কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱত ১৫ দিনীয়া কৃষি সামগ্ৰী ব্যৱসায়ৰ প্ৰশিক্ষণৰ শুভাৰম্ভ...

"জীৱন যাপন, কৃষ্টি সংস্কৃতিৰ দাপোন স্বৰূপ আমাৰ কৃষি"- ড০ নিৰঞ্জন ডেকা।

author-image
Asomiya Pratidin
New Update
কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱত ১৫ দিনীয়া কৃষি সামগ্ৰী ব্যৱসায়ৰ প্ৰশিক্ষণৰ শুভাৰম্ভ...

কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱত ১৫ দিনীয়া কৃষি সামগ্ৰী ব্যৱসায়ৰ প্ৰশিক্ষণৰ শুভাৰম্ভ...

ডিজিটেল সংবাদ, বটদ্ৰৱা: অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট আৰু ৰাজ্যিক কৃষি বিভাগৰ যুটীয়া উদ্যোগত, কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ দ্বাৰা আয়োজিত কৃষি সামগ্ৰী ব্যৱসায়ীৰ ১৫ দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি আৰম্ভণি হয়।

শিমলুগুৰিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্য্যসূচী আজি আৰম্ভণি কৰি কেন্দ্ৰটিৰ মুৰব্বী ড০ নিৰঞ্জন ডেকাই কয়, দেশৰ বিকাশ আৰু প্ৰগতিৰ বাটত কৃষিৰ ভূমিকা অনান্য। জীৱন যাপন, কৃষ্টি সংস্কৃতিৰ দাপোন স্বৰূপ আমাৰ কৃষি। দেশৰ ২৫ শতাংশ উপাৰ্জনৰ উৎস হৈছে কৃষি আৰু আনুসাংগিক ক্ষেত্ৰ। কৃষি সামগ্ৰী ব্যবসায়ীসকলে কৃষি সম্প্ৰসাৰণ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। এই ব্যৱসায়ীসকলৰ তথ্য, জ্ঞান, কৌশল থাকিব লাগে। আমাৰ দেশত ২ লাখ ৮২ হাজাৰ লোক কৃষি সামগ্ৰী ব্যৱসায়ৰ লগত জড়িত। এইসকলে কৃষি উন্নয়ন এজেঞ্চি আৰু কৃষকৰ মাজত সাঁকোৰ ভূমিকা পালন কৰে । কৃষি সামগ্ৰী ব্যৱসায়ীসকল কৃষকৰ বন্ধু, দাৰ্শনিক আৰু গাইড।

উল্লেখ্য যে, নগাঁও জিলাৰ নিষ্ঠাবান, কৰ্মপটু, দ্বায়িত্বশীল কৃষি বিষয়া ৰঞ্জন প্ৰসাদ ডেকাই অহা ৩১ অক্টোবৰত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিব। আজিৰ এই কৃষি সামগ্ৰী ব্যৱসায়ীৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ অনুষ্ঠানতে কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ তৰফৰ পৰা ৰঞ্জন প্ৰসাদ ডেকাক ফুলাম গামোচা আৰু শৰাইৰে বিদায় সম্বৰ্ধনা জনোৱা হয়।

কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ পশু বিজ্ঞান বিশেষজ্ঞ ড০ অনিমেশ ডেকাই আঁত ধৰা এই অনুষ্ঠানটিত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰি কৃষি বিজ্ঞান কেন্দ্ৰত চাকৰি জীৱনৰ শেষ ভাষণ প্ৰদান কৰি ৰঞ্জন প্ৰসাদ ডেকাই কয়, কৃষি সামগ্ৰী ব্যবসায় নহয়, ই এক উৎসৰ্গিত সেৱা। সকলোৱে মানবীয় প্ৰমূল্য বজাই ৰাখি, সামান্য লাভৰ আশাত যাতে ব্যৱসায়ী সকলে ক্ষতিকাৰক বস্তু বিক্ৰী নকৰে। যিয়ে আমাৰ মাটি পানী বায়ু নষ্ট কৰে। তাৰ প্ৰতি সকলো দ্বায়বদ্ধ হব লাগিব।

নগাঁও জিলাৰ বিভিন্ন ঠাইৰ ৪৩ গৰাকী কৃষি সামগ্ৰী ব্যৱসায়ীয়ে অংশ গ্ৰহণ কৰা এই প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ অনুষ্ঠানত ভূমি বিজ্ঞান বিশেষজ্ঞ দ্বীপেন চন্দ্ৰ নাথ, উদ্যান শস্য বিশেষজ্ঞা জুলি শৰ্মা, পথাৰ শষ্য বিশেষজ্ঞা ড০ বন্তি গগৈ, পাম পৰিচালক শংকু মনি শৰ্মা, কাৰ্যসূচী সহায়ক (মীণ) ৰূপক কুমাৰ টায়েকে আদি কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে। কৃষি অৰ্থনীতি বিভাগৰ বিষয়বস্তু বিশেষজ্ঞা ড০ চিংকি বৰ্মনে শলাগৰ শৰাই আগবঢ়োৱাৰ পাছত কৃষি সামগ্ৰী ব্যৱসায়ী সকলৰ হাতে কামে প্ৰশিক্ষণ আৰম্ভ কৰা হয়।

Also Read: বিহালীত প্ৰচাৰ চলাবলৈ আহি বিৰোধী প্ৰাৰ্থী জয়ন্ত বৰাৰ প্ৰসংগত মৌনতা বিধায়ক মানৱ ডেকাৰ...

কৃষি বিজ্ঞান কেন্দ্ৰ কৃষি