীক ৷ বুধবাৰে বিয়লিলৈকে মহিলাগৰাকীক চিকিৎসকে স্বাস্থ্য পৰীক্ষা নকৰাৰ অভিযোগ আত্মীয়ৰ ৷ যাৰ ফলত উপযুক্ত চিকিৎসা অবিহনে কৰুণ মৃত্যুক সাৱতি লয় মালতী শইকীয়াই ৷
এই ঘটনাৰ পিছত চিকিৎসালয় খনৰ চৌহদত মৃত মহিলাগৰাকীৰ আত্মীয় উত্তেজিত হৈ পৰে ৷ সৃষ্টি হয় উত্তেজনাৰ ৷ পিছত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰন কৰে ৷ স্বাস্থ্য় মন্ত্ৰীৰ গৃহ জিলাৰ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ৰোগীয়ে প্ৰকৃত চিকিৎসাৰ অভাবত সঘনে মৃত্যুক সাৱতি লোৱাৰ ঘটনা সংঘটিত হৈ অহাটো এক উদ্বেগৰ বিষয় হৈ পৰিছে ৷