চকলাঘাট ক্ষেত্ৰী গাঁৱত ১৫৪ বছৰীয়া পৰম্পৰাৰে 'ৰুক্মিণী হৰণ' ভাওনা

হেজাৰ হেজাৰ লোকৰ উপস্থিতিত উখল-মাখল পৰিৱেশ
চকলাঘাট ক্ষেত্ৰী গাঁৱত ১৫৪ বছৰীয়া পৰম্পৰাৰে 'ৰুক্মিণী হৰণ' ভাওনা
Published on
Updated on

ডিজিটেল সংবাদ,বটদ্ৰৱা : নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী চকলাঘাট ক্ষেত্ৰী গাঁৱত ১৫৪ পৰম্পৰাৰে অনুষ্ঠিত হয় ৰুক্মিণী হৰণ ভাওনা। ১৮৭০ চনৰ পৰা প্ৰতি বছৰে ১ আহাৰৰ দিনটোত বিশাল কাৰ্যসূচীৰে অনুষ্ঠিত হৈ আহিছে এই 'ৰুক্মিণী হৰণ ভাওনা' উৎসৱ।

প্ৰতিবছৰৰ দৰে আজিও পুৱাৰে পৰা বৃহত্তৰ অঞ্চলটোৰ সহস্ৰাধিক লোকৰ উপস্থিতিত ক্ষেত্ৰী গাঁৱত উখল মাখল পৰিৱেশ সৃষ্টি হৈছে। তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত 'ৰুক্মিণী হৰণ ভাওনা' উৎসৱ উপলক্ষে দেওবাৰৰ প্ৰথমটো দিনত পুৱা গন্ধ গোৱা অনুষ্ঠানৰ পাছতে ভাগৱত পাঠ আৰু পানীতোলা কাৰ্যসূচী সম্পন্ন হয়।

পানী তোলা কাৰ্যসূচীত গায়ন বায়ন, আয়তী জাউৰিয়ে-জাউৰিয়ে হৰি নাম কীৰ্ত্তন, উৰুলিৰ ধ্বনিৰে মাজেৰে অঞ্চলৰ জীয়ৰী বোৱাৰী, কণ-কণ শিশু, কিশোৰীসহ শতাধিক আয়তীয়ে হাতত কলচি লৈ পদব্ৰজে সমগ্ৰ অঞ্চল পদক্ষিণ কৰে। দুপৰীয়া নামকীৰ্ত্তন, প্ৰসাদ বিতৰণ কাৰ্যসূচী সম্পন্ন হয়।

আনহাতে সন্ধিয়া ক্ষেত্ৰী গাঁও নামঘৰৰ লগতে সমগ্ৰ গাঁৱৰ প্ৰতিঘৰ গৃহৰ পদূলিত বন্তি প্ৰজ্বলন কৰা হ'ব। নিশা ৯-০০ বজাৰ পৰা ভাওনাৰ পূৰ্বৰংগ আৰু ১০-০০ বজাত ৰুক্মিণী হৰণ নাট আৰম্ভ হ'ব।

ইফালে সোমবাৰে গোপিনী সবাহৰ মাজেৰে অনুুষ্ঠানৰ সামৰণি পৰিব। উল্লেখ্য যে, ১৫৪ বছৰ ধৰি অনুষ্ঠিত হৈ অহা ক্ষেত্ৰী গাঁৱৰ ৰুক্মিণী হৰণ নাটকত অঞ্চলটোৰ শিশু শিল্পীসকলেহে অভিনয়ত অংশগ্ৰহণ কৰাৰ পৰম্পৰা আছে।

চকলাঘাট ক্ষেত্ৰী গাঁৱত ১৫৪ বছৰীয়া পৰম্পৰাৰে 'ৰুক্মিণী হৰণ' ভাওনা
লংকাৰ ছামবাৰীত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in