চেচামুখত ৪ নিচাসক্তক উত্তম-মাধ্যম ৰাইজৰঃ গতাই দিলে আৰক্ষীক

চেচামুখত ৪ নিচাসক্তক উত্তম-মাধ্যম ৰাইজৰঃ গতাই দিলে আৰক্ষীক

author-image
Asomiya Pratidin
New Update
চেচামুখত ৪ নিচাসক্তক উত্তম-মাধ্যম ৰাইজৰঃ গতাই দিলে আৰক্ষীক

ডিজিটেল সংবাদ,নগাঁও: নগাঁৱত নিচাযুক্ত সামগ্ৰী সৰবৰাহ অব্যাহত থকাৰ সামান্তৰালকৈ নিচাসক্তৰ সংখ্যা অভাৱনীয়ভাবে বৃদ্ধি পাইছে। ড্ৰাগছ সেৱনকাৰীৰ বাবেই বহু পৰিয়ালত অশান্তিৰ সৃষ্টি হোৱাৰ লগতে গাঁও সমূহত পৰিবেশ বিনষ্ট হৈছে। ফলস্বৰূপে ড্ৰাগছ সেৱনকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে অতীষ্ঠ ৰাইজে।

ইয়াৰ অংশ হিচাপে মঙলবাৰে নগাঁৱৰ সমীপত ডিমৰুগুৰিৰ চেচামুখত গাঁৱৰ ৰাইজে ড্ৰাগছ সেৱনকাৰীৰ বিৰুদ্ধে অভিযান চলায়। অভিযানত ৰাইজে ড্ৰাগছ সেৱন কৰি থকা ৪ জন যুৱকক প্ৰত্যক্ষ কৰি যুৱক কেইজনক আটক কৰি উত্তম-মাধ্যম শোধায়‌।

ইয়াক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। লগে লগে স্থানীয় ৰাইজে ড্ৰাগছ সেৱনকাৰী কেইজনক ইটাচালি আৰক্ষীক চমজাই দিয়ে। ৰাইজৰ প্ৰহাৰত যুবক কেইজন সামান্য আহত হয়। ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইজন হ'ল দিপাংকৰ শইকীয়া,প্ৰশান্ত দাস,পবিত্ৰ বৰা আৰু বসন্ত কুমাৰ কলিতা।

আৰক্ষীয়ে অধিক তথ্যৰ বাবে চাৰিওজনকে জেৰা অব্যাহত ৰাখিছে। আৰক্ষীয়ে ড্ৰাগছ সেৱনত ব্যৱহাৰ কৰা চিৰিঞ্জ ,টেমা আদি তেওঁলোকৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে এই যুৱক কেইজনে গাঁওখনক ড্ৰাগছৰ ঘাটিলৈ ৰূপান্তৰ কৰি একাংশ যুৱকক ড্ৰাগছ সেৱনৰ বাবে উৎসাহিত কৰি আহিছিল।

Also Read: 'বটদ্ৰৱা সাংবাদিক সন্থা'ৰ কাৰ্যালয় গৃহৰ মুকলি অনুষ্ঠান

nagaon