প্ৰসংগ জোনমণি ৰাভা : নগাঁৱত ১৩ টা সংগঠনৰ অৱস্থান ধৰ্মঘট...

জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ নিৰপেক্ষ তদন্তৰ দাবীত নগাঁৱত ১৩ টাকৈ জাতীয় সংগঠনৰ অৱস্থান ধৰ্মঘট

author-image
Asomiya Pratidin
New Update
প্ৰসংগ জোনমণি ৰাভা : নগাঁৱত ১৩ টা সংগঠনৰ অৱস্থান ধৰ্মঘট...

ডিজিটেল সংবাদ, নগাওঁ : জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ নিৰপেক্ষ তদন্তৰ দাবীত নগাঁৱত ১৩ টাকৈ জাতীয় সংগঠনৰ অৱস্থান ধৰ্মঘট। নগাঁৱৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত এই প্ৰতিবাদ ১৩ সংগঠনৰ।

দোষীক গ্ৰেপ্তাৰ কৰি ন্যায়িক তদন্তৰ জৰিয়তে কঠোৰ শাস্তি প্ৰদানৰ আহ্বান সংগঠনকেইটাৰ। উল্লেখ্য যে, এ জে ৱাই চি পি, তিৱা ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ সন্থা, ৰাভা ছাত্ৰ সন্থাৰ আদিৰ উদ্যোগত ৰূপায়িত হৈছে এই প্ৰতিবাদী কাৰ্যসূচী।

নগাওঁ জিলাৰ মৰিকলং টাউন আৰক্ষী চকীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুত সমগ্ৰ ৰাজ্যত ৰহস্যৰ সৃষ্টি হোৱাৰ পিছতে ঠায়ে ঠায়ে দেখিবলৈ পোৱা গৈছিল প্ৰতিবাদ। ঠিক একেদৰে স্বৰ্গীয় উপ-পৰিদৰ্শক গৰাকীৰ মৃত্যুৰ উচিত তদন্ত তথা দোষীক শাস্তি প্ৰদানৰ দাবীৰে ১৩ টাকৈ সংগঠনে আজি নগাওঁ কঁপাই তোলে।

Also Read: নকল সোণৰ বিৰুদ্ধে সৰৱ অসম আৰক্ষী: এই পৰ্যন্ত গ্ৰেপ্তাৰ ১৬০...

Assam police