ডাক টিকটৰ পৰা বহু সৃষ্টিশীল সাহিত্যৰ সৃষ্টি হৈছে ; সৃষ্টি হৈছে ইতিহাস-আজন্ম প্ৰেমৰ : উপাচাৰ্য ড° মৃদুল হাজৰিকা

ডাক টিকটৰ পৰা বহু সৃষ্টিশীল সাহিত্যৰ সৃষ্টি হৈছে ; সৃষ্টি হৈছে ইতিহাস-আজন্ম প্ৰেমৰ : উপাচাৰ্য ড° মৃদুল হাজৰিকা

author-image
Asomiya Pratidin
New Update
ডাক টিকটৰ পৰা বহু সৃষ্টিশীল সাহিত্যৰ সৃষ্টি হৈছে ; সৃষ্টি হৈছে ইতিহাস-আজন্ম প্ৰেমৰ : উপাচাৰ্য ড° মৃদুল হাজৰিকা

ডিজিটেল সংবাদ,নগাঁও : নগাঁৱৰ আয়ুসৰেখা হিচাপে পৰিচিত তথা নগাঁও চহৰৰ মাজেৰে বৈ যোৱা ঐতিহাসিক কলং নৈক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে নগাঁৱৰ প্ৰধান ডাকঘৰে গ্ৰহণ কৰিছে এক অভিনৱ পদক্ষেপ। ইয়াৰ অংশ স্বৰূপে নগাঁও ডাক সংমণ্ডলৰ উদ্যোগত “কলংপ্ৰেক্স -২০২৩” জিলাভিত্তিক শীৰ্ষক এখনি ডাক টিকট প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে ।

তদুপলক্ষে শুকুৰবাৰে দিনৰ ১২-০০বজাৰ পৰা বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এখনি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ইয়াৰ পাছতে বিয়লি ৩:৩০ বজাৰ পৰা আৰম্ভ হয় মুকলি সভা আৰু প্ৰতিযোগি সকলক মানপত্ৰ আৰু বঁটা বিতৰণী অনুষ্ঠান ।

মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য ড° মৃদুল হাজৰিকা,নগাঁও(অটনমাছৰ) মহাবিদ্যালয়ৰ অধ্যক্ষ শৰৎ বৰকটকী,যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক অৰূপজ্যোতি মহন্ত,সহকাৰী ডাক অধীক্ষক নগাঁও প্ৰধান ডাকঘৰৰ হিফজুৰ ৰহমানকে প্ৰমুখ্যে কৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল।

সভাত ডাক বিভাগৰ এই প্ৰদৰ্শনীৰ সন্দৰ্ভত শ্ৰীমন্তশঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° মৃদুল হাজৰিকাই কয় যে- মোৰ স্মৃতি ৰোমন্থন হৈছে ডাক বিভাগৰ সেই ৰঙা প’ষ্ট বস্কটো। সৰুতে যেতিয়াই আমি ৰঙা প’ষ্ট বস্কটোত চিঠি প’ষ্ট কৰিবলৈ যাওঁতে বহু কথা মনত পেলাই দিয়ে।

ফিলাটেলীৰ সেই সৰু টিকটটোত কেনেকৈ আঠা লগাই দিয়াৰ পাছতে কিমান আবেগ কঢ়িয়াই লৈ যায় এখন দেশৰ পৰা আন এখন দেশলৈ এই ডাক টিকটে। সাম্প্ৰতিক সময়ত বৰ্তমান কেনেকৈ আমাক ডিজিটেল জগতখনে সাঙুৰ খোবাই পেলালে আমি সকলোবে পাহৰি পেলালো। ডাক বিভাগৰ মাজত বহু সৃষ্টি জৰিত হৈ আছে ।

ডাক টিকটৰ পৰা সৃষ্টি হৈছে বহু কবিতাৰ,বহু সৃষ্টিশীল সাহিত্যৰ ৷ সৃষ্টি হৈছে ইতিহাস- প্ৰেমৰ ৷ ডাক টিকটৰ ফিলাটেলীৰ মাজত এটা জাতিৰ বা এটা অঞ্চলৰ গৌৰৱময় ঐতিহ্য বিৰাজমান হৈ থাকে ৷

