বাৰপূজীয়াত ৪২ৰ স্বাধীনতা আন্দোলনৰ ত্ৰিশ্বহীদ দিৱস উদযাপন

বাৰপূজীয়াত ৪২ৰ স্বাধীনতা আন্দোলনৰ ত্ৰিশ্বহীদ দিৱস উদযাপন

author-image
Asomiya Pratidin
New Update
বাৰপূজীয়াত ৪২ৰ স্বাধীনতা আন্দোলনৰ ত্ৰিশ্বহীদ দিৱস উদযাপন

ডিজিটেল সংবাদ, বেবেজীয়া: ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ ৪২ৰ ভাৰত ত্যাগ আন্দোলনৰ কাৰ্যসূচীত সমগ্ৰ দেশজুৰি ব্যাপক প্ৰভাৱ পৰিছিল। উত্তৰ পূৰ্বাঞ্চলৰ অসমৰ গাঁৱে ভূঞে বিদ্ৰোহৰ অগ্নি জ্বলি উঠিছিল। ১৯৪২ চনৰ ২৬ আগষ্টৰ নিশা বাৰপূজীয়াৰ মুক্তি যোদ্ধা শ্বহীদ হেমৰাম পাতৰ আৰু গুণাভিৰাম বৰদলৈয়ে ৰহা থানাৰ অন্তৰ্গত জোঙাল বলহু গড়ৰ সমীপত ৰহা থানাৰ তহলদাৰী বৃটিছ সৈনিকৰ নিৰ্বিচাৰ গুলীত প্ৰাণ আহুতি দিছিল আৰু ইয়াৰ তাৰ এদিন পাছত অৰ্থাৎ ২৮ আগষ্টৰ নিশা বাৰপূজীয়া তিনিআলিৰ পহৰাৰ দ্বায়িত্বত থকা বাৰপূজীয়া নিজমিকিৰ গাঁৱৰ পাহুৱাল ডেকা বীৰ তিলক ডেকাই শিখা ফুকি ৰাইজক সজাগ কৰি থকা অৱস্থাতে তহলদাৰী বৃটিছ সেনাই গছত বান্ধি শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিছিল।

উক্ত তিনিগৰাকী বীৰ শ্বহীদৰ পবিত্ৰ স্মৃতিত অঞ্চলৰ ৰাইজে অতি শ্ৰদ্ধা ভক্তিৰে তেতিয়াৰ পৰাই দুয়োটা দিন শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে। দেশ স্বাধীন হোৱাৰ পাছত এই শ্বহীদ দিৱস উদযাপনত প্ৰশাসনেও সহযোগিতা আগবঢ়াই আহিছে। এই বছৰো কাৰ্যসূচী অনুসৰি ২৬ আগষ্টত হেমৰাম পাতৰৰ আবক্ষ মূৰ্ত্তিৰ প্ৰাঙ্গনত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে, আৱক্ষ মূৰ্তিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলিৰ শুভাৰম্ভ কৰে তিৱা স্বায়ত্ব পৰিষদৰ ই এম প্ৰনৱ মছৰঙে।

শ্বহীদ গুণাভিৰাম বৰদলৈৰ আৱক্ষ মূৰ্তিৰ প্ৰাঙ্গনত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে, আৱক্ষ মূৰ্তিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলিৰ শুভাৰম্ভ কৰে বলো ডেকাৰজাই। অঞ্চলৰ সকলো ৰাইজ, সকলো শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থকা অনুষ্ঠানটিত অঞ্চলৰ তিনিগৰাকী বীৰ শ্বহীদৰ মৃত্যুৰ স্থিৰ দৃশ্য পট কুমুদ চন্দ্ৰ বৰদলৈ পৰিচালনাত মৌন কলা নিকেতনে প্ৰদৰ্শন কৰি অতীত স্মৃতি জীৱন্ত ৰূপত দাঙি ধৰিছিল।

ছাত্ৰ-ছাত্ৰীৰ জৰিয়তে দেশপ্ৰেমমূলক গীতত নৃত্য প্ৰদৰ্শন কৰা হয়। উদ্যোগক্তা সমিতিৰ সভাপতি শালিনী পৰাশৰ(খণ্ড উন্নয়ন বিষয়া), কাৰ্যকৰী সভাপতি টুলটুল ডেকা, সম্পাদক হৰেশ্বৰ পাতেৰে আজি ২৬আগষ্টৰ কাৰ্যসূচী সফল ৰূপায়নৰ কৃতজ্ঞতা জ্ঞাপন কৰি আগন্তুক ২৮ আগষ্টৰ কাৰ্যাসূচীতো সকলোৰে সহযোগিতা কামনা কৰে।

উল্লেখ্য যে শ্বহীদ হেমৰাম পাতৰৰ আৱক্ষ মূৰ্তিৰ সন্মুখত অতি ব্যস্ত এটা পথৰ দাঁতিত ছাত্ৰ-ছাত্ৰীসকলক ২ঘণ্টাৰ অধিক সময় থিয় কৰাই কাৰ্যসূচী ৰূপায়নত পলম কৰা কাৰ্যত উদ্বেগ প্ৰকাশ ভবিষ্যতে এনে হ'ব নালাগে বুলি উল্লেখ কৰিছে সচেতন মহলে।

Also Read: মণিপুৰত সংঘটিত গুলীচালনাত জড়িত ৫ জনক গ্ৰেপ্তাৰ

barapujiya