বাৰপূজীয়াত ৪২ৰ শ্বহীদ হেমৰাম পাটৰ আৰু গুণাভিৰাম বৰদলৈক সশ্ৰদ্ধ সোঁৱৰণ

বাৰপূজীয়াত ৪২ৰ শ্বহীদ হেমৰাম পাটৰ আৰু গুণাভিৰাম বৰদলৈক সশ্ৰদ্ধ সোঁৱৰণ
Published on
Updated on

ডিজিটেল সংবাদ,ৰহা: ৰহাৰ বাৰপূজীয়াত ৪২ৰ শ্বহীদ হেমৰাম পাটৰ আৰু গুণাভিৰাম বৰদলৈক সশ্ৰদ্ধ সোঁৱৰণ। সোমবাৰে বিস্তৃত কাৰ্যসূচীৰে বাৰপূজীয়াত এই স্মৃতি দিৱস পালন কৰা হয়। এই উপলক্ষে শ্বহীদ হেমৰাম পাটৰ আৰু গুণাভিৰাম বৰদলৈৰ প্ৰতিমূৰ্তিস্থলীত দুখনকৈ পতাকা উত্তোলন কৰা হয়।

পতাকা উত্তোলন কৰে ক্ৰমে ৰহা আৰু মৰিগাঁও সমষ্টিৰ বিধায়ক শশীকান্ত দাস আৰু ৰমাকান্ত দেউৰীয়ে। ইয়াৰ পিছতে বন্তি প্ৰজ্বলন আৰু প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰে ক্ৰমে তিৱা স্বায়ত্ব পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰণৱজ্যোতি মছৰং আৰু বিধায়ক ৰমাকান্ত দেউৰীয়ে। এই শ্বহীদ স্মৃতি দিৱসৰ উপলক্ষে বাৰপূজীয়া তিনিআলিত ভাৰত ত্যাগ আন্দোলনৰ পটভূমিত এক দৃশ্যপট প্ৰদৰ্শন কৰা হয়।

লগতে ছাত্ৰ-ছাত্ৰীৰ মাজত এক চিত্ৰাংকন প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়। উল্লেখ্য যে ১৯৪২ চনৰ ২৬ আগষ্টত ৰহাৰ জোঙালবলহু গড়ত বৃটিছৰ উজনি-নামনি যোগাযোগ বিচ্ছিন্ন কৰিবলৈ দলং জ্বলাবলৈ যাওঁতেই ইংৰাজে গুলীয়াই নিহত কৰে হেমৰাম পাটৰ আৰু গুণাভিৰাম বৰদলৈক। একেদৰে শ্বহীদ স্মৃতি উদযাপন সমিতিয়ে বাৰপূজীয়াৰে ভাৰত ত্যাগ আন্দোলনৰ আন এজন শ্বহীদ তিলক ডেকাৰ স্মৃতি দিৱস অহা ২৮ আগষ্টত আয়োজন কৰা হৈছে।

বাৰপূজীয়াত ৪২ৰ শ্বহীদ হেমৰাম পাটৰ আৰু গুণাভিৰাম বৰদলৈক সশ্ৰদ্ধ সোঁৱৰণ
ভাৰতৰ মছলাৰ উৎপাদন-ৰপ্তানিৰ উন্নীতিকৰণৰ বাবে স্পাইচ ব'ৰ্ডৰ বিশেষ আঁচনি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in