ডিজিটেল সংবাদ,লামডিংঃ লামডিঙত সক্ৰিয় হৈ পৰিছে ৰেলৱে সামগ্ৰী সৰবৰাহকাৰী চক্ৰ। শুকুৰবাৰে আৰ পি এফ (ৰেল সুৰক্ষা বাহিনী)ৰ চি আই বি দলে অভিযান চলাই লামডিঙৰ বৰলংফাৰৰ পৰা গুৱাহাটী অভিমুখে যোৱা এখন ট্ৰাকৰ পৰা ৩১ টন চোৰাং লোহা জব্দ কৰে। ৰেল সুৰক্ষা বাহিনীয়ে ঘটনা সংক্ৰান্তত ইতিমধ্যে ৫জন লোকক আটক কৰিছে।
ঘটনাৰ বিৱৰণী মতে আৰ জে ০৫ জি বি ৪৪১৬ নম্বৰৰ ট্ৰাকখনৰ জৰিয়তে ৰেলৰ শ্লিপাৰ অবৈধভাবে সৰবৰাহ কৰোতেই ৰেল সুৰক্ষা বাহিনীৰ চি আই বি দলে ট্ৰাকখন জব্দ কৰে। লগতে ৫জনকৈ লোকক আটক কৰে। আটকধীন লোক কেইজন ক্ৰমে মলয় পাল, পুষ্পপেন্দ্ৰ কুমাৰ,মুকেশ কুমাৰ, অনিল কুমাৰ আৰু ৰতন দাস বুলি জানিব পৰা গৈছে।
এই ঘটনা সংক্ৰান্তত ৰেলৱে সুৰক্ষা বাহিনীয়ে নিজাববীয়াকৈ ৫/২০২৪ u/s ৩(a)RP(up) Act অধীনত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। আটকাধীন লোককেইজনক সোধাপোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। আটকাধীন ৫ জন এছ.কে. মিডদিয়া এণ্ড কো. আৰু মণ্ডল ট্ৰেডাৰ্চৰ বুলি জানিব পৰা গৈছে ৷
আটকাধীন মলয় পাল এছ.কে.মিডদিয়া এণ্ড কো. ৰ চুপাৰভাইজাৰ হিচাপে কৰ্মৰত। উক্ত কোম্পানীৰে চালক হেণ্ডিমেন আৰু ট্ৰাকৰ মালিককো আৰপিএফে ইতিমধ্যে আটক কৰিছে ৷ লগতে ৰেলৱে সুৰক্ষা বাহিনীয়ে এখন নম্বৰ বিহীন ট্ৰেক্টৰো জব্দ কৰিছে ৷ এনেদৰে চোৰাং ভাবে ৰেলৰ লোহা সৰবৰাহ তথা বিক্ৰী কৰাৰ আঁৰত ৰেলৰ একাংশ বিষয়া কৰ্মচাৰী জড়িত থকাৰো অভিযোগ উত্থাপন হৈছে।
Also Read: নগাঁৱত নিযুত মইনা আঁচনিৰ শুভ উদ্বোধন...