নগাঁও-বৰক'লাত শ্ৰীশ্ৰী গুৰু নানকৰ ৫৫৪ সংখ্যক জয়ন্তী উদযাপন

নগাঁও-বৰক'লাত শ্ৰীশ্ৰী গুৰু নানকৰ ৫৫৪ সংখ্যক জয়ন্তী উদযাপন
Published on
Updated on

ডিজিটেল সংবাদ,বেবেজীয়া : শিখ ধৰ্মৰ প্ৰৱৰ্তক শ্ৰীশ্ৰী গুৰু নানকৰ ৫৫৪ সংখ্যক জয়ন্তীভাগ নগাঁৱৰ ফৌজদাৰীপট্টিস্থিত গুৰুদ্বাৰত শিখ ধৰ্মালম্বী লোকসকলে অতি উলহ-মালহেৰে উদযাপন কৰে ৷ সোমবাৰে পুৱা আৰম্ভ হোবা চৱত কীৰ্তনেৰে দিনটোৰ কাৰ্যসূচী মুকলি কৰা হয়।

দিনৰ ১-৩০ বজাত আৰম্ভ হোৱা মুকলি অনুষ্ঠান আৰু শিখ গুৰুজনাৰ বাণী আৰু দৰ্শনৰ ওপৰত বহুকেইজন বিশিষ্ট ব্যক্তিয়ে আলোকপাত কৰে । ফৌজদাৰীপট্টি গুৰুদ্বাৰ পৰিচালনা সমিতিৰ সভাপতি দেৱেন্দ্ৰ সিঙে আঁত ধৰা অনুষ্ঠানটিত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি কয় “এটা জাতিক আগুৱাই নিবলৈ সময়ে সময়ে একো একোজন গুৰুৰ আৰ্বিভাৱ হয়। সেইদৰে শিখ ধৰ্মৰ বাণী প্ৰচাৰৰ উদ্দেশ্যে শিখগুৰু গুৰুনানকৰ আবিৰ্ভাৱ হৈছিল ।

মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ দৰেই শিখজাতিক আগুৱাই নিবলৈ অগ্ৰণী ভূমিকা লৈছিল । বিধায়ক শৰ্মাই নগাঁৱৰ গুৰুদ্বাৰ উন্নয়নৰ বাবে সকলো সময়তে সহযোগীতা আগবঢ়াই যাবলৈ প্ৰস্তুত বুলি উল্লেখ কৰে ।

অনুষ্ঠানত গুৰুজনাৰ জীৱন আৰু কৃতি আলোকপাত কৰি মতামত আগবঢ়াই অৱসৰপ্ৰাপ্ত উপায়ুক্ত চন্দ্ৰমোহন কাকতিয়ে। অনুষ্ঠানত প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা,বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতি,সঞ্জয় খেতাৱত,হৰভজন সিং আদি উপস্থিত থাকে। নগাঁও গুৰদ্বাৰৰ কৃষান সিঙে ভক্তি মূলক গীত মাত পৰিবেশন কৰি অনুষ্ঠানটি জীপাল কৰি তোলে ।

উল্লেখ্য যে আজিৰ এই অনুষ্ঠানতে চৰ্দাৰ চন্দন সিঙৰ ৰচিত “গুৰু নানক জ্যোতি” গ্ৰন্থ খনি উন্মোচন কৰে প্ৰাক্তন উপায়ুক্ত চন্দ্ৰমোহন কাকতিয়ে । শিখগুৰু গুৰু নানকৰ ৫৫৪ সংখ্যক জন্মোৎসৱৰ এই অনুষ্ঠানত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় তিনি সহস্ৰাধিক শিখ ধৰ্মীয় লোক উপস্থিত থাকে । আনহাতে,বৰক'লা কেন্দ্ৰীয় গুৰুদ্বাৰটো পুৱাৰে পৰা সন্ধিয়া পৰ্যন্ত গুৰুনানকৰ জন্মোৎসৱ ভাগ উদযাপন কৰা হয় ।

নগাঁও-বৰক'লাত শ্ৰীশ্ৰী গুৰু নানকৰ ৫৫৪ সংখ্যক জয়ন্তী উদযাপন
সৰভোগত শিল্পীৰ বাহনত শিলগুটি মাৰি দুৰ্বৃত্তই ভাগিলে আইনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in