নগাঁৱত শিক্ষক-উপায়ুক্তৰ শৈক্ষিক মন্থন...

নগাঁও জিলা প্ৰশাসন আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শক কাৰ্যালয়ৰ উদ্যোগত নগাঁও জিলা পুথিভঁড়ালত এক ‘শৈক্ষিক মন্থন’ কাৰ্যসূচী অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
নগাঁৱত শিক্ষক-উপায়ুক্তৰ শৈক্ষিক মন্থন...

nagaon teacher-dc meeting

ডিজিটেল সংবাদ, নগাঁও : বিগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নগাঁও জিলাৰ কিছু বিদ্যালয়ে উন্নত ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম নোহোৱাৰ কাৰণ সমূহ বিশ্লেষণ কৰাৰ বাবে ২৯ অক্টোবৰত নগাঁও জিলা প্ৰশাসন আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শক কাৰ্যালয়ৰ উদ্যোগত নগাঁও জিলা পুথিভঁড়ালত এক ‘শৈক্ষিক মন্থন’ কাৰ্যসূচী অনুষ্ঠিত হয়।

উক্ত সভাত নগাঁও জিলাৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে বিভিন্ন বিদ্যালয়ৰ প্ৰধান শিক্ষক, অধ্যক্ষ সকলৰ সৈতে মত বিনিময় কৰে ৷ লগতে আগন্তুক শিক্ষান্ত পৰীক্ষাত ছাত্ৰ-ছাত্ৰীসকলে যাতে উন্নত ফলাফল প্ৰদৰ্শণ কৰিবলৈ সক্ষম হয় তাৰ যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিবৰ বাবে শিক্ষকসকলক আহ্বান জনায়।

নগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথে আঁতধৰা অনুষ্ঠানটিত অতিৰিক্ত উপায়ুক্ত প্ৰশান্ত বৰুৱা, জিলা শিশু সুৰক্ষা বিষয়া অঞ্জলী আৰ্য আদিয়ে অংশ গ্ৰহণ কৰে।

nagaon dc meeting assam school teacher