ডাক টিকটৰ এই সৌন্দৰ্য আমি অনুভৱ কৰিব লাগিব। সময়ৰ লগত আমি সদায় আগবাঢ়ি যাবই লাগিব। বৰ্তমান কিছু ব্যক্তিগত কুৰিয়াৰ চিচটেমৰ বাবে আমাৰ কিছু ব্যাঘাতো জন্মিছে ৷ টেডিচনেল চিচটেমত ডাক বিভাগে কিছু সালসলনি কৰাৰো প্ৰয়োজন আছে । নগাঁও ডাক বিভাগৰ এই ফিলাটেলী প্ৰদৰ্শনীয়ে নতুন প্ৰজন্মৰ ছাত্ৰছাত্ৰী সকলৰ মাজত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি তেওঁ আশা ব্যক্ত কৰে ।

সভাত উপস্থিত আন এগৰাকী বিশিষ্ট অতিথি ড° শৰৎ বৰকটকীয়ে কয় যে- গোলকীকৰণৰ সময়তো বৰ্তমান ডাক বিভাগে শিৰ ওপৰলৈ কৰি আছে ৷ ঐতিহ্যৰ প্ৰতি আমি ভাৰতবাসীয়ে সদায়ে গুৰুত্ব দিব লাগিব। ডাক বিভাগৰ ফিলাটেলী সন্দৰ্ভত আমি গুৰুত্ব প্ৰদান কৰিব লাগিব ৷

তেওঁ লগতে কয় যে বৰ্তমান সময়ত ডাক টিকটৰ প্ৰভাব কিছু কমি গৈছে যদিও আমাৰ স্কুলীয়া দিনত ডাক টিকটৰ প্ৰভাৱ আৰু প্ৰয়োজনীয়তা অতিকৈ গুৰুত্বপূৰ্ণ আছিল ৷ স্কুলীয়া দিনত ডাক টিকট সংগ্ৰহ কৰি তাৰ গোন্ধটো লবলৈ বৰ ভাল পাইছিলো। গোন্ধটোত যে কিবা এটা লুকাই আছে সেইয়া অনুভৱ কৰিছিলো মোৰ ছোৱালীৰো এটা এক হাজাৰ টকীয়া ফিলাটেলী একাউণ্ট আছিল ৷

বৰ্তমান ছোৱালীৰ এই একাউণ্টো বন্ধ হৈ পৰিছে যদিও তেতিয়া আমাৰ ঘৰলৈ প্ৰায়ে পিয়নজনে ডাক টিকটসমূহ লৈ গৈছিল তেতিয়া মই পুনৰ সেই সৰু কালৰ কথাবোৰ মনত পেলাইছিলো ।বৰ্তমান যদিও বহু ব্যক্তিগত কোম্পানীয়ে ডাক টিকটৰ ব্যৱহাৰত কিছু ম্লান পেলাইছে । তথাপিও যুগযুগান্তৰলৈ ডাক টিকটৰ প্ৰয়োজন আৰু ব্যৱহাৰ অব্যাহত থাকিব বুলি মত ব্যক্ত কৰে ।

সভাত উপস্থিত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক অৰূপজ্যোতি মহন্তই কয়- সৰুতে ফিলাটেলীৰ প্ৰতি আকৃষ্ট হৈ স্কুলীয়া দিনত বহুকেইটা ডাক টিকট সংগ্ৰহ কৰিছিলো। স্কুলত পঢ়ি থকাৰ সময়ত প্ৰায়েই ভাবিছিলো এদিন প’ষ্টমাষ্টৰ হ’ম ৷ যিহেতু আমাৰ কুঠৰীৰ ঘৰৰ কাষতে প’ষ্ট অফিছটো আছিল। সৰুৰে পৰা ডাক বিভাগৰ সৈতে আমাৰ এক আত্মিক সম্পৰ্ক আছিল ৷ সৰুতে চিঠিপত্ৰ লিখি বৰ আমোদ লাভ কৰিছিলো ।

লাহে লাহে যেতিয়া উচ্চ শিক্ষা গ্ৰহণ কৰি চিকিৎসক হ'লো যদিও আজিও ডাক বিভাগৰ প্ৰতি বহু এৰাব নোবাৰা সম্বন্ধ আছে । কঠীয়াতলিত কৰ্মৰত সময়ত প্ৰায়ে হ'বলগীয়া মানুহগৰাকীলৈ চিঠিৰ আদান প্ৰদান হৈছিল। তেতিয়া সদায় দুপৰীয়া কঠীয়াতলিৰ চিকিৎসালয়ৰ পদুলীত ৰৈ নীলা খামৰ সেই চিঠিখন কেতিয়া ডাকোৱালজনে কেতিয়া কঢ়িয়াই আনে তালৈ বৰ আশাৰে বাটচাই আছিলো বুলি স্মৃতি ৰোমন্থন কৰে চিকিৎসক অৰূপজ্যোতি মহন্তই ৷

অনুষ্ঠানৰ আৰম্ভণিতে আদৰণি ভাষণ আগবঢ়াই নগাঁও ডাক বিভাগৰ সহকাৰী ডাক অধীক্ষক হিফজুৰ ৰহমানে। দেশ-বিদেশৰ ডাক টিকটৰ সম্পৰ্কত উপস্থিত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বহু সাৱলীল বক্তব্য আগবঢ়াই ।

“কলংপ্ৰেক্স” শীৰ্ষক অনুষ্ঠানৰ কেনেকৈ জন্ম হ’ল,নগাঁৱৰ জনজীৱনৰ স্পন্দন-আবেগ-নগঞাৰ আয়ুসৰেখাৰ ওপৰত কেনেকৈ চিন্তাচৰ্চা কৰিলে সেইয়া ব্যাখ্যা কৰে ৷ ডাক বিভাগৰ কৰ্মচাৰী অঞ্জন কুমাৰ শৰ্মা আৰু কাঞ্চন জালানে আঁত ধৰা দুদিনীয়াকৈ আয়োজিত এই কলংপ্ৰেক্স-২০২৩ শীৰ্ষক অনুষ্ঠানৰ আৰম্ভণিতে এটি সমবেত সংগীত পৰিবেশন কৰে নগাঁও ডাক বিভাগৰ মহিলা কৰ্মচাৰীসকলে ৷

তাৰ পাছতে কুইজ প্ৰতিযোগিতা আৰু চিত্ৰাংকন প্ৰতিযোগিতাত স্থান লাভ কৰা প্ৰতিযোগীসকলক মানপত্ৰ স্মাৰক প্ৰদান কৰে উপস্থিত বিশিষ্ট ব্যক্তি সকলে ৷ অনুষ্ঠানৰ শেষত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফিলাটেলী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা তথা অমৃতপ্ৰেক্স- ২০২৩ বঁটা লাভ কৰা গুৱাহাটীৰ বিশাল সাংঘানীয়া আৰু শিলচৰৰ সুমন দে’ৰ লগতে যোৰহাটৰ ৰঞ্জিত গগৈ,পৰাগজ্যোতি কোঁৱৰ,নগাঁৱৰ তৰুণ চন্দ্ৰ বৰা,মনালিছা বৰা,বিজয়ানন্দ বৰা,দেৱাস্মৃতা বৰা,জয়শ্ৰী দেৱীক এখনিকৈ ফুলাম গামোচা,মানপত্ৰ,স্মাৰকৰে সম্বদ্ধৰ্না জনোবা হয় । ডিফু সংমণ্ডলৰ সহকাৰী ডাক অধীক্ষক দেবব্ৰত বৰাই শলাগৰ শৰাই আগবঢ়োবাৰ পাছতে কলংপ্ৰেক্স-২০২৩ শীৰ্ষক অনুষ্ঠানৰ সফল সামৰণি পৰে ৷

Also Read: চেপেনাকোবোৱা ৰাজহুৱা নাট্য মন্দিৰত ৰাসৰ প্ৰস্তুতি

post